সম্প্ৰদায়-আৰতি ডেকা

মৌচুমী আৰু মৌমন সৰুৰেপৰাই একেলগেই পঢ়া শুনা কৰি দুয়োজন এতিয়া নিজৰ কৰ্মজীৱনত ব্যস্ত। :মৌমন, আজি তিনিবছৰ এৰি চাৰিবছৰত সোমাল…. আমাৰ প্ৰেম এইবাৰ দিঠকত নিশ্চয় দেখা পাম।  :হয় মৌচুমী,আজি ভেলেন্টাইন দে’।এই দিনটোতেই    তোমাক মই প্ৰেম নিবেদন কৰিছিলো।এতিয়া কোৱা তোমাক কি উপহাৰ লাগিব?? : বাঃ! মই  যি বিচাৰোঁ– তুমি সচাঁকৈ মোক দিব পাৰিবা নে?? :মই কথা দিছো মৌচুমী কোৱা। :মোক তুমি আজিয়েই সেন্দূৰ পিন্ধাই তোমাৰ অৰ্দ্ধাঙ্গিনী কৰি ল’ব পাৰিবা? : উসঃ! কি ডাঙৰ বৰ বিচাৰিলা!!  মই হৈছো নিম্নজাতৰ দাসৰ ল’ৰা আৰু

Read more

মানুহৰ আশা-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পথৰ দাঁতিয়েদি গৈ আছে… সেই মানুহজন… হাড়ে-চালে লগা সেই মানুহজন।  খাবলৈ ভাত নাই, পীড়িত মানৱ, পিন্ধিবলৈ কাপোৰ নাই, সংকীৰ্ণ সি  তেওঁ জীয়াই আছে কিহৰ আশাত? এমুঠি ভাত বিচাৰি হাবাথুৰি খোৱা,  সেই মানুহজনে ৰাস্তাৰ কাষত বহি… অট্টালিকাৰ সপোন দেখে।  পেটৰ ভোকত পেটত এটুকুৰা গামোচা বান্ধি  তেওঁ ভিক্ষা বিচাৰে…. তেওঁ যে ক্ষুধাৰ্ত…… তেওঁ যে সমাজৰ পৰা বঞ্চিত…. তেওঁক লাগে কেৱল পেট ভৰাই খাবলৈ  এসাঁজ ভাত….. গা ঢাকি ৰাখিবলৈ এটুকুৰা কাপোৰ… কিন্তু তেওঁ পাইছে জানো? তেওঁৰ আশা আশা হৈয়েই ৰয়… তেওঁ যে সংকীৰ্ণ,

Read more

ভগ্ন সপোন-নিবেদিতা শৰ্মা

দুৱাৰ খনত আউজি স্হবিৰ হৈ পৰিছিল মল্লিকা।অলপ আগতে পাৰ হৈ যোৱা ধুমুহাজাকে বিধ্বস্ত কৰি থৈ গ’ল তাইৰ সকলো আশা-আকাংক্ষা,ঘৰ-দুৱাৰ,হেঁপাহ…. সকলো।হেপাঁহৰ ঘৰখন সাজিবলৈ তাই বহুত কষ্ট কৰিছিল ,এটাই আশা আছিল অতীতৰ দুখ-যন্ত্ৰণাবোৰে যাতে মল্লিকা আৰু ৰাতুলৰ সংসাৰখনত অকণো আউল লগাব নোৱাৰে। ৰাতুলে এটা কোম্পানীত চাকৰি কৰি ঘৰখন নিয়াৰিকৈ চলাই নিছে যদিও মল্লিকাই সিহঁতৰ ল’ৰা-ছোৱালী দুটাই যাতে টকা পইচাৰ বাবে কষ্ট নাপায়,সেই নিমিত্তে ৰাতুলক সহায় কৰিবৰ বাবে ছাগলী,হাঁহ ,মুৰ্গী পোহাৰ লগতে কাপোৰ বোৱা,চিলাই কৰা কাম আদি কৰি দিনটো সেইবোৰৰ লগতে ব্যস্ত হৈ

Read more

অনুতাপ-গীতামণি দত্ত

মঞ্জুলাৰ আজি বিয়া ঠিক হ’ল।দৰাৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত।ল’ৰাজন চৰকাৰী চাকৰিয়াল। চৰকাৰী চাকৰিয়াল ল’ৰা পাই ঘৰৰ আটায়ে আনন্দিত হ’ল।মঞ্জুলাৰ দেউতাকেও একমাত্ৰ ছোৱালীজনী চাকৰিয়াল ল’ৰা জনৰ ওচৰত গটাব পাৰি মনতে শান্তি পালে।দুজন ল’ৰাৰ মাজত এজনী ছোৱালী। বহুত মৰম-চেনেহৰ মাজত মঞ্জুলা ডাঙৰ দীঘল হৈছে।  চাকৰি কৰা ল’ৰা পাই ল’ৰাৰ বিষয়ে একো খবৰ খাতি নকৰাকৈ বিয়াখন ঠিক কৰি পেলালে।এনেদৰেই এদিন মঞ্জুলাই দিচাংমুখৰ হৰকান্তৰ লগত বিয়া হৈ আহিল। কলৰ তলৰপৰা হৰকান্তৰ মাকে আদৰি বোৱাৰীয়েকক ঘৰৰ ভিতৰলৈ লৈ গ’ল । অচিনাকি পৰিবেশ এটাত মঞ্জুলাই বৰ অকলশৰীয়া

Read more

প্ৰশান্তি-সংহিতা ভট্টাচাৰ্য্য

: ছাৰ,কামটো হ’বগৈনে? মহিলা গৰাকীৰ মাতত মই টেবুলখনৰপৰা ওপৰলৈ মূৰ তুলি চালোঁ। বগা মেখেলা চাদৰ এযোৰৰ সৈতে প্ৰায় ত্ৰিশ বছৰ মান বয়সৰ এগৰাকী মহিলা। কোলাত তিনিমহীয়া কেঁচুৱা এটা লৈ আছে। আৰু লগতে হাতত এটা ফাইল। মহিলা গৰাকীক দেখি বুজিবলৈ বাকী নাথাকিল। গিৰিয়েক ঢুকোৱা বেছি দিন হোৱা নাই। গিৰিয়েকৰ পেঞ্চনৰ কামতে অহা- যোৱা কৰি আছে। দুদিনমান লক্ষ্য কৰিছোঁ যদিও আজিহে ভালকৈ মন কৰিলোঁ মই। : দুদিনমান লাগিব। এইবোৰ কাম ইমান সোনকালে নহয়।—–গহীনভাবে মই উত্তৰ দিলোঁ। মানুহগৰাকী লাহে লাহে গুচি গ’ল। :

Read more

আইদেউ  বাচত উঠিছে,মূল লেখক:ভাল্লিক্কান্নান,অনুবাদ-চিত্ৰলেখা দেৱী

(ভাল্লিক্কান্নান হৈছে  সাহিত্য একাডেমি বঁটা প্ৰাপক  প্ৰখ্যাত  তামিল সাহিত্যিক  আৰ.এচ.ৰামস্বামীৰ ছদ্মনাম।  তেখেতৰ  এই গল্পটো  বৰ্তমান SEBA ৰ  দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ অন্তৰ্ভুক্ত  Madam Rides the Bus ৰ পৰা অসমীয়ালৈ ভাবানুবাদ  কৰা হৈছে  । তামিল ভাষাৰপৰা গল্পটো কে.এচ.সুন্দৰমে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ।)                           (১ম  অংশ)                         ইয়াত ভাল্লিয়াম্মাই নামৰ এজনী ছোৱালীৰ কথা ক’বলৈ লৈছো যাক চমুকৈ ‘ভাল্লি’ বুলি মতা হয়।তাইৰ বয়স আঠ বছৰ আৰু যিকোনো বিষয়তে তাই বৰ কৌতূহলী।নিজৰ ঘৰৰ আগফালৰ দুৱাৰ মুখত থিয় দি বাটৰ ফালে কি কি ঘটিছে তাক

Read more

ইকিগাই-কুঞ্জ খাউণ্ড

গ্ৰন্থখনৰ নামটোৰ অৰ্থই হ’ল দীৰ্ঘায়ু আৰু সুখী জীৱনৰ জাপানী ৰহস্য। আমাৰ মনত অলপো সন্দেহ নাই যে   জাপানেই হৈছে বিশ্বৰ দীৰ্ঘ জীৱন লাভ কৰা ব‍্যক্তিসকলৰ অন‍্যতম হোতা। মই এটি থুলমূল আভাষেৰে আলোকপাত কৰিবলৈ লোৱা কিতাপখনৰ নাম হ’ল  ‘ইকিগাই’। যিখন কিতাপ পৃথিৱীৰ ৬০ টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে। কিতাপখনৰ লেখক হ’ল-হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেক মিৰালেছ। অসমীয়ালৈ সুন্দৰ অনুবাদ কৰিছে ড০ কুল কমল সেনাপতিয়ে, তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। ‘ইকিগাই’ হ’ল এটা জাপানী শব্দ। অন্যান্য দেশৰ তুলনাত জাপানীসকলৰ দীৰ্ঘ জীৱনৰ সৈতে জড়িত হৈ

Read more

এটুকুৰা বগা দাগ-গীতামণি দত্ত

নিজৰাহঁত আজি যোৰহাটলৈ আহিছে ।খুড়াকৰ ছোৱালী দীপাৰ বিয়া।জোৰণ আৰু বিয়া একেদিনাই পৰিছে।সেয়েহে নিজৰাহঁতে পুৱাই গোলাঘাটৰপৰা আহি যোৰহাট পালেহি।সোনকালে নাহিলে নহয় কাৰণ এদিনীয়া বিয়া,জোৰণ  পিন্ধোৱাৰ সময় বাৰটা বজাৰ আগতেই। নিজৰাৰ আহিবলৈ অকণো ইচ্ছা নাছিল।মাক ৰমলাইহে তাইক বুজাই বঢ়াই জোৰ কৰি লৈ আহিছে।নিজৰাই দীপাক খুব মৰম কৰে । তথাপি তাইৰ বিয়াখনলৈ আহিবলৈ অকণো ইচ্ছা নাছিল। আজি দহ বছৰে নিজৰাই বিয়া-সবাহ ক’তো যোগদান কৰা নাই।কেৱল স্কুললৈ যোৱা আৰু ৰাতুলক চোৱা-চিতা কৰাটোৱেই তাইৰ জীৱন।মাকে জোৰ কৰিলত নিজৰাই দীপাৰ বিয়ালৈ নহাকৈ থাকিব নোৱাৰিলে।অৱশ্যে বিয়াঘৰত উপস্থিত

Read more

মধ্য ভিয়েটনামত কিছুদিন-  ৰঞ্জনা দত্ত

** হুৱে ( Hue) , দা নাঙ( Da nang) আৰু হ’ই এন ( Hoi ann)    “নানা দেশ ফুৰে যি,নানা কথা শিকে সি।” মই নিজকে যথেষ্ট সৌভাগ্যবান বুলি ভাবোঁ যে জীৱনত মই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্ত দেখিবলৈ পাইছো।সঁচাই বিচিত্ৰ এই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্তৰ প্ৰাকৃতিক শোভা।চলিত বৰ্ষৰ ১৭ এপ্ৰিল তাৰিখে প্ৰকাশিত হৈ যোৱা ‘শব্দচিত্ৰ ই- আলোচনী’ ৰে দ্বিতীয় সংখ্যাত প্ৰকাশ কৰিছিলো মোৰ এক ভ্ৰমণ কাহিনী “ভিয়েটনাম ভ্ৰমণৰ বাখৰুৱা স্মৃতি”(হানয়ৰ আশে পাশে)।প্ৰকৃতিৰ কোলাত পালিত হানয়ত কটোৱা ৫ দিনৰ স্মৃতি মোৰ মানসপটত সদায়

Read more

শৰতৰ মালিতা-ভানু বেজবৰুৱা 

শৰত ,  য’ত উটি ফুৰে সুবাস গান গায় জাক জাক শৰালিয়ে, প্ৰকৃতিয়ে পিন্ধে  শ্যামল  সাজ সোণোৱালী  হেঁপাহৰ  বুটা বাচি ৷ স্নিগ্ধ  জোনাকত  বহি তৰাই  বুটা  বাচে  নীলিম চাদৰত , বতাহে  গুণগুণাই  বাগেশ্ৰী তাৰেই  ৰাগীত হয় কঁহুৱা  বাউলী শুকুলা  সাজেৰে  নাচে  প্ৰাণঢালি ৷ শেষৰাতি  উচুপি উঠে  শেৱালিয়ে দূৱৰিৰ  দলিচাত  উবুৰি খাই পৰি গালে মুখে নিয়ৰৰ মুকুতা সানি সাৱটি  ধৰে  দূৱৰিয়ে…… শেৱালি , দূৱৰি , নিয়ৰ , কঁহুৱাই আনে  শৰতক  আদৰি আলফুল , আমোলমোল জ্বলমল  জ্বলমল…… শৰতে  সিঁচি  দিয়ে প্ৰাণে  প্ৰাণে  জনে

Read more
1 41 42 43 44 45 62