ঋতুকালীন বিলাপ-মূৰ্ছনা বেজবৰুৱা

(১) কি আনিছা? ৰঙা !! এয়া কি তুলি দিলা  প্ৰেম নে বিষাদ? বিষাদ ৰঙা,ৰঙা প্ৰেমো তেন্তে নীলা? এয়া কোনো ৰুগ্ন হৃদয়ক  নিঃশেষ কৰাৰ ষড়যন্ত্ৰ নহয়তো? (২) নৈৰ পাৰেই যদি প্ৰেমৰ ঘাট, ধুঁৱলিকুঁৱলী কিয় সেই অকোৱা-পকোৱা বাট? গোলাপেই যদি সূচনাৰ আলাপ দীঘলীয়া কিয় সেই কাঁইটৰ  বিলাপ ? মদাৰেই যদি প্ৰেমৰ ৰং নিসংগ কিয় সেই লঠঙা ডাল? (৩) পচোৱাত নীলা,ডালত ৰঙা  গোলাপে কয়, “মই কাঁইটীয়া নহয়।”  ফাগুনে কয় “মই বিষাদ নহয়।”  অভ্যস্ত পথত বহাগ, শাওণ,আহিন.. কেতিয়াবা ফাগুণ..!! খোজত সলনি ৰঙৰ সলনি বহুতো 

Read more

স্নেহ বন্ধন -জয়ন্ত গগৈ

গাড়ীখন বেক কৰি গেৰেজত সুমুৱাইছোঁহে,মাইনাজনীয়ে ওচৰলৈ আহি – ” পাপা আহিলা? আজি আইতা আহিছিল দেই। আইতা কোনোবা স্কুল এখনলৈ যাব হেনো।”…..বুলি মোক কৈ গ’ল। বাহিৰৰ টেপটোতে হাত-মুখ ধুই ভিতৰত সোমালোঁগৈ। শ্ৰীমতীয়ে আগবঢ়াই দিয়া পানী গিলাছ খোৱাৰ লগে লগেই দেহাটো শাঁত লাগিল । গাড়ীৰ ভিতৰত এনেয়ে গুপগুপীয়া গৰমভাৱ এটি থাকেই। গাড়ীত এ চি থাকিলেও অনবৰতে এ চি চলাবলৈ মন নাযায়। ভাড়াত যোৱা যাত্ৰীসকলে এ চি বিচাৰিলে চলোৱা হয়। দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পিচতে নতুনকৈ এ চি থকা গাড়ী এখন লোৱা হ’ল।

Read more

আজিৰ চিন্তাঃ প্ৰকৃতি ,সমাজ আৰু মানুহ -জ্যোতিমণি দেৱী

‘প্ৰকৃতি’ শব্দৰ আভিধানিক অৰ্থ হৈছে বহিৰ্জগত বা নিসৰ্গ; সৃষ্টিৰ মূল বা আদি কাৰণ ৷ গতিকে প্ৰকৃতি বুলিলে আমি আমাৰ সমগ্ৰ বিশ্ব চৰাচৰকে বুজি পাওঁ৷ আনহাতে মানুহ হ’ল এই বিশ্ব-প্ৰকৃতিৰে ক্ষুদ্ৰ অথচ গুৰুত্বপূৰ্ণ অংশ৷ গুৰুত্বপূৰ্ণ এই বাবেই যে প্ৰকৃতিৰ সৃষ্টিবোৰৰ ভিতৰত একমাত্ৰ মানুহেই হ’ল একক, অনন্য সৃষ্টি; যিয়ে চিন্তা কৰিব পাৰে, সেই চিন্তা ভাষাৰে ব্যক্ত কৰিব পাৰে, উচিত-অনুচিত বিচাৰ কৰি কৰ্ম কৰিব পাৰে,নিজৰ সা-সুবিধা বিবেচনা কৰি সেইমতে জীৱন ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ সেয়েহে মানুহে এই বিশ্ব চৰাচৰত নিজকে ‘জীৱশ্ৰেষ্ঠ’ বুলিও

Read more

ৰাজী?,লিখক: আশাপূৰ্ণা দেবী , ভাবানুবাদ-অঞ্জু মহন্ত

এজনী ছোৱালী আহি ল’ৰাজনক মাত দি ক’লে, ‘মোক বিয়া কৰাবলৈ ৰাজী নে?’ এনেকুৱা ঘটনা জগতৰ আন ক’ৰবাত ঘটিছেনে ভগৱানেহে জানে, অৱশ্যে শমিতৰ ভাগ্যত সেয়ে ঘটিল। ছোৱালীজনী যে একেবাৰে অপৰিচিত সেইটো নহয়, শমিতহঁতৰ ঘৰৰ দক্ষিণফালে কিছুদিনৰপৰা সাজি থকা তিনিমহলীয়া ঘৰটোত  ছমাহ আগেয়ে ৰাজকীয়ভাৱে মালিকৰ ‘গৃহপ্ৰৱেশ’ ঘটিছিল,ছোৱালীজনী সেই ঘৰখনৰেই ছোৱালী। সেই ঘৰখনৰেই ছোৱালী, সেইটো দেখিছে শমিতে এই ছমাহ ধৰি অৱশ্যে এতিয়াও নাজানে–ছোৱালীজনী মালিকৰ ছোৱালী নে ভতিজা,ভাগিনী,নে আশ্ৰিত কোনোবা। কাৰণ ছোৱালীজনীক শমিতে নানা সময়ত নানা অৱস্থাত আৰু নানা সজ্জাত দেখা পায়। কেতিয়াবা দামী

Read more

ইতিহাসৰ জলঙাইদি ঘৰ-উপাসা ভাগৱতী

ইংৰাজী শব্দ ‘হাউচ’ প্ৰাচীন ইংৰাজী শব্দ ‘হাচ’ৰপৰা উৎপত্তি ,যাৰ অর্থ  বাসস্থান,অশ্ৰয় বা ঘৰ-দুৱাৰ ;যিটো প্ৰোটো জাৰ্মানি ‘হুচান’ শব্দৰ পৰা উদ্ভূত ৷ ঘৰ বুলি কওঁতে মানুহে বসবাসৰ বাবে নির্মিত কাঠামোকে বুজায়। ঘৰত পূৰ্বতে যৌথ পৰিয়াল থকা দেখা গৈছিল যদিও এতিয়া  প্ৰায়েই এটা পৰিয়ালহে বাস কৰা দেখা যায় । বৰ্তমান অৱশ্যেই কেৱল এজন ব্যক্তি,সামাজিক গোট আদিয়েও বাস কৰিব পাৰে ।  সংস্কৃত ‘গৃহ’ শব্দটোৰপৰাই অসমীয়া ‘ঘৰ’ শব্দটোৰ উদ্ভৱ ৷ ঘৰ শব্দটোৰ অন্যান্য সমার্থক শব্দবোৰ হৈছে -ভৱন, আলয়, আৱাস,নিবাস ইত্যাদি ৷ ৰ’দ,বৰষুণ ,ক্ষতিকাৰক প্ৰাণী

Read more

দৰব-নন্দিতা ভাণ্ডাৰ কায়স্থ

চকীখনত বহি  দৰবৰ বটলটো দুয়োখন হাতেৰে জোৰকৈ ধৰি আছে বিভাই। চকুত খং, ক্ষোভৰ যেন একুৰা জুই হে জ্বলিছে। দৰবখিনিয়ে যেন আজি তাইৰ বাবে মুক্তিৰ পথ লৈ আহিছে। এই দৰব জীৱনদায়িনী নহয়, জীৱন নাশ কৰা হে। স্বামীৰ অকথ্য, অসহনীয় অত্যাচাৰৰ পৰা এই দৰবে তাইক পৰিত্ৰাণ দিব। কথাবোৰ ভাবি বটলৰ সাফৰটো খুলি দিলে বিভাই। বটলটো‌ মুখলৈ নিব ধৰোঁতেই এবছৰীয়া ছোৱালীজনী বিছনাৰপৰা ধপকৈ পৰি পে পে কৈ কান্দিব ধৰিলে। ছোৱালীজনী পৰি যোৱাত বিভাই খোলা বটল তাতেই এৰি দৌৰ মাৰি আহি কণমানিজনীক কোলাত তুলি

Read more

 চিন্তা বিভ্ৰাট-মৃণাল নাথ 

ঘটি থকা ঘটনাবোৰ কাৰোবাৰ কাৰণে হাস্যকৰ,  কাৰোবাৰ কাৰণে বেদনাদায়ক,  আন কাৰোবাৰ বাবে আকৌ খঙৰ কাৰক হৈ পৰে। বাতৰি কাকতকে ধৰি দূৰদৰ্শন , ফেচবুক সকলোতে বৰকৈ জনাজাত হৈ পৰিল গাওঁ এখন । মহানগৰৰ আওভাও নোপোৱা গাওঁ । সহজ সৰল গাওঁ । কিন্তু হঠাত এই তিনিটা দিনত এজনী এজনীকৈ পাঁচজনী বোৱাৰী দুই তিনিটা সন্তান এৰি দূৰণিৰ আন ডেকালৈ পলাই গৈছে।  গাঁৱৰ পুৰুষবোৰৰ মনত ভয় সোমাই গৈছে, মহিলাৰ হাতে হাতে থকা মোবাইলবোৰ নিজৰ নিজৰ পুৰুষে জব্দ কৰি লৈছে। নহ’লে ক’বতো নোৱাৰি। কাৰ মগজুত

Read more

মৃত্যু এক আৰম্ভণি-শিবেশ দে                      

এয়া যৌৱন যাৰ সমদলত যোৱা শ্ৰেষ্ঠ সময়।  এয়া যৌৱন যাৰ যুদ্ধত যোৱা শ্ৰেষ্ঠ সময়।  ঋতু আহে ঋতু যায়  ক্লান্ত পখী ঘৰলৈ উৰা মাৰে  সূৰ্য্য ডুবা আকাশত জোনটি ভাহে  পোহৰৰ চাকি জ্বলে  সেই চহৰত বৰ্ষা  নামে  প্ৰতিটো টোপালে টোপালে   মোৰ তেজ গোট মাৰে ।  মই  কাহানিও দেখা নাই বৰ্ষাসিক্ত খেতি পথাৰ  দেখা নাই পথাৰৰ মাজত  পৰি থকা ধৰ্ষিতা  দেখা নাই তাৰ অসহায়  পিতৃৰ বৃষ্টিত ভিজা মুখ  মই কাহানিও দেখা নাই বৰ্ষাকালীন সন্ধিয়া  কোনো বেশ্যাৰ দুখ, বৰ্ষাসিক্ত চহৰখন আজি ৰক্তৰঞ্জিত  লাঞ্ছিত বঞ্চিত

Read more

অহঙ্কাৰ-হৰিচন্দ্ৰ ডেকা

“বোৱাৰী ! ক’ত আছা ? তৎক্ষণাত এইফালে আহা।” “কওকচোন মা।” শাহুৱেকৰ কৰ্কশ মাতত পাকঘৰৰ পৰা উধাতু খাই লৱৰি আহিল বিস্মিতা ৷ “এই ফুলৰ টাবকেইটা কোনে ইয়াত থ’লে?” “মই সজাই থ’লোঁ মা; এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে৷” “তোমাৰ ধুনীয়া লাগিলে নহ’ব নহয়, ময়ো ভাল পাব লাগিব৷ এইখন কাৰ ঘৰ জানানে?” “আমাৰ ঘৰ মা।” সাধাৰণতে অতি অমায়িক বুলি সকলোৱে প্ৰশংসা কৰা বিস্মিতাই চকু দুটা ডাঙৰকৈ মেলি শাহুৱেকৰ ফালে চাই ক’লে ৷ “নহয়, এইখন মোৰ ঘৰ; গতিকে ইয়াত সকলো কাম মোৰ মতে হ’ব

Read more
1 40 41 42 43 44 54