গছ আৰু মানুহ-ড° মৃদুস্মিতা ফুকন

এজন বৰ মৰমীয়াল খৰিকটীয়া আছিল| তেওঁ সকলোকে মৰম কৰিছিল| মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই, তেওঁ যিখন হাবিত খৰি লুৰিছিল, সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম।অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে। এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,- ক’ৰবাত কোনোবাই যেন কেঁকাই আছে। তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল। এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল

Read more

হেলেন কেলাৰ (প্ৰেৰণাদায়ক কাহিনী)-কুমকুম দেৱী শৰ্মাবৰুৱা

হেলেন কেলাৰক (Helen Adams Keller) কুৰি শতিকাৰ এগৰাকী মহান মহিলা আখ্যা দিয়া হয়। তেওঁৰ জন্ম হৈছিল আমেৰিকাৰ টাচকুম্বিয়াত ১৮৮০ চনৰ ২৭ জুনত। তেওঁৰ মাকৰ নাম আছিল কেথেৰিন(Catherine Everett Adams ) আৰু দেউতাকৰ নাম আছিল হেনলি কেলাৰ(Arthur Henley Keller)।  মাত্ৰ ১৯ মাহ বয়সতে তেখেতে অসুখত ভুগি দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটা হেৰুৱাইছিল।তেওঁ তেতিয়াৰে পৰা সাতবছৰ বয়সলৈকে বিভিন্ন অঙ্গি-ভঙ্গীৰে মনৰ ভাব প্ৰকাশ কৰিছিল। সাতবছৰ বয়সত তেওঁ এনি ছালিভান(Anne Sullivan ) নামৰ এগৰাকী মৰমীয়াল লোকক ঘৰুৱা শিক্ষয়িত্ৰী হিচাপে পায়। তেতিয়াৰেপৰা গোটেই জীৱন এনিয়ে হেলেনক এৰি

Read more

উত্থান-অৰবিন্দ গোস্বামী

আজি গৰম বন্ধ শেষ।সেয়ে মুনুৰ মনটো একেবাৰে বেয়া।ৰাতি মাকে বাঢ়ি দিয়া ভাতকেইটা খাবলৈ সি বৰ মন নকৰিলে।কিন্তু মাক আৰু দেউতাকে বৰ জোৰ দি ধৰাত সি উপায়বিহীন হৈ কেইটামান খালে যদিও শেষৰফালে কাঁহীত কেইটামান থাকি গ’ল।মাকে তাক ক’লে…… : মুনু,তুমি কাইলৈ স্কুল যাব লাগিব নহয়।দেউতাৰাই তোমাক গৃহকৰ্মখিনি যে কৰাই দিছে,সেইখিনি বাসন্তী বাইদেউক দেখুৱাবা।আৰু পুৱা সোনকালে উঠিব লাগিব কিন্তু।মই কাপোৰ-কানি ধুই শুকুৱাই থৈছো।বহী,কলম,কিতাপ সকলো যোগাৰ কৰি থৈছো। মাকৰ কথাখিনি শুনি মুনুৰ দুখটো আৰু অলপ বেছিকৈ উজাই আহিল।এই গৰম বন্ধত যে সি কত

Read more

স্বৰ্গৰ হাতী আৰু মৰ্ত্যৰ মানুহ-ড°মৃদুস্মিতা ফুকন

এডোখৰ ধুনীয়া ঠাই। চাৰিওফালে কেৱল সেউজীয়া গছ-গছনি, ফুল-পাত-লতা। যিফালে চোৱা যায় সেইফালেই কেৱল সেউজীয়া পথাৰ।সেই সেউজীয়া পথাৰখনৰ লোভতে স্বৰ্গৰপৰা হাতী এটা দিনৌ তালৈ আহে। পুৱাই আহি সি পচন্দমতে সেউজীয়া ঘাঁহ-বন খায় আৰু সন্ধিয়া আকৌ স্বৰ্গলৈ উৰি যায়গৈ। তাৰ এই অহা-যোৱাৰ কথা কিন্তু কোনেও নাজানে। ইফালে তাৰে ওচৰৰ গাঁওখনতে এজন বুঢ়া মানুহ আছিল। তেওঁ বেছি কাম-বন কৰিব নোৱাৰে। সংসাৰত টকা-পইচাৰ অভাৱ। সেয়ে বুঢ়ীজনীৰো ঘৰ চলোৱাত অনেক আহুকাল। এদিন বুঢ়ীয়ে বুঢ়াক ক’লে……. “হাবিলৈ গৈ কাঠ-বাঁহ দুডালমানকে কাটি আনকচোন। তাকে বেচি অন্তত: দুপইচা

Read more

গোপীয়ে এটা শিক্ষা পালে- কুমকুম শৰ্মাবৰুৱা

(Gopi Learns a Lesson ) এখন গাঁৱত গোপী নামৰ এটা ল’ৰা আছিল।সি পঢ়া-শুনা কৰিও ভাল নাপাইছিল আৰু কাম-কাজতো বৰ এলেহুৱা আছিল।তাৰ দেউতাক সৰুতেই ঢুকাইছিল। তাৰ মাকে অতি কষ্টেৰে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন যেনেতেনে চলাই আছিল।গোপীয়ে মাকক কোনো কামতে সহায় নকৰিছিল।মাকৰ তাক লৈয়েই বৰ চিন্তা হৈছিল।সি স্কুললৈও নগৈছিল বা কোনো কাম-বন শিকিবও নুখুজিছিল।সি গোটেই দিনটো লগ- সমনীয়াৰ লগত মাৰ্বল খেলি কটাইছিল অথবা ৰাস্তাত এনেয়ে অনাই-বনাই ঘূৰি ফুৰিছিল। এনেদৰে সময়বোৰ অবাবতে নষ্ট কৰি থকা দেখি গোপীৰ মাকে এদিন গোপীক ক’লে,  “বাছা, মই

Read more

পৰীৰ দেশৰ সপোনকোঁৱৰ (Peter Pan,ইংলেণ্ডৰ সাধু)-কুমকুম শৰ্মাবৰুৱা

সপোনকোঁৱৰ থাকে আকাশৰ সিপাৰৰ পৰীৰ দেশৰ এটা দ্বীপত।সেই দেশখনত মানুহবিলাক একেটা বয়সতে ৰৈ থাকে ; ডাঙৰো নহয়,বুঢ়াও নহয়। সপোনকোঁৱৰো কাহানিও ডাঙৰ নোহোৱা এটি সৰু ল’ৰা। সি পৰীৰ দেশখনৰ পৰা ৰাতি ৰাতি পৃথিৱীলৈ আহে । দিনৰ পোহৰত আহিলে সি ডাঙৰ হৈ যোৱাৰ ভয় থাকে।ডাঙৰ হোৱাটো সি কেতিয়াও বিচৰা নাছিল। সপোনকোঁৱৰৰ এটা আচৰিত গুণ হ’ল–সি উৰিব পাৰে। গুৱাহাটীৰ এটা ডাঙৰ ঘৰত শ্ৰীযুত আৰু শ্ৰীমতী বৰুৱা নামেৰে এযোৰা সুখী দম্পতীয়ে বাস কৰিছিল। তেওঁলোকৰ জুৰণি নামেৰে এজনী ছোৱালী আৰু পোহৰ আৰু অমৰ নামেৰে দুটা

Read more

ৰাখে হৰি মাৰে কোনে-মায়াশ্ৰী মহন্ত

জঙ্গল  বা বনৰ ভিতৰত নদীৰ আশে-পাশে হৰিণাবোৰ থাকে। হৰিণাই বনৰ আশে-পাশে থকা  নদীৰ ওচৰতে থাকি ভাল পায়।এবাৰ এজনী হৰিণীৰ পোৱালি জন্ম দিয়া সময় আহি পালেহি।তাই নদীৰ পাৰতে ঘাঁহনিৰ মাজতে এডোখৰ সুন্দৰ ঠাই বাচি ল’লে। ইয়াতেই তাই পোৱালি প্ৰসৱ কৰিব। লাহে লাহে তাইৰ প্ৰসৱৰ সময় আহি পালে  আৰু এটা সময়ত পোৱালি জন্ম দিয়াৰ বিষ বেদনা আহিল ।  বিধিৰ কি বিধান!এনে সময়তে তাইৰ চাৰিওফালে বিপদৰ সংকেতে দেখা দিলে। হৰিণীজনীয়ে নিজৰ বিপদৰ সংকেত পাই  পাহাৰৰ ওপৰলৈ উঠি গ’ল।ওপৰলৈ গৈ থাকোঁতে দেখিলে, আকাশখন মেঘে

Read more

 বোন্দা ককাইৰ বিয়া-জুৰি শৰ্মা

আঘোনমহীয়া ৰাতি বোন্দা ককাইৰ বিয়া  চুৰুনী নিগনি কইনা হ’ব কেনে লাগিব মজা ৷ দৰাই পিন্ধে চুৰিয়া চেলেং ডিঙিত আৰে টিলিঙা ভৰিত বুট চকুত বিট দেখাত লাগে বেঙা। কইনাই পিন্ধে কুৰ্তা আৰু ৰঙীন দোপাত্তা হাতত বালা, ভৰিত হাইহিল লাগে জোতা-পোটা ৷ নাকত ফুলি, গলত মণি আৰু কাণত কেৰু  চোৱানা সখীসকল মোক কেনে লাগিছে বাৰু ৷ ৰাতি দুপৰত দৰা আহে মাদল বজাই বজাই নিগনি কইনাক ধুনীয়াকৈ থৈছে সজাই পৰাই ৷ কঁঠালগুটিয়ানি ক’ৰবাৰপৰা আহিল ফোঁপাই -জোপাই  ভিনিহিৰ ভৰি ধুৱাবলৈ পাই আনন্দৰ পাৰ নাই

Read more

লটকন-ইলি তালুকদাৰ

(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা বুঢ়ী আইৰ সাধুৰ একে নামৰ সাধুকথাৰ পদ্য ৰূপ)    লটকন নামেৰে              অতি এলেহুৱা                 বামুণ  আছিল  এজন ,  ঘৈণীৰ দপালনি               খাই খাই বাপে                এদিন এৰিলে ঘৰখন ।   বেলি দূপৰত                    মিঠাইৰ দোকান                 দেখিলে থাকোঁতে গই,  পুত্ৰক ৰখীয়া                   কৰি  দোকানী                   ভিতৰত আছিলে শুই।  ল’ৰাই সুধিলে     

Read more

এটা ঈগল আৰু এটা হেপাৰ কাহিনী-কুমকুম শৰ্মাবৰুৱা

এসময়ত এটা ঈগল আৰু এটা হেপা এজোপা ডাঙৰ ওক গছত ওচৰা-ওচৰিকৈ বাস কৰিছিল। ঈগলৰ বাহটো আছিল গছজোপাৰ একেবাৰে ওখ ডাল এটাত আৰু হেপাৰ গাঁতটো আছিল গছজোপাৰ শিপাৰ ওচৰত। সিহঁত দুটা বন্ধুও নাছিল, কিন্তু সিহঁতৰ মাজত একো কাঁজিয়া-পেচালো নাছিল। দুয়ো নিজৰ নিজৰ মতে চলি আছিল। এদিন ক’ৰবাৰ পৰা মেকুৰী এজনী আহি, গছজোপাত বগাই বগাই ঈগলৰ বাহটোৰ ওচৰ পালেগৈ। তাই ঈগলটোক ভাল লগা সুৰেৰে ক’বলৈ ধৰিলে,”বন্ধু, তুমি ইমান ওচৰতে থকা বিপদৰ কথাও একো গম পোৱা নাই। হেপাটোৱে গছজোপাৰ তলখন একেবাৰে খান্দি পেলালে।

Read more
1 2 3 5