আকৰ্ষণ -ঋতুপৰ্ণা দত্ত
“তোক নাপালে মই মৰি যাম।” তাই মোক কাকুতি কৰি ক’লে। কিন্তু…তাই কোৱা কথাবোৰক গুৰুত্ব দিব লগা কথা বুলি মনে নকʼলে।ইমান দূৰ সম্পৰ্কটোত আগবাঢ়ি গৈয়ো মই বেলেগ এটা বাট ল’বলৈ কুন্ঠাবোধ নকৰিলোঁ। নতুন চহৰ,নতুন কলেজ আৰু নতুন আৱেগক জীৱনত প্ৰাধান্য দিয়াটোকে প্ৰয়োজনীয় যেন লাগিল।মই ন আৱেশত ডুব গʼলোঁ।সেই আৱেশৰ নাম আছিল…মৃদু। ঘৰলৈ মাত্ৰ বন্ধবোৰত যাওঁ।তাইৰ লগত মুখামুখি হোৱাৰ আশংকাত গাঁও ফুৰিবলৈ নাযাওঁ।মোৰ লগত প্ৰেম প্ৰেম খেলি সময় নষ্ট কৰি কোনোমতে চুচৰি বাগৰি মেট্ৰিক পাছ কৰা শেৱালীক মই জোৰ কৰি মন মগজুৰপৰা
Read more