আইদেউ বাচত উঠিছে,মূল লেখক:ভাল্লিক্কান্নান,অনুবাদ-চিত্ৰলেখা দেৱী
(ভাল্লিক্কান্নান হৈছে সাহিত্য একাডেমি বঁটা প্ৰাপক প্ৰখ্যাত তামিল সাহিত্যিক আৰ.এচ.ৰামস্বামীৰ ছদ্মনাম। তেখেতৰ এই গল্পটো বৰ্তমান SEBA ৰ দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ অন্তৰ্ভুক্ত Madam Rides the Bus ৰ পৰা অসমীয়ালৈ ভাবানুবাদ কৰা হৈছে । তামিল ভাষাৰপৰা গল্পটো কে.এচ.সুন্দৰমে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ।) (১ম অংশ) ইয়াত ভাল্লিয়াম্মাই নামৰ এজনী ছোৱালীৰ কথা ক’বলৈ লৈছো যাক চমুকৈ ‘ভাল্লি’ বুলি মতা হয়।তাইৰ বয়স আঠ বছৰ আৰু যিকোনো বিষয়তে তাই বৰ কৌতূহলী।নিজৰ ঘৰৰ আগফালৰ দুৱাৰ মুখত থিয় দি বাটৰ ফালে কি কি ঘটিছে তাক
Read more