সংখ্যাটোৰ আঁৰৰ কথা

পোনপ্ৰথমে,আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সংখ্যাটোৰ আঁৰৰ কথা ক’বলৈ যাওঁতে প্ৰথমে ক’ব লাগিব যে ফেব্ৰুৱাৰী মাহৰ এদিন সন্ধিয়া  অৰবিন্দ গোস্বামী দাদাই মোলৈ ফোন কৰিলে। মই এজন  “শব্দচিত্ৰ” গোটৰ সদস্য ও লগতে গোটৰ মডাৰেটৰ হোৱা হেতুকে দুয়োজনৰ মাজত মাজে মাজে ‘শব্দচিত্ৰ’ গোটৰ কথা বা ইটো সিটো ঘৰুৱা কথাও পতা হৈ থাকে। কিন্তু সিদিনা ফোন কৰিয়েই দাদাই ক’লে…… “কুশল, তুমি আমাৰ এইবাৰৰ এপ্ৰিল মাহৰ ৰঙালী বিহুৰ ,২০২৫ সংখ্যাৰ আলোচনীখন সম্পাদনা কৰিব লাগিব। মই বোলো দাদা, এই

Read more

অণুগল্প-মৃদুস্মিতা ফুকন

(১)অস্তাচলৰ ৰবি মানুহজনক  হস্পিতালত থোৱাৰে পৰা তাইৰো ঘৰৰ ভিতৰত থাকিবৰ মন নোযোৱা হৈছে। সুৰুঙা পালেই  তাই গৈ নদীৰ পাৰ পায়গৈ।  নদীখনৰ সৈতে তাই হিয়া উজাৰি কথা পাতে….নদীৰ পাৰতে বহি তাই জীৱনৰ সেন্দূৰীয়া আলিটোৰে ল’ৰি – ঢাপৰি ফুৰে। তাইৰ কপালৰ দগমগীয়া সেন্দুৰৰ ফোঁটটোৰ দৰেই তেজগোৰা বেলিটোৱে হেঙুলি বৰণ চটিয়াই ক্ৰমান্বয়ে দিগন্তৰ ফাললৈ গতি কৰিছে। হঠাতে তাইৰ হাতৰ মুঠিত থকা ফোনটো বাজি উঠিল। বেলিটো দিগন্তত বিলীন হৈ গ’ল। (২)আবেলি এসময়ত মাহেকৰ মূৰে মূৰে বিশেষ কেইটামান দিনত ৰেৱতীৰ তলপেটটো বিষাইছিল। এতিয়া ‘অস্তৰাগ’ত থাকিবলৈ

Read more

সাক্ষাৎকাৰ

চতুৰ্থ বৰ্ষৰ (দ্বিতীয় সংখ্যাৰ)শব্দচিত্ৰ( জীৱন জিজ্ঞাসা) ই- আলোচনীৰ বাবে সাক্ষাৎকাৰটি যুগুতাইছো মই শ্ৰী কুশল মহন্তই ।   আজি আমি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এনে এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ সৈতে,যি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ,প্ৰশিক্ষক,ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক। তেখেত শ্ৰীযুত অভিজিত ভট্টাচাৰ্য্য। কুশল মহন্ত: Sir  নমস্কাৰ। প্ৰথমে ,শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা ই-আলোচনীৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ।  অভিজিত ভট্টাচাৰ্য্য Sir: প্ৰতি নমস্কাৰ জনাইছো। প্ৰশ্ন: আপোনাৰ জন্ম আৰু স্কুললীয়া জীৱনৰ বিষয়ে অলপ জনাওঁকচোন ? অভিজিত ভট্টাচাৰ্য্য Sir: মোৰ জন্ম তেজপুৰৰ

Read more

বিহুৰ সাধুকথা-ববিতা শৰ্মা

‘সাত বিহু’……মিছে বৰ্ডত লিখি দিয়া বক্তৃতাৰ বিষয়টো দেখি টুকটুক বিমোৰত পৰিল।বিহু তিনিটা হে!ৰচনাতো সি দেখোন ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু…. এই তিনিটা বিহুৰ কথাহে পাইছে।কিন্তু মিছে কিয় ‘সাত বিহু’ বুলি লিখিলে!মিছৰ লিখোঁতে ভুল হ’ল নেকি বাৰু ! টুকটুকে ভাবিবলৈ ধৰিলে…… নাই নাই মিছৰ ভুল হ’ব নোৱাৰে।আৰু চাৰিটা বিহু আছে ছাগে।সি হে নাজানে। সি বেছিকৈ ইংৰাজী কিতাপহে পঢ়ে।অসমীয়া কিতাপ যি দুই এখন পঢ়িছে, তাত বিহুৰ কথা নাছিল,বিজ্ঞানৰ সাধু হে আছিল।কি কৰা যায়!কাৰোবাক সুধিব লাগিব,বিহু আচলতে কেইটা?তিনিটা নে সাতটা? এটা

Read more

স্বৰ্গদেউ বাকৰিৰপৰা বিহুৰ মঞ্চ যাত্ৰা-বিৰিঞ্চি মহন্ত 

ব’হাগ… প্ৰকৃতি আৰু মানুহৰ মনক সেউজীয়া কৰি তোলা এটা মাহ। অসমীয়াৰ বুকুত আশা সঞ্চাৰিত কৰা এটা শব্দ ব’হাগ। অসমীয়াৰ হৃদয়ত সুপ্ত হৈ থকা আশা, হেঁপাহক জাগ্ৰত কৰি ডেকা-গাভৰুৰ হৃদয়ত প্ৰেমৰো বীজ সিঁচে এই ব’হাগে। বসন্তৰ আগমনে প্ৰকৃতিৰ বুকুলৈ অভাৱনীয় আৰু অতুলনীয় সৌন্দৰ্য কঢ়িয়াই আনে। ওন্দোলিত মেঘৰ বুকু ফাটি বৈ অহা জলধাৰাই সিক্ত কৰি তোলা প্ৰকৃতিৰ দেহত নতুনৰ বীজ অংকুৰিত হয়।শস্যে-মৎস্যে সগৰ্ভা হৈ পৰে বসুন্ধৰা।  ঢোল-পেঁপা,গগনাৰ মাতে অসমৰ আকাশ-বতাহ মুখৰিত কৰি তোলা ব’হাগ বিহু এক সাৰ্বজনীন প্ৰাকৃতিক উৎসৱ। বিহু অসমীয়াৰ হিয়াৰ

Read more

লিমাৰিক-চন্দ্ৰপ্ৰভা বৰুৱা

(১) কালিলৈ নাহিবি,পিতন দিম ভালকৈ       দেউতাক কথাটো ক’লো অতি নম্ৰকৈ      খং উঠে দেউতাৰ       বেত দিব বাৰ বাৰ       যাম মই স্কুললৈ নাথাকো নোযোৱাকৈ। (২) বৰষুণ আহিছে খৰ ধৰকৈ ওলা      ছাতিয়ে নৰখাব বৰষুণৰ বোজা।     যান যঁত লাগি আছে      যাম বাৰু কোন সতে      দহ বজাৰ সভাখন বাৰলৈ হতা। (৩) ৰঙালী আহি আছে আদৰোঁগৈ ওলোৱা      ৰঙত বিভোৰ আছা তথাপি নোযোৱা      যাম বাৰু ব’লাচোন      চুপ চাপ থাকাচোন      নাদৰিলে ৰঙালীক থাওনি নোপোৱা । (৪) পৰম্পৰা ৰক্ষা কৰি ঈদ পতা হয়      হিন্দু সকলেও নামাজত ভাগ

Read more

অসমীয়া আৰু কিছু চিন্তা=কুশল মহন্ত

আমাৰ চোতালত অতি আদৰৰ ৰঙালী বিহু।এটা নতুন অসমীয়া বছৰ।চ’তৰ দোমাহীৰপৰা আৰম্ভ কৰি গোটেই ব’হাগ মাহৰ উপৰিও  জেঠ মাহৰ শেষলৈকে বিহুৰ নামত বিভিন্ন অনুষ্ঠান পাতি আনন্দ উল্লাস কৰি নাচি-বাগি থকাৰ যি অপসংস্কৃতি গঢ়ি উঠিছে,সেইটো আমাৰ বাবে ভাল লক্ষণ নহয়। এই কাৰ্য্যই যে আমাৰ জাতিটোৰ মান- সন্মান,গৌৰৱ ভৱিষ্যত, অন্ধকাৰৰ গৰাহলৈ ঠেলি দিছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁনে?বিহুৰ নামত ঘৰৰ কপৌফুল জোপাও যে বহিৰাগতসকলৰ কাৰণে ব্যৱসায় হৈ পৰিছে,আমি ভাবি চাইছোঁনে?অসমীয়া গহনা আৰু গামোচাৰ নামত শ শ কোটি টকা বহিঃৰাজ্যই লৈ যোৱাৰ  আমি খবৰ

Read more

সৰগৰ পখী আৰু নিকুঞ্জবনৰ পখী (Birds of Paradise and Bower Birds)- কুমকুম শৰ্মাবৰুৱা

সৰগৰ পখীৰ মতা চৰাইটোৰ ৰঙীন পাখিবিলাক অতি সুন্দৰভাৱে সজ্জিত আৰু যিমান পাৰে সিমান সুন্দৰকৈ মেলি ধৰি ইহঁতে যোৰ পাতিবলৈ মাইকী চৰাইজনীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। পৃথিৱীৰ ভিতৰতে ইহঁত অতি সুন্দৰ চৰাই। ইহঁতৰ ৪০(চল্লিশ) বিধ প্ৰজাতিৰ বেছিভাগেই নিউগিনি আৰু কাষৰীয়া দ্বীপপুঞ্জত আছে।কেইটামান প্ৰজাতি অষ্ট্ৰেলিয়াৰ উত্তৰফালে পোৱা যায়। ইহঁতে নাতিশীতোষ্ণ জলবায়ু পছন্দ কৰে আৰু লগতে খোৱাবস্তু য’ত গোটেই বছৰ ধৰি অভাৱ নহয় তেনে ঠাইকে বাসস্থান হিচাপে বাচি লয়।এইবোৰ ঠাইত থকা চৰাইৰ মাইকীজনীয়ে মতা চৰাইটোৰ সহায় নোলোৱাকৈ পোৱালি ডাঙৰ কৰে।মতা চৰাইটোৱে কেৱল নিজক

Read more

বসন্তই আনে বহাগীৰ বতৰা-নিবেদিতা শৰ্মা

ফাগুনে ৰিক্ত-শীৰ্ণ কৰা ধূলি ধুসৰিত  পৃথিৱীয়ে মাজ চ’তৰপৰা অহা বৰষুণজাকৰ পৰশত শীতৰ ৰুক্ষ ৰূপ আঁতৰাই নিজকে নতুন ৰূপত সজাই-পৰাই প্ৰকৃতিয়ে বসন্ত অহাৰ জাননী দিলে…!বসন্তৰ আলফুলীয়া পৰশত গছে গছে পোখা মেলে ন কুঁহিপাতৰ…নানা ৰঙী ফুলবোৰে আঁজলি ভৰাই সুশোভিত কৰিলে লঠঙা গছৰ ডাল… শুষ্ক পৃথিৱীক প্ৰকৃতিৰাণীয়ে শ্যামলী অৱগুন্ঠনেৰে আৱৰি ভৰ যৌৱনা কৰিলে…বোৱনী শিপিনীহঁতো ব্যস্ত হৈ পৰিছে প্ৰিয়জনৰ বাবে এখনি গামোচা বৈ যাচিবলৈ…!পলাশ-মদাৰ-শিমলু-কৃষ্ণচূড়াই আকাশত জুই ছটিয়াইছে ! আঁহতৰ ডালত মেল খোৱা ৰঙা ৰঙৰ কুঁহিপাতৰ ৰাঙলী বোলে কোনোবা অতীতৰ শিল্পীপ্ৰাণা আইতাৰ মনত দোলা দি

Read more
1 2 3 62