নীলা খামৰ চিঠি-ইলি তালুকদাৰ

মৰমৰ,         মৰম ল’বা।কেনে আছা?মৰম ল’বলৈ কৈছোঁ যদিও মোৰ মৰম ল’বলৈ তোমাৰ সময়,ইচ্ছা আছে নে নাই সেয়াও নাজানো।তোমালৈ আজি কি লিখোঁ ভাবি পোৱা নাই।কয় নহয় বোলে অন্তৰ যেতিয়া ভাবেৰে পূৰ্ণ হৈ থাকে তেতিয়া শব্দ নোলায়,শব্দ কম হয়।মোৰো আজি একেই অৱস্থা।তথাপিও মনৰ কথাবোৰ পাতল কৰিবলৈ আগৰ দৰেই আজিও কলম তুলি লৈছোঁ। আজি বহুত পুৰণি কথা মনত পৰিছে অ’।মোৰ তেতিয়া বয়সনো কিমান?পুষ্পিতা হৈ উঠিছোঁ হে। আমাৰ সেই দিনত পুষ্পিতা হোৱাৰ চাৰিদিনৰ দিনা তোলনী বিয়া পাতিছিল।কলগছৰ তলত নোৱাই-ধোৱাই কইনাৰ সাজেৰে সজাই পৰাই তোলা দেহটো

Read more

প্ৰণতিৰ চিঠি-সমুজ্জ্বল কাশ্যপ

প্ৰণতি, মৰম লʼবা। বিয়াৰ দিন তেনেই ওচৰ চাপিল। বিয়াৰ আগত এইখন লিখি কিনো ক’বলৈ ওলাইছো বুলি ভাবিছা ছাগে, নহয়নে?  আচলতে কেইটামান কথা আছিল, কেনেদৰে আৰম্ভ কৰোঁ ভাবিহে পোৱা নাই। এইসময়ত এইবোৰ কিমান উচিত হ’ব সেয়াও নাজানো, কিন্তু বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ আগতে দুটামান কথা তোমাক জনোৱা মোৰ কৰ্তব্য বুলি ভাবিছোঁ।  বাৰু, এটা সাধু কওঁ শুনা –  কেইবছৰমান আগৰ কথা।   সেইদিনা বতৰটো ডাৱৰীয়া। গৰুহাল এৰি দি ঘনকান্ত ডেকাই নাঙলটো লৈ পথাৰৰপৰা ঘৰলৈ আহি আছিল। তেনেতে পথাৰৰ দাঁতিত আধাখোলা অৱস্থাত

Read more

গীতাৰদ্বাৰা প্ৰভাৱান্বিত হোৱা মহান বিজ্ঞানীসকল-বিজয়া শৰ্মা

মানুহক শুদ্ধ পথত জীৱন জীয়াই থকাৰ ৰাস্তা  দেখুওৱা একমাত্ৰ গ্ৰন্থখনেই হৈছে ‘গীতা’। যেতিয়া মানুহৰ মনত দুবিধা উৎপন্ন হয় বা কিবা নিৰ্ণয় ল’বলৈ অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হয় এই সকলোবোৰৰ সমাধান একমাত্ৰ গীতাই হে দিব পাৰে। গীতাৰ ওচৰতে আছে সকলো সমস্যাৰ সমাধান। সমগ্ৰ  মানবজাতিৰ  এক যুগজয়ী অমূল্য সম্পদ হিচাবে গীতাক গণ্য কৰা হয়। অকল ভাৰতৰেই নহয় পৃথিৱীৰ কেইবাজনো বিখ্যাত বিজ্ঞানী গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। প্ৰাচীন কালত  প্ৰাচ্যৰ চীন দেশ আৰু জাপানৰ পিছত পাশ্চাত্য দেশ বোৰত গীতাৰ প্ৰভাৱ বিস্তাৰ হৈছিল।ভাৰতত বছৰচেৰেক থকা  ধৰ্ম যাজক

Read more

কুইজৰ ‘অ আ ক খ’ আৰু দীপাংকৰ কৌশিক-ৰাহুল দত্ত

” কুইজ হৈছে তথ্যক আধাৰ কৰি মগজুৰ খেল, তাৎক্ষণিক জ্ঞানৰ পৰীক্ষা “- দীপাংকৰ কৌশিক সমগ্ৰ অসমৰ কুইজ জগতৰ এটি জনপ্ৰিয় নাম দীপাংকৰ কৌশিক।নলবাৰী জিলাৰ আৰিকুছিৰ মাধাপুৰত জন্মগ্ৰহণ কৰা কৌশিক ডাঙৰীয়াৰ কুইজৰ যাত্ৰা আৰম্ভ হৈছিল মোমায়েকহঁতৰ গাঁও (নন্দগাঁও) ৰ বিহু সন্মিলনীৰ কুইজ প্ৰতিযোগিতাৰ জৰিয়তে। চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়ত এই যাত্ৰা আৰম্ভ কৰিছিল তেওঁৰ মাহীয়েক মিনিমা দেৱীৰ উৎসাহত। জীৱনৰ সেই প্ৰথমখন কুইজ প্ৰতিযোগিতাত খেল আৰু সাহিত্য বিষয়ৰ ৰাউণ্ডৰ জৰিয়তে লাভ কৰা সাফল্যই তেওঁক উৎসাহ প্ৰদান কৰিছিল আগুৱাই যোৱাত।  ১৯৬৭ চনত অধ্যাপক

Read more

অনুভৱ-কৌশিক নন্দন বৰুৱা

“কিছুমান মানুহক কিবা এটা ভাল লাগে।” এই যে ক’ৰবালৈ গৈ পায়েই মাকক ফোন কৰি কোৱা ল’ৰাটো, “মা মই পালোঁহি দেই।”……কিবা এটা ভাল লাগে। এই যে ঘৰৰ বাহিৰত থাকি মাকক ফোনত সোধা ছোৱালীজনী, “দেউতাই ঔষধ খাই আছে নে ঠিকমতে?”…..কিবা এটা ভাল লাগে। বহুদিনৰ মূৰত লগ পাই ….. “কি কৰি আছা এতিয়া, চাকৰি বাকৰি নকৰা নেকি” বুলি নুসুধি….. “ঘৰত ভাল নে সকলোৰে, মাৰ অসুখটো কমিছে নে?”… বুলি সোধা মানুহজনক কিবা এটা ভাল লাগে। এই যে চিনাকি বা অচিনাকি কাৰোবাৰ কেঁচুৱা এটা দেখিয়েই

Read more

ড০ এ. পি. জে. আব্দুল কালাম-কুঞ্জ খাউণ্ড

ভাৰতৰ  মিছাইলমেন খ‍্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি, মহাকাশ বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত  তামিলনাডুৰ ৰামেশ্বৰমত।দেউতাক আছিল জয়নাল আবেদিন আৰু মাতৃৰ নাম আছিল আচিয়াম্মা। পিতৃ-মাতৃ দুয়ো আক্ষৰিক অৰ্থত শিক্ষিত নাছিল, কিন্তু আছিল সংস্কাৰী আৰু উচ্চ আৰ্দশৰদ্বাৰা পৰিচালিত দুজন ব্যক্তি।চাৰিজন ভাই-ককাই আৰু এজনী ভনীয়েকৰ সৈতে মৰম -স্নেহৰ আবেষ্টনীত তেওঁ ডাঙৰ দীঘল হৈছিল। এক বৰ্ণাঢ্য জীৱনৰ গৰাকী হ’লেও আব্দুল কালামে বহু সমস্যাৰ মাজত শৈশৱ অতিবাহিত কৰিছিল। শৈশৱত আৰ্থিকভাৱে বহু সমস্যাৰ মুখামুখি হৈছিল কালাম। কালামৰ পিতৃ জয়নাল আবেদিন

Read more

মগৰ-মানৱ-সমুজ্জ্বল কাশ্যপ

নেপচুন ভৱনৰপৰা ইন্টাৰপ্লেনেট ভিছাখন লৈ দৌৰা-দৌৰিকৈ ঘৰ পালোঁহি।খবৰটো মানুহজনীক সোনকালে জনাব লাগে।বৰ আগ্ৰহেৰে ৰৈ আছে তেওঁ! : অ’ ৰা শুনিছানে? টিকট পালোঁ হে। : হয় নেকি? মানে এইবাৰ যাব পাৰিম,ন? : পাৰিম পাৰিম, টালি-টোপোলা বন্ধাৰহে কথা এতিয়া। সোনকাল কৰা বুজিছা, পোন্ধৰদিন পিছতে আমাৰ যোৱাৰ দিন পৰিছে। : ইয়ে হয়?ব’লা ব’লা লাগি যাওঁ! তিনিবছৰৰপৰা দুয়ো নেপচুনলৈ যোৱাৰ চেষ্টা কৰি আছোঁ।নেপচুনত লগৰবোৰে ইতিমধ্যে মাটিবাৰী কিনিলেগৈ হেনো! আমাৰহে ‘ইন্টাৰপ্লেনেট ভিছা’খন হোৱা নাছিল।ভাষাটোৱেই শিকিব পৰা নাছিলোঁ।গৈ পোৱাৰ পিছত লাহে ধীৰে এডজাষ্ট হৈ যাব যদিও

Read more

পৰম্পৰা বা লোকাচাৰ…..ছয়দিনীয়া ৰখা-কমলা দাস

অতীজৰেপৰাই আমাৰ সমাজত ঠাই বিশেষে কিছুমান পৰম্পৰা বা লোকাচাৰ চলি আহিছে।এখন ঠাইৰ পৰম্পৰা আন এখন ঠাইৰ লগত নিমিলিবও পাৰে।এই পৰম্পৰা বা লোকাচাৰে বহু সময়ত এখন সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখে।যুগ যুগ ধৰি চলি অহা এই লোকাচাৰ বা পৰম্পৰাবোৰ কেতিয়া,কেনেকৈ আৰু ক’ৰ পৰা আৰম্ভ হয় সেয়া ভালদৰে কোনেও ক’ব নোৱাৰে।  কিছুমান পৰম্পৰা অৱশ্যে চৰ্চাৰ অভাৱত পাহৰনিৰ গৰ্ভত বিলীনো হৈ যায়। বৰপেটাৰ ফালে জনজীৱনত প্ৰতিফলিত হৈ অহা পৰম্পৰা বা লোকাচাৰৰ বহুখিনি কীৰ্ত্তন-ঘোষাৰ লগত সম্পৰ্ক থকা বুলি ক’ব পাৰি।’পচতি’ নাইবা ‘নন্দ উৎসৱ’ আদিও

Read more

শঙ্কৰদেৱৰ অসম ৰাজ‍্য ত‍্যাগ  আৰু ভাটীলৈ যাত্ৰা-কুঞ্জ খাউণ্ড

অসমীয়া জাতীয় জীৱনলৈ অসামান্য অৱদান আগবঢ়াই এটা জাকত-জিলিকা জাতিলৈ ৰূপান্তৰ কৰি থৈ গ’ল শংকৰদেৱে।সেইজনা মহাপুৰুষৰ অমৰ সৃষ্টি  ‘গুণমালা’।এই গুণমালা ভাগিৰ সৃষ্টিৰ মূলতে হ’ল কোঁচ ৰজা নৰনাৰায়ণ।শঙ্কৰদেৱে নিজ ৰাজ্য অসমৰপৰা কোঁচ ৰাজ‍্যত গৈ কিয় থাকিব লগা হৈছিল তাৰে এটি চমু আভাষ দিব বিচাৰিছোঁ। শঙ্কৰদেৱৰ প্ৰথমা কন‍্যা মনুক হৰিলৈ বিয়া দিছিল আৰু বৰ সুখেৰে আছিল।এনেদৰে ধূৱাহাটতে নাম ধৰ্ম প্ৰচাৰ কৰি মাধৱদেৱ সহিতে সুখেৰে থাকোতেই অসমৰ ৰজাই তেওঁৰ হাতীৰ লেখ এহেজাৰ কৰিবৰ নিমিত্তে নানা ঠাইৰ পৰা হাতী আনি গড় বন্ধাই তাত সুমুৱাই থলে

Read more

সোণোৱালী শৈশৱৰ কেইটামান দিন-প্ৰদীপ বৰা

মোৰ পিতৃৰ জন্মস্থান আছিল যোৰহাটৰ গৰুমৰা নামৰ গাওঁখন।দেউতাই বিয়াৰ পিছত লক্ষিমপুৰৰ ভোলাবড়ী নামৰ ঠাইলৈ উঠি গৈছিল ১৯৫৪/৫৫ চনত।তাতেই মোৰ জন্ম হৈছিল।কেঁচুৱা কালতে মোৰ সম্ভৱ ডেৰ-দুই বছৰত এটি দুৰ্ঘটনা ঘটিছিল।মায়ে ভাত ৰান্ধি দগমগীয়া পকা অঙঠাবোৰ জুহালত থৈ দিছিল।বাইদেৱে মোক কোলাত লৈ জুই ফুৱাই আছিল।পকা অঙঠাবোৰৰ তিৰবিৰণিত মই ভোলগৈ জুইলৈ জাপ দিছিলো।হালি গৈ বাইদেউৰ পিঠিৰ কিছু অংশ দগ্ধ হৈছিল আৰু মোৰ শৰীৰৰ প্ৰায় কুৰি শতাংশ দগ্ধ হৈছিল।বহু দিনলৈ মোক কলপাতত শুৱাই থৈছিল আৰু দেউতাই তেজপুৰৰপৰা শিহুৰ তেল আনি চিকিৎসা কৰিছিল।মোৰ সোঁফালৰ আঁঠুত

Read more
1 2 3 4