ৰুগীয়া_প্ৰেম-অজান অনুভৱ বৰা

(এক) “ফোনটো ধৰিবলৈ ইমান‌ সময় লাগে?কাৰ লগত লাগি আছিলি?শেষ কৰি দিছ তই‌ মোক”- সদায় কৰাৰ দৰে ৰিয়ানে আজিও তুলিকাৰ ওপৰত চিঞৰি উঠিছে ।তাই‌ বুজাবলৈ চেষ্টা কৰি কৰি ভাগৰি পৰে, সদায়ে ৰিয়ানৰ অশ্ৰাব্য  গালি-গালাজবোৰ কাণত বাজি থাকে ।  তথাপি তাই‌ ৰিয়ানৰ কাষ চাপি যায়।তাক সাবটি ধৰে। মানসিক ৰোগ বিশেষজ্ঞা তুলিকাই ঠিকেই বুজে  thantophobia ত আক্ৰান্ত ৰোগী এজনৰ বাবে এইখিনি মৰমৰ কিমান প্ৰয়োজন ।    (দুই) “তই মোক বুকুত কেনেকৈ হাত দিব পাৰিলি?ইমান দিনৰ বন্ধুত্বৰ এয়া কি উপহাৰ দিলি? ….”  গালি পাৰি

Read more

সম্প্ৰদায়-আৰতি ডেকা

মৌচুমী আৰু মৌমন সৰুৰেপৰাই একেলগেই পঢ়া শুনা কৰি দুয়োজন এতিয়া নিজৰ কৰ্মজীৱনত ব্যস্ত। :মৌমন, আজি তিনিবছৰ এৰি চাৰিবছৰত সোমাল…. আমাৰ প্ৰেম এইবাৰ দিঠকত নিশ্চয় দেখা পাম।  :হয় মৌচুমী,আজি ভেলেন্টাইন দে’।এই দিনটোতেই    তোমাক মই প্ৰেম নিবেদন কৰিছিলো।এতিয়া কোৱা তোমাক কি উপহাৰ লাগিব?? : বাঃ! মই  যি বিচাৰোঁ– তুমি সচাঁকৈ মোক দিব পাৰিবা নে?? :মই কথা দিছো মৌচুমী কোৱা। :মোক তুমি আজিয়েই সেন্দূৰ পিন্ধাই তোমাৰ অৰ্দ্ধাঙ্গিনী কৰি ল’ব পাৰিবা? : উসঃ! কি ডাঙৰ বৰ বিচাৰিলা!!  মই হৈছো নিম্নজাতৰ দাসৰ ল’ৰা আৰু

Read more

দৃষ্টিৰ ভাষা-হৰগোবিন্দ দাস

নিম্ন মধ্যবিত্ত পৰিয়ালৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মনালিছাই কলেজৰ পৰা আহি মাকক ক’লে – “ মা, ছোৱালীবোৰ দেখিবলৈ ভাল হোৱাটোও অপৰাধ নেকি বাৰু?ৰাস্তাই- ঘাটে জুম পাতি থকা ল’ৰাবোৰে চিৰিয়াখানাৰ জীৱ-জন্তু চোৱা দি যেনেকৈহে চায়,কলেজতো একেই অৱস্থা।মই বৰ অশান্তি পাওঁ মা।” জীয়েকৰ কথা শুনি মাকৰ অতীতৰ স্মৃতিবোৰে যেন সাৰ পাই উঠিল।সেই সময়ত তায়ো কিছুমান মানুহৰ চাৱনিতেই নিজকে ধৰ্ষিতা হোৱা যেন অনুভৱ কৰিছিল।

Read more

স্বীকৃতি- পূৰ্ণিমা শইকীয়া গগৈ

(১) স্বীকৃতি (অণুগল্প) পুত্ৰৰ ধৰ্ম পালন কৰাত অকণো  কৃপনালি কৰা নাছিল সি। বৃদ্ধা মাতৃৰ সি  কণাৰ লাখুটিৰ দৰে আছিল । মাতৃৰ মৃত্যুৰ পিছত মুখাগ্নি কৰিবলৈ বৰ ইচ্ছা আছিল তাৰ। কিন্তু বিদেশৰ পৰা আহি বৰপুত্ৰই সেই কাম কৰিলেহি। শ্ৰাদ্ধৰ সকলো আয়োজনত সি আগভাগ ললে। সকলোৰে আগতে চুলি খুৰালে সি।এই কেইদিন ব্যস্ততাৰ বাবে শ্ৰাদ্ধৰ নিমন্ত্ৰণী পত্ৰ খন চাবলৈ পোৱা নাছিল । হঠাতে চকু পৰাত পঢ়ি চালে সি। নিমন্ত্ৰণী পত্ৰৰ কতো তাৰ নাম দেখা নেপালে । তেতিয়াহে তাৰ মনত পৰিল বাইশ বছৰৰ আগতে

Read more

প্ৰভেদ-অনসূয়া বৰঠাকুৰ

পৃথিৱীখনৰ এটা কোণত, খেৰৰ চালিখনৰ ঠিক সোঁমাজতে থকা খাটখনৰ শিতানত লাইব্ৰেৰীৰপৰা অনা কিতাপকেইখন,বাতৰি কাকত আৰু দুই দিস্তা কাগজৰ বহীখনত নাৰায়ণে আঁকি আছে তাৰ ভবিষ্যতৰ ঘৰটোৰ নক্সা। সেই পৃথিৱীৰে আন এটা কোণত এ.চি.টো অন কৰি কমফৰ্টাৰখন গাতে মেৰিয়াই মাজে মাজে আইফ’নটো চাই লেপটপত কিবা টাইপ কৰি আছে সমীৰে……. অৱশেষত সেই দিনটো আহিল, তৃতীয়বাৰৰ বাবে চেষ্টা কৰি বিফল হৈ সমীৰে দেউতাকক জনাই দিলে  প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিবলৈ আৰু জোৰ কৰিলে ঘৰ এৰি গুচি যোৱাৰ নিষ্ঠুৰ সিদ্ধান্ত! দেউতাকে লগে লগেই হোণ্ডাৰ শ্ব’-ৰুম এটা

Read more

বস্তুবাদী-অনসূয়া বৰঠাকুৰ

মালিকনী বাইদেৱে বাহিৰৰপৰা অনা ধুনীয়া কাঁচৰ সজোৱা বস্তুটো হঠাৎ এটা শব্দ কৰি তলত সিঁচৰতি হৈ পৰিল। কেনেকৈ কি হৈ গ’ল তৎ ধৰিবই নোৱাৰিলোঁ, ওচৰতে থকা হ’লে মই গালি খোৱাটো খাটাং আছিল, নেদেখাজনৰ কৃপাত এইবাৰলৈ বাচিলোঁ যদিও গুৱাল-গালিবোৰ হজম কৰি গ’লোঁ।  “নিজেই কেনেকৈ পৰি যাব পাৰে?”  “একেবাৰে কাষত কোনে থৈছিল?”  “ইচ্ ইচ্ পইচাখিনি পানীত পৰিল।” “মোলৈ আজি ভাত নবনাবি মালতী।”  খঙে-দুখে একাকাৰ হৈ ভাত-পানী নাখাই বাইদেউ শুবলৈ গ’ল; হয়তো আজি তেওঁৰ টোপনি নাহিবও পাৰে। এদিন কন্যা মালাৰো হৃদয়খন ভাঙি চূড়মাৰ কৰি

Read more

দৰব-নন্দিতা ভাণ্ডাৰ কায়স্থ

চকীখনত বহি  দৰবৰ বটলটো দুয়োখন হাতেৰে জোৰকৈ ধৰি আছে বিভাই। চকুত খং, ক্ষোভৰ যেন একুৰা জুই হে জ্বলিছে। দৰবখিনিয়ে যেন আজি তাইৰ বাবে মুক্তিৰ পথ লৈ আহিছে। এই দৰব জীৱনদায়িনী নহয়, জীৱন নাশ কৰা হে। স্বামীৰ অকথ্য, অসহনীয় অত্যাচাৰৰ পৰা এই দৰবে তাইক পৰিত্ৰাণ দিব। কথাবোৰ ভাবি বটলৰ সাফৰটো খুলি দিলে বিভাই। বটলটো‌ মুখলৈ নিব ধৰোঁতেই এবছৰীয়া ছোৱালীজনী বিছনাৰপৰা ধপকৈ পৰি পে পে কৈ কান্দিব ধৰিলে। ছোৱালীজনী পৰি যোৱাত বিভাই খোলা বটল তাতেই এৰি দৌৰ মাৰি আহি কণমানিজনীক কোলাত তুলি

Read more

দুটা অণুগল্প- দেৱজিত শৰ্মা

 (১) মা                               “মা,মোৰ আজি প্ৰমোচন হ’ল৷”  কোঠাটোলৈ সোমাই আহি সি মাকলৈ চাই ক’লে,  “তুমি সদায়েই কৈছিলা নহয়, কষ্ট কৰিলে ভাল ফল পোৱা যায় বুলি৷ তুমি সুখীনে মা?” বহু কষ্ট কৰি সি এই পদোন্নতি লাভ কৰিছে৷ আন কাৰোবাক কোৱাৰ আগতেই  মাককে সি প্ৰথম খবৰটো দিলে৷  যদিও সি জানে, মাকে কাহানিও একো উত্তৰ নিদিয়ে৷ দিবনো কেনেকৈ, ফটোৱে জানো কাহানিবা উত্তৰ দিব পাৰে! ২)বোজা  “বোৱাৰী মোৰ কাণত লগোৱা মেছিনটো

Read more

আৱেগ-সদানন্দ ভূঞা

ছোৱালীজনীয়ে বিদ্যালয়ত পঢ়িবলৈ যোৱা দিনৰেপৰাই তাই মাকৰ নামটো উহ্য ৰাখি আহিছে । গাঁওখনৰ বহুতৰে কটুক্তি আৰু উদণ্ড ডেকাচামৰ অশ্লীল ইংগিতত প্ৰায়েই তাই দিশহাৰা হয় । দেউতাকৰ ছত্ৰছায়াত ৰশ্মি বৰুৱাই মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে অসমৰ ভিতৰত প্ৰথম হৈ পাছ কৰাৰ পাছত গুৱাহাটীৰ সম্বৰ্দ্ধনা সভালৈ দেউতাককো লগত লৈ যায় ।সম্বৰ্দ্ধনা সভাৰ অসংখ্য জনতাৰ মাজত নাঙলৰ মুঠিত ধৰা দেউতাকৰ শক্তিশালী হাত দুখন কঁপি উঠিছিল আৰু হুকহুকাই কান্দি দিছিল ঠিক সেইদিনটোৰ দৰে,যিদিনাখন তেওঁৰ ৰূপহী পত্নীক গাঁৱৰে চাৰিজন অসৎ চৰিত্ৰৰ লোকে অসহায় অৱস্থাত পথাৰত অকলে পাই

Read more

‌হেঁপাহ-কমলা দাস

বোৱাৰী পুৱাতে খিৰিকী খন খুলি দিলোঁ।  এজাক শৰালি বেলিটো আনিবলৈ উৰি গৈ আছিল।  সিহঁতৰ  ডেউকাৰ সৈতে মোৰ মনো উৰিছিল।  আজি মাৰ ঘৰলৈ যাম!  বনফুল তেল ঘঁহা মাৰ  চুলিৰ সুঘ্ৰাণ প্ৰাণ ভৰি উজাই ল’ম। দেউতাৰ চেনেহ সনা আদৰুৱা মাতত, মই এতিয়া বোৱাৰী বুলি এখন্তেক পাহৰি থাকিম ! নিয়ম আবেলিৰ ৰংবোৰ সানি এজাক পখী ঘৰমুৱা হৈছে।  বেলি নৌ উঠাৰপৰাই কৰা সংগ্ৰাম, দিনান্তত সামৰি থৈছে।  নতুন দিন এটাত নতুন উদ্যমেৰে পুনৰ সংগ্ৰাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিৰে। প্ৰকৃতিয়ে, প্ৰকৃতিৰ নিয়ম মানে। নৰমনিচে হে নামানে। পিঞ্জৰা

Read more
1 2 3 4 5