বিভীষিকা সময়-অনামিকা (সংগীতা) কলিতা

ল’ৰা-ছোৱালীহালক স্কুলত থৈ গিৰিয়েকৰ কাৰণে টিফিনটো লৈ গৈছিল তাই।আধাবাটত দেখিলে চৌদিশে কেৱল ধোঁৱা, চাৰিওফালে আন্ধাৰ, পোৰা পোৰা গোন্ধ, তেজেৰে লুতুৰি-পুতুৰি শৰীৰ,জীৱৰ আৰ্তনাদ, আলাই-আথানি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল।মানুহৰ দৌৰা-ঢপৰাত ভৰিৰ জোতা-চেণ্ডেল, বেগ ৰাষ্টাত সিঁচৰতি হৈ পৰি থাকিল। সন্ধিয়া পৰত এনেকৈ বহি থাকিলে আজিও মনত পৰে জেউতিৰ ৩১ অক্টোবৰৰ বোমা বিস্ফোৰণৰ সেই বিভীষিকাময় দিনটোৰ কথা।হস্পিটালৰ বাৰাণ্ডাত পৰি আছিল তাই, গিৰিয়েক আই. চি. ইউ. ৰূমত, কি কৰিব একো উৱাদিহ পোৱা নাছিল।দুৰ্ঘটনাত আহত আৰু নিহতসকলৰ আত্মীয়সকলৰ হৃদয়বিদাৰক কান্দোনে আকাশ বতাহ কঁপাই তুলিছিল।জেউতিয়ে নিজৰ

Read more

দৌৰ-ঋতুপৰ্ণা দত্ত

কঠিন অথচ হিয়াজুৰোৱা অধৰত হাত ফুৰাই তন্দ্ৰামগ্ন তাই সিহঁতৰ প্ৰেমত নিমজ্জিত হ’ল। বাৰে বাৰে হাত ফুৰায়ো যেন তৃপ্ত নহয়। আতুৰত তাই বিৰবিৰায়…উস্!এই প্ৰেম,এই ভালপোৱাৰ শেষ নাই…। “হেৰা বʼলা বিয়া খাবলৈ নোযোৱা নেকি?”  এনেকুৱাতে কাণৰ কাষতে মানুহজনে চিঞৰি উঠিল। তাই যেন আকাশৰ পৰাহে খহি তললৈ পৰিল।কোনো কল্পনাৰ এখন সাগৰত তাই অতপৰে সিহঁতক সাৱটি উটি-ভাঁহি ফুৰিছিল।কিমান যে ভাল লগা অনুভৱে তাইক ইমান সময়ে সামৰি ফুৰিছিল।  মানুহটোলৈ তাইৰ খং উঠিল।সিহঁতৰ লগত একাত্ম হৈছিলহে!দিলেহি নহয় টেংটেঙীয়া মাতডালেৰে চিঞৰি। মানুহটোলৈ তাই ঘোপাকৈ চালে।মানুহটোৱেও গম নাপালে

Read more

পৰীক্ষাৰ প্ৰতিযোগিতা-অনামিকা(সংগীতা)কলিতা

“সোণ আহিলি?”  “অ।” “কিবা হৈছে নেকি ?”  “মা,গণিতৰ বহী দিছে।এইবাৰ মোৰ খবৰ বেয়া।ৰমেন আৰু মই একে নম্বৰ পালোঁহেঁতেন কিন্তু সি বহীত চাফ-চিকুণৰ কাৰণে পাঁচ নম্বৰ বেছি পালে।এইবাৰ সি প্ৰথম হৈছে,মই দ্বিতীয়।কি কৰিম ভাবি পোৱা নাই।” “বোপা,এইটো দুখ কৰিব লগা কথা নহয়।কেতিয়াবা বন্ধু এজনে তোমাতকৈ বেছি পাইছে তাকে লৈ তুমি খং, অভিমান বা হিংসা নকৰিবা।নিজৰ কোনখিনিত ভুল হৈছে সেইটো শুধৰাবলৈ চেষ্টা কৰিবা।” “কেনেকৈ মা?” “বোপা,আজি বহীৰ চাফ-চিকুণৰ কথাকে উদাহৰণ হিচাপে লোৱা।তোমাৰ বহীটো আনাচোন ।”  “মা,এইটো লোৱা।”  “বোপা,দেখিছা তোমাৰ আখৰবোৰ ভালেই হৈছে

Read more

কন্যা সন্তান-শুভ বৰা শইকীয়া

মা,তুমি ক’ত আছানো বুলি কৈ ভিতৰ সোমাই সুমন একেবাৰে মাকৰ ওচৰ পালেগৈ।হঠাতে তাক দেখি মাক আচৰিত হ’ল।তুমি পালাহিয়েই যে।অ’ মা তুমি আগতে কোৱা কথা বোৰৰ বাস্তৱ ছবি খন বা ওচৰত দেখা পাই মই গুছি আহিলো।তোমাৰ কথাবোৰত সম্পূৰ্ণ সত্যতা আছিল।এতিয়া বাস্তৱত দেখিহে উপলব্ধি কৰিব পাৰিলো। সুমন সদায় স্কুলৰ পৰা বায়েক সুনিতাতকৈ এঘণ্টা আগতে আহে।তথাপি তাক মাকে ভাত খাবলৈ নিদি সুনিতা অহালৈ ৰৈ থাকে।মাকৰ দুয়োতা সন্তানৰ  ওপৰত সমদৃষ্টি।ল’ৰা বুলি তাক আগতে খাবলৈ দিলে সুনিতাক ঠাণ্ডা খাবলৈ দিয়াতো সহ্য কৰিব নোৱাৰে। সুমনৰ কোনো আপত্তিয়ে

Read more

ভাগ্যৰ চকৰী-চন্দ্ৰপ্ৰভা বৰুৱা

হঠাৎ বিদ্যালয়ত পুলিচ অফিচাৰ এজন সোমাই আহিল আৰু সোমায়েই প্ৰধান শিক্ষক মণিধৰ বৰুৱা চাৰৰ ভৰিত পৰি সেৱা কৰিলে।বৰুৱা চাৰৰ থৰ-কাছুটি হেৰোৱাৰ উপক্ৰম হ’ল। বিভিন্ন চিন্তাই মনত দোলা দি গ’ল হঠাৎ। “ই কি?কি হৈছে এইবোৰ?তেওঁ নজনা কৈ ক’ৰবাত কিবা ভুল হৈ আহিল নেকি?তেওঁ সপোন দেখা নাইতো!”  নিজকে সংযত কৰি লৈ চাৰে ক’লে, “এয়া কি কৰিছে আপুনি অফিচাৰ? মই একো বুজি পোৱা নাই।মই ক’ৰবাত কিবা ভুল কৰা নাইতো?”  পুলিচ অফিচাৰ জনে চাৰক সাৱটি ধৰি ক’লে, “চাৰ মই হিমাংশু,আপোনাৰ একালৰ ছাত্ৰ।” বৰুৱা চাৰৰ

Read more

নিসঙ্গতা জীৱনৰ-মামণি কলিতা

পৰিয়ালৰ সকলো বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে বৰবৰাণী আজিকালি প্ৰায়ে অকলশৰেই থাকে । অৱশ্যে পৰিয়ালৰ লোকসকলে মাজে-সময়ে লগত অ’লৈ-ত’লৈ নিয়ে যদিও তেওঁহে যাবলৈ মন নকৰে। কাৰণ তেওঁৰ বয়সৰ লোকসকল নাপালে বেছিভাগ সময়েই আৰ-তাৰ মুখলৈ চাই আমন-জিমনকৈ বহি থাকিবলগীয়া হয়। কোনোৱে ভাল-বেয়া দুই-এষাৰ নোসোধা নহয় বাৰু কিন্তু তাৰ পাছত তেওঁ পুৰণি কথা উলিওৱাৰ লগে লগে তেওঁলোকে কিবা এটা অজুহাত দেখুৱাই আঁতৰি যায়। আচলতে বৰবৰাণীৰ ওচৰত নতুন কথা নায়েই, কাৰণ এতিয়াৰ সময় তেওঁৰ বাবে দুৰ্বোধ্য। বেছিভাগেই আন্তৰিকতাবিহীন সম্পৰ্ক। সেয়ে বাৰীৰ গছ-গছনি,

Read more

জীৱন সংগী-পূৰ্ণিমা শইকীয়া গগৈ

: আপুনি আজিৰে পৰা ইটো কোঠাতে শুব। অলকাৰ কথাত কোনো প্ৰতিবাদ নকৰি ৰাজেন আনটো কোঠাত শুবলৈ গ’ল।  পিছদিনা অলকাই আলনাদালত তেওঁৰ কাপোৰখিনি থ’লেহি। আবেলি অফিচৰপৰা আহি দেখিলে যে তেওঁৰ প্ৰ‌য়োজনীয় সকলো বস্তুৱেই কোঠাত আছে।ছটা কোঠাৰ ঘৰটোত এটা শোৱা কোঠা, এটা আলহীৰ কোঠা,ল’ৰা ছোৱালীৰ বাবে দুকোঠা, বহা আৰু খোৱা কোঠা একেলগে আছে।‌কাষতে ৰান্ধনী ঘৰটো। প্ৰতিটো কোঠাৰ সৈতে সংলগ্ন হৈ আছে বাথৰূম। ঘৰটো সাজোঁতে অলকাই নিজৰ পছন্দ মতে কামবোৰ কৰাইছিল। ৰাজেনে মাত্ৰ টকাহে দিছিল।ল’ৰা-ছোৱালী দুটা সৰু হৈ থাকোঁতে মাক দেউতাকৰ লগতে একেটা

Read more

ৰুণিমাৰ সাফল্য-মানসী শৰ্মা

“অ’ মাজনী তই এতিয়াই কাকো একো নক’বি, মই এঘণ্টাৰ ভিতৰত গৈ পাম। তই সকলোকে গোট খাবলৈ ক’লি নহয়। এতিয়া ফোনটো ৰাখিছো দে।” আজিহে ৰুণিমাৰ মনটো ভাল লাগিছে। এই দুই বছৰে নিজকে অপৰাধী যেন লাগি আছে। সকলোকে কথাখিনি  খুলি ক’ব  পাৰিলেহে তাই শান্তি পাব।তাইৰ মনটো দুই বছৰৰ আগৰ দিনবোৰলৈ ঘুৰি গ’ল। “তোৰ ভালনে মাজনী, কি হ’ল ? বৰ দুখত থকা যেন লাগিছে। খুলি কচোন।” তাই মাকক ক’লে… সকলো ক’লে, ৰক্তিমে যে একো নকৰে। সি বিজনেচ কৰে বুলি  এনেয়ে ক’লে।সেয়া দেউতাকৰ হে

Read more

মনৰ নিজানত জোনাক নামে-নন্দিতা ভাণ্ডাৰ কায়স্থ

কাণে-নাকে ভাত দুটামান কোনোমতে পেটত সুমুৱাই বুলীয়ে  ওঁঠত পাতলকৈ লিপষ্টিক অকণ সানি শাহুৱেকক….. “মা ৰুটি বনাই থৈছোঁ, খাই ল’ব।দুপৰীয়াৰ আহাৰো হৈয়ে আছে।গৰম কৰি খাব।বাবাৰ কাৰণেও কণী বইল কৰাই আছে, মই আহিলোঁ”….. বুলি কৈ বুলী গেট খুলি ওলাই আহে। আহোঁতে বাহিৰৰ কাপোৰবোৰ বৰষুণ নপৰা ঠাইত সাউৎকৈ মেলিও থ’লে। ৰাতিপুৱা চৰাইৰ কোলাহল পৃথিৱীবাসীৰ কাণত পৰাৰ সময়তে  বুলীৰো দৌৰাদৌৰি আৰম্ভ হৈ যায়। ঘড়ীৰ কাটাৰ লগে লগে তাইৰ হাত ভৰি সমানে চলে। অৱশ্যে তেনেকৈ খৰখেদা নকৰিলে তাই ঠিক সময়ত কৰ্মথলী মানে ‘বকুলতল এল পি

Read more

নিসঙ্গ-শুভ বৰা শইকীয়া

এসপ্তাহ মানৰপৰা নোমল দাইটিৰ গাটো বেয়া। তেওঁৰ ওচৰত থাকিবলৈও কোনো নাই। এটুপি পানী আৰু এমুঠি অন্নৰ কাৰণে ক্ষণ গণিবলগীয়া হৈছে। হ’ল বুলিনো ওচৰ চুবুৰীয়াই কিমান চাব। তেওঁ কাণেৰে কম শুনা বাবে কথাবোৰ চিঞৰি চিঞৰি ক’ব লগা হয়। এতিয়া দুচকুৰ দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰ দৰে হ’ল।পত্নী বিয়োগৰ পিছৰপৰা তেওঁক দুবেলা দুসাঁজ ভাত যতনাই দিওঁতাও নাইকিয়া হ’ল।পুত্ৰ সন্তান এটি হ’ব হ’ব বুলি  আশা কৰি পাঁচজনীকৈ ছোৱালী সন্তান জন্ম দিলে।সময়ত আটাইকেইজনী বিয়া হৈ গ’ল। সিহঁত নিজৰ নিজৰ পৰিয়ালক লৈ ব্যস্ত। এতিয়া অসুস্থ দেউতাকৰ

Read more
1 2 3 4