মই হেনো বিধৱা-ইলি তালুকদাৰ
“মৃত্যুও এক শিল্প জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য…..” জন্ম যিদৰে সঁচা মৃত্যুও ঠিক তেনেদৰে সঁচা। সেইবাবেই উপলব্ধি হয় আমাৰ জীৱনৰ হাঁহি আৰু চকুলোৰ যেন কোনো দাম নাই। মোৰ গৃহস্থৰ কথা কৈছোঁ। আজি তেওঁ আৰু হুলস্থূল নকৰে। এইটো কাম কৰিবলৈ আছে, সেইটো কাম কৰিবলৈ আছে বুলি চিঞৰ-বাখৰ কৰি কোনোজনকে আৰু কোনোদিনেই আমনি নকৰে। প্ৰাইভেট নাৰ্চিংহ’মৰ এটি কোঠাত শুই আছে প্ৰশান্তিৰে। আজি তেওঁৰ কাৰো ওচৰত আক্ষেপ নাই। এযোৰ উজ্জ্বল চকু, গাখীৰত সেন্দূৰ মিহলোৱা যেন শৰীৰৰ ৰং, সকলোৰে বাবে এটা চিনাকি
Read more