অসমত নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া…..হেমচন্দ্ৰ বৰুৱা-ববিতা শৰ্মা

নাৰী আৰু পুৰুষ সমাজৰ দুই প্ৰধান চালিকা শক্তি। দুই স্তম্ভ।উভয়ে উভয়ৰ পৰিপূৰক হৈ নাৰী আৰু পুৰুষ মিলি সমাজ এখন আগবঢ়াই নিয়ে।পুৰুষৰ অবিহনে নাৰী, নাৰীৰ অবিহনে পুৰুষ অসম্পূৰ্ণ।বিশ্ব ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে সভ্যতাৰ বিকাশত নাৰীসকলে পুৰুষৰ সমানেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।এই ক্ষেত্ৰত ভাৰতীয় নাৰীসকলো পিছ পৰি থকা নাই।বৈদিক যুগৰেপৰা ভাৰতীয় নাৰীয়ে সভ্যতাৰ বিকাশত আগবঢ়াই অহা অৱদানৰ সাক্ষী ভাৰতীয় ইতিহাস। বৈদিক যুগৰেপৰা যুগে যুগে ভাৰতীয় নাৰী  ৰাজনীতিৰ পৰা শিক্ষা-সংস্কৃতি, সামৰিক, প্ৰশাসনিক, অৰ্থনীতি তথা সামাজিক ক্ষেত্ৰত স্ব মহিমাৰে জিলিকি আছে।প্ৰাচীন

Read more

বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড° ভূপেন হাজৰিকাৰ অনুপম যোগসূত্ৰ: এক বিশ্লেষণ-ময়ূখী বেজবৰুৱা 

“He who is useful is infinite He who is infinite is immune He who is immune is immortal.” LAOTZO সৌ আকাশত নীহাৰিকা উৰে, কত জীৱন, কত ৰূপৰ, কত গুণৰ বৰ্ণ-গন্ধ-গানৰ সুৰৰ প্ৰকাশ, প্ৰেৰণা মাটি-পানীৰে ৰূপ ল’বলৈ বিষ্ণুভুৱনদ্বাৰ। তাত আশাই কান্দে, ভাষাই কান্দে। তাত হাঁহিয়ে ওঁঠ বিচাৰি মৰে। জ্যোতি-বিষ্ণু যুটি সম্পৰ্কে নানা ঠাইত উল্লেখ আছে, যিদৰে উল্লেখ আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কত জন ষ্টেইনবাকৰ প্ৰভাৱৰ কথা তথা ষ্টেইনবাকৰ নিৰ্ভীক বিশ্লেষণ। সেই একেদৰে ক’বলৈ ওলাইছো, অন্য এক বিশেষ যুটিৰ কথা। এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ

Read more

বৰ্ষাৰণ্য_জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে অন্যতম  প্ৰাকৃতিক প্ৰতিৰক্ষা-চন্দামিতা শৰ্মা

বৰ্ষাৰণ্য বা ৰেইনফৰেষ্ট (Rainforest) হৈছে জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এক অৰণ্য, য’ত অনবৰতে সেমেকা বাতাৱৰণে বিৰাজ কৰে৷ এনে অৰণ্যবিশিষ্ট অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হোৱা দেখা যায়৷ এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। এই অৰণ্য পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাপে চিহ্নিত কৰা হৈছে৷ ১৮৯৮ চনত জাৰ্মান উদ্ভিদবিদ আন্দ্ৰে এফ. ডব্লিউ. (Andreas Franz Wilhelm Schimper) -এ পোনপ্ৰথম ৰেইনফৰেষ্ট শব্দটো ব্যৱহাৰ কৰিছিল তেখেতৰ “Pflanzengeographie” ত৷ বছৰটোৰ সকলো সময় আৰ্দ্ৰ হৈ থকা

Read more

স্বৰ্গদেউ বাকৰিৰপৰা বিহুৰ মঞ্চ যাত্ৰা-বিৰিঞ্চি মহন্ত 

ব’হাগ… প্ৰকৃতি আৰু মানুহৰ মনক সেউজীয়া কৰি তোলা এটা মাহ। অসমীয়াৰ বুকুত আশা সঞ্চাৰিত কৰা এটা শব্দ ব’হাগ। অসমীয়াৰ হৃদয়ত সুপ্ত হৈ থকা আশা, হেঁপাহক জাগ্ৰত কৰি ডেকা-গাভৰুৰ হৃদয়ত প্ৰেমৰো বীজ সিঁচে এই ব’হাগে। বসন্তৰ আগমনে প্ৰকৃতিৰ বুকুলৈ অভাৱনীয় আৰু অতুলনীয় সৌন্দৰ্য কঢ়িয়াই আনে। ওন্দোলিত মেঘৰ বুকু ফাটি বৈ অহা জলধাৰাই সিক্ত কৰি তোলা প্ৰকৃতিৰ দেহত নতুনৰ বীজ অংকুৰিত হয়।শস্যে-মৎস্যে সগৰ্ভা হৈ পৰে বসুন্ধৰা।  ঢোল-পেঁপা,গগনাৰ মাতে অসমৰ আকাশ-বতাহ মুখৰিত কৰি তোলা ব’হাগ বিহু এক সাৰ্বজনীন প্ৰাকৃতিক উৎসৱ। বিহু অসমীয়াৰ হিয়াৰ

Read more

গৰু বিহু:  ভাৰতীয় কৃষি ভিত্তিক সংস্কৃতিৰ এক বর্ণময় দিশ-বৰষা ডেকা

ব’হাগ বিহুৰ মূল তাৎপৰ্য হৈছে প্ৰকৃতিৰ পৰিৱৰ্তনমুখী যাত্ৰা পথত কৃষিয়ে যাতে চহা জীৱন যাত্ৰাক সূচল কৰি তুলিব পাৰে তাৰ বাবে ভৱিষ্যমুখী আশাক সজীৱ কৰি তোলা।কৃষিৰ স’তে গৰুৰ সম্পর্ক ওতঃপ্রোত।এই উৎসৱৰ মূল উদ্দেশ্যক প্ৰতিফলিত কৰিব পৰাকৈ ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপিত কৰা হয়।আহোম ৰাজকীয় শাসন ব্যৱস্থাৰ মাজত গৰুক প্ৰধান গুৰুত্ব দি প্ৰথম দিনটো ‘গৰু বিহু’ হিচাপে উদযাপিত কৰাৰ পৰম্পৰাৰ সূচনা হয়।  গৰু বিহু পালনৰ জৰিয়তে প্ৰকৃতি আৰু প্ৰাণীৰ সম্পৰ্কক ভক্তিভাৱেৰে উদ্ভাষিত কৰা হয়।বড়ো জনগোষ্ঠীৰ ‘ৰঙালী বিহু’ উদযাপনত গৰু

Read more

বিহুৰ ইতিহাস-জয়ন্ত গগৈ

প্ৰস্তাৱনা: ‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোঁচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ “বিচু”ত। চুতীয়া ভাষাত বিহুক “বিচু” বুলি কোৱা হয়। “বি” মানে অতি, “চু” মানে আনন্দময় বুজায়। গতিকে, “বিচু” শব্দটি অপভ্ৰংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।আনহাতে ‘টাই ভাষাৰ

Read more

জীৱন: স্বপ্নৰেই সমাহাৰ-বিৰিঞ্চি মহন্ত

মানুহৰ জীৱন চক্ৰ এখন নদীৰ দৰেই। নদীৰ উৎস আছে, আৰম্ভণি হৈ মধ্যস্থলৰপৰা ক্ৰমে সাগৰত মিলিত হয়। মানুহৰ জীৱনো একেই,ক্ৰমশঃ বাঢ়ি আহে পল-অনুপলকৈ। নদীৰ দৰেই মানুহৰ জীৱনৰো উৎস আছে। আৰম্ভণিও আছে, মধ্য আৰু শেষো আছে। উৎপত্তিস্থলত নদীখন তেনেই ঠেক আৰু সৰু হৈ থাকিলেও উৎসৰ কিছু আঁতৰত বহল হৈ পৰে। জীৱনো তেনেই। জন্মতে দুখন হাতেৰে সাৱটি ল’বলৈও ভয় লগা কণমানি দেহাটো ক্ষণে ক্ষণে বাঢ়ি আহে। লগতে মন আৰু জ্ঞানো। ক্ষুদ্ৰ দেহাৰ ভিতৰত থকা ক্ষুদ্ৰ মন আৰু ক্ষুদ্ৰ জ্ঞান। জন্মতে এটি শিশুৰ জ্ঞানৰ

Read more

মকৰ সংক্ৰান্তিৰ মহত্ত্ব আৰু অসমৰ মাঘ বিহু-উপাসনা ভাগৱতী

সাধাৰণতে সূৰ্যই এটা ৰাশিৰপৰা আন এটা ৰাশিলৈ গমন কৰা দিনটিক ‘সংক্রান্তি’ বোলা হয়।সংক্ৰান্তিক দোমাহী বুলিও কোৱা হয়।আমাৰ অতিকৈ চেনেহৰ তিনিটি বিহু সূৰ্যৰ তিনিটি বিশেষ অৱস্থান কালৰ সংক্ৰান্তিত উদযাপিত হয়।ব’হাগত ‘মহাবিষুৱ সংক্ৰান্তি’, কাতিত ‘জলবিষুৱ সংক্ৰান্তি’ আৰু মাঘত ‘মকৰ উত্তৰায়ণ বা বিষ্ণুপদী সংক্ৰান্তি’ বোলা এই প্ৰতিটো বিহুৱেই কৃষিৰ লগত সংপৃক্ত।ব’হাগত শস্য ৰোৱা, কাতিত সোণগুটি লগা আৰু মাঘত সেই সোণগুটি চপাই ভঁৰালত ভৰোৱা সময়।এই তিনিওটি বিহুৱেই আমাৰ প্ৰাণৰো আপোন ।  বিশেষকৈ সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰি উত্তৰলৈ গতি কৰা পুহৰ সংক্ৰান্তি; যাক মকৰ

Read more

নাৰী-পুৰুষৰ সমমৰ্যাদা-ইলি তালুকদাৰ

ভাৰতীয় সংবিধানে নাৰী-পুৰুষৰ সম অধিকাৰৰ কথা ক’লেও কথাষাৰ কিমানদূৰ সঁচা ক’বলৈ টান। শুনিবলৈ বেয়া লাগিলেও এইখন দেশতেই  প্ৰতিদিনে নাৰী ধৰ্ষিতা হয়, নাৰী অপহৃতা হয়, যৌতুকজনিত কাৰণত নাৰীৰ মৃত্যু হয়, নাৰী লাঞ্ছিতা হয়, নাৰী অপমানিতা হয়। নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৱে অলপতে ২০২২ বৰ্ষৰ খতিয়ান দাঙি ধৰি কৈছে যে – দেশত চাৰি লাখ পঞ্চল্লিশ হাজাৰৰো অধিক অপৰাধমূলক ঘটনা সংঘটিত হৈছে কেৱল নাৰীৰ বিৰুদ্ধে। সংস্থাটোৰ মতে প্ৰতি ঘণ্টাত বাৰ গৰাকীকৈ নাৰী অপহৃতা হৈছে। ৰাতিপুৱা কাকতখন মেলিলেই নাৰী নিৰ্যাতনৰ ঘটনা প্ৰতিদিনে পঢ়িবলৈ পোৱাটো একেবাৰে

Read more

গুৰুজনাৰ সাহিত্যত উপমা অলংকাৰ-ববিতা শৰ্মা

“কাব্যভোজকৰাণ ধৰ্মান অলংকাৰান প্ৰচকতে”                                           –আচাৰ্য দণ্ডী অলংকাৰ হ’ল কাব্যৰ সৌন্দৰ্য বৃদ্ধিৰ এক কৌশল। অলংকাৰ শব্দৰ মূল হ’ল ‘অলম’ আৰু এই ‘অলম’ শব্দৰ অৰ্থ হ’ল ‘ভূষণ’।গতিকে কাব্যসাহিত্য যাৰ দ্বাৰা ভূষিত হয় সেয়ে অলংকাৰ।বৰ্ণনীয় বিষয়বস্তুক পাঠকৰ অন্তৰ পৰশাকৈ উপস্থাপন কৰাই সাহিত্যৰ মূল উদ্দেশ্য।কাব্য সাহিত্যত অলংকাৰে এই উদ্দেশ্য পূৰণত কবিক বিশেষভাৱে সহায় কৰে।আলোচকসকলে কাব্যৰ দুটা প্ৰধান দিশ নিৰ্ণয় কৰিছে।এটা হ’ল ভাৱ আৰু আনটো কলা।কাব্যত অলংকাৰ প্ৰয়োগৰ প্ৰধান লক্ষ্য হ’ল ভাৱক তীব্ৰতৰ কৰি তোলা।এয়া কাব্যৰ এক কৌশল আৰু এই কৌশলে ভাৱৰ সমান্তৰালকৈ কলাপক্ষৰো সৌন্দৰ্য

Read more
1 2 3 4 5