সকাহ-মৌচুমী গগৈ
বৰুণ হাজৰিকাই লাহেকৈ বিচনাখনৰ পৰা উঠি আহি খিড়িকীখনৰ কাষতে ৰৈ তললৈ চাই পঠিয়ালে ।তলত মানুহৰ সমাগম যথেষ্ট বেছি ।অহা আহিছে,যোৱা গৈছে।কাৰোবাৰ মুখত চিন্তাৰ ক্লেশ স্পষ্ট আৰু কাৰোবাৰ মুখত এটি হাহিঁ।হস্পিতাললৈ অহা প্ৰতিজন মানুহেই যেন একো একোটি কাহিনী ।কিছুমান কাহিনী দীঘল হয় আৰু কিছুমান খুব সোনকালেই শেষ হৈ যায় ।তেওঁ নিজেও যোৱাকালি আহি হস্পিতালত ভৰ্তি হৈছেহি ।আজি হাৰ্টৰ এটা অস্ত্ৰোপচাৰ হ’ব ।তাৰ পিছত তেওঁৰ কাহিনীটো কিমান দূৰ আগবাঢ়িব ,সেয়া কাৰো জ্ঞাত নহয় ।এটি তপত হুমুনিয়াহ হাজৰিকাৰ বুকু ভেদি ওলাই আহিল ।তেওঁ
Read more