বাজী (The Bet),মূলঃ এণ্টন চেখভ (Anton Chekhov):অনুবাদ-জ্যোৎস্না ৰাণী দাস

(১) সেয়া আছিল এক শৰতকালৰ অন্ধকাৰ নিশা৷ বৃদ্ধ বেংকাৰজনে ইকোণৰ পৰা সিকোণলৈ অস্থিৰভাৱে পায়চাৰি কৰি আছিল তেওঁৰ অধ্যয়নকক্ষত, মনটো তেওঁৰ উৰা মাৰিছিল পোন্ধৰ বছৰ আগতে এনেকুৱা এটা শৰতকালত তেওঁ দিয়া সেই পাৰ্টীটোলৈ৷ তাত আছিল ভালেসংখ্যক বুদ্ধিমান লোক আৰু আমোদজনক কথোপকথনেৰে মুখৰিত হৈ আছিল পাৰ্টীটো৷ তেওঁলোকে আন আন কথাৰ লগতে চৰম শাস্তিৰ (মৃত্যুদণ্ড) বিষয়ে কথা পাতি আছিল৷ অতিথিসকলৰ ভিতৰত বেছ কিছুসংখ্যক পণ্ডিত আৰু সাংবাদিকেই নহয়, উপস্থিত বেছি অংশই মৃত্যুদণ্ডক অপছন্দ কৰিছিল৷ তেওঁলোকে ইয়াক শাস্তি হিচাপে কাল-বিৰুদ্ধ বুলি গণ্য কৰিছিল, যি খ্ৰীষ্টিয়ান

Read more

চোৰটোৰ কাহিনী,ৰাস্কিন ব’ণ্ড :অনুবাদ-চিত্ৰলেখা দেৱী

(ভাৰতীয় লেখক ৰাস্কিন ব’ণ্ডৰ  THE THIEF’S STORY নামৰ ইংৰাজী গল্পৰ অসমীয়ালৈ ভাবানুবাদ )  মই  অনিলক যেতিয়া প্ৰথম লগ পাওঁ মই  এটা চোৰেই আছিলো। যদিও মই  মাত্ৰ পোন্ধৰ বছৰীয়াহে আছিলো  মই  সম্পূৰ্ণ অভিজ্ঞ আৰু দুখন পাকৈত  হাতৰ গৰাকী আছিলো। এখন মালযুঁজ খেল উপভোগ কৰি থাকোঁতে মই প্ৰথম অনিলৰ মুখামুখি হওঁ। তেওঁ প্ৰায় পঁচিশ বছৰীয়া — এজন ওখ-পাখ,  ক্ষীণ-মিন লোক। মোৰ  উদ্দেশ্য  সিদ্ধিৰ বাবে তেওঁক বৰ  সহজ – সৰল  আৰু  দয়ালু  যেন লাগিছিল। মই  বেছি  পলম কৰি সৌভাগ্য হেৰুৱাব নুখুজিলোঁ আৰু  ভাবিলো

Read more

অপেক্ষা,মূল:হুমায়ুন আহমেদ,অনুবাদ-অঞ্জু মহন্ত

বছিৰ মোল্লাৰ  সকলোতকৈ ডাঙৰ গুণ হৈছে তেওঁ কোনো কথাতেই খং নকৰে। খং উঠিবলগীয়া ঘটনা যেতিয়া কিবা ঘটে, তেওঁ সমগ্ৰ চকু-মুখমণ্ডলত একধৰণৰ উদাস ভাৱ প্ৰকাশ কৰি মৃদু কণ্ঠে কয়,”আচ্ছা,আচ্ছা।” খং নকৰা মহৎ গুণটিৰ বাবে তেওঁ একেৰাহে তিনিবাৰ ইউনিয়ন কাউন্সিলৰ চেয়াৰমেন হৈছে,পকীঘৰ সাজিছে। দহ বছৰ আগতে মাটিৰ পৰিমাণ যি আছিল আজি সেয়া বাঢ়ি তিনিগুণ হৈছে। সম্প্ৰতি এখন পাৱাৰ টিলাৰ কিনিছে। বহু দূৰ-দূৰণিৰ পৰা মানুহে চেয়াৰমেন চাহাবৰ ঘৰৰ বাৰান্দাত  পলিথিন কাগজেৰে ঢাকি ৰখা যন্ত্ৰটি চাবলৈ আহে। বছিৰ মোল্লাই যন্ত্ৰটো এতিয়াও পথাৰলৈ নমোৱা নাই।

Read more

দাশুৰ কীৰ্তি,মূল লেখক -সুকুমাৰ ৰায়,অনুবাদ-উপাসা ভাগৱতী

নবিচান্দে স্কুললৈ আহি ক’লে, কালি তাক  হেনো ডকাইতে ধৰিছিল। শুনিয়েই স্কুলৰ সকলোৱেই হা হা কৰি দৌৰি আহিল। ‘ডকাইতে ধৰিছিল। কি কৈছ অ?’ ডকাইত নহয়নো কি? আবেলি সময়ত সি জ্যোতিলালৰ ঘৰলৈ পঢ়িবলৈ গৈছিল, তাৰপৰা ঘূৰি অহাৰ সময়ত ডকাইতে তাক ধৰি তাৰ মূৰত এচাট মাৰিলে, তাৰ নতুন মৰমৰ কাপোৰযোৰত  বোকা পানীৰ ফিচকাৰি মাৰি গ’ল । আৰু যাবৰ সময়ত কৈ গ’ল  মনে মনে থিয় হৈ থাক, নহ’লে ধাৰাম কৰি মূৰটো উৰাই দিম । সেইবাবে সি ভয়ত কম্পিত হৈ ৰাস্তাৰ কাষত প্ৰায় বিশ মিনিট

Read more
1 4 5 6