তেজপিয়া-হৰগোবিন্দ দাস

বিদ্যালয়খনৰ জনপ্ৰিয় শিক্ষক ধৰণীধৰ বৰুৱাই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠদান সামৰি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অকণমান মত বিনিময় কৰাৰ মানসেৰে ছাত্ৰ-ছাত্ৰীসকলক  সমূহীয়াভাবে এটি প্ৰশ্ন সুধিলে…  : তোমালোকে তেজপিয়া প্ৰাণী কেইবিধমানৰ কোৱাচোন। শ্ৰেণীত চোকা বুলি নাম থকা ছাত্ৰ প্ৰজ্ঞানে ঘপককৈ ঠিয় হৈ কোমলকৈ আৰম্ভ কৰিলে…. : জোক,মহ,ডাঁহ,উৰহ,চিকৰা,ওকণি,মানুহ ইত্যাদি ছাৰ।       বৰুৱা ছাৰে আকৌ প্ৰশ্ন কৰিলে… “এইবাৰ তেজ নোখোৱা প্ৰাণী কেইবিধমানৰ নাম কোৱাচোন।” সপ্ৰতিভতাৰে লগে লগে থিয় হ’ল জাহ্নৱী।তাই ক’লে… : গৰু, ছাগলী, কুকুৰ,মেকুৰী,হৰিণ, জিৰাফ, জেব্ৰা, হাঁহ, পাৰ,মানুহ ইত্যাদি ছাৰ ৷ বৰুৱা ছাৰে

Read more

আত্মা-পাৰুল ফুকন

শোৱাকোঠাৰ বিছনাখনত মালতীয়ে আজি সমস্ত ভাগৰুৱা শৰীৰটো এৰি শুই পৰিছে। এইকেইদিন ঘৰখন গৰম হৈ আছিল যদিও মালতীয়ে অলপো আজৰি পোৱা নাছিল।চাকৰি আৰু শিক্ষাৰ বাবে ঘৰৰ বাহিৰত থকা স্বামী আৰু ল’ৰা-ছোৱালীকেইটা ছুটীত ঘৰলৈ অহাৰ পোন্ধৰ দিন মানেই হ’ল। ছুটী শেষ হ’লত আজি স্বামীৰ লগতে ল’ৰা-ছোৱালী কেইটাও নিজৰ নিজৰ স্থানলৈ গ’ল।ঘৰৰ কাম কৰা ল’ৰাটোও মাকৰ অসুখ হোৱাৰ খবৰ পাই সিও নিজৰ ঘৰলৈ গ’ল। মালতী যদিও বিছনাত শুই আছে মনটো কিবা এটা ভাল লগা নাই। সকলো যোৱাৰ পাছত এনেয়ো ঘৰখনৰ পৰিৱেশ ঠাণ্ডা হয়।

Read more

বকুল জোপাৰ অপমৃত্যুত-লিলি বৰদলৈ

বহু দিন বকুলৰ মালা গঁথা নাই , বহুদিন বকুলৰ গোন্ধ পোৱা নাই…….. পুৱা ৰেডিঅ’টোত বাজি আছে শ্ৰদ্ধাৰ বীৰেন্দ্ৰ নাথ দত্তদেৱৰ বকুল জুপিক লৈ গোৱা গীতটি।ময়ো গুণগুণাই কাপোৰ এখন লৈ ধূলি মচি আছোঁ বাৰান্দাৰ চকী কেইখনৰ। ঘপ-ঘপ শব্দত ছন্দ পতন ঘটিল ৰেডিঅ’ৰ গীতৰ,লগতে মোৰ গুণ গুণনিৰো।চকু গ’ল শব্দৰ দিশে।এৰা,আজি যে গছজোপাৰ অন্তিমযাত্ৰা! বকুলজোপাক লৈ কিমান যে সপোন….! কপৌ চৰাইহালৰ,ডাউক কেইটাৰ,বুলবুলি কেইটাৰ আৰু লগতে মোৰো। পিছে সপোন সপোন হৈয়েই ৰ’ল। হয়,বকুলজোপাক লৈ সপোনে পোখা মেলিছিল আজিৰ পৰা বিশ বছৰৰ আগতেই। সেইদিনা পাঁচ

Read more

শুভাকাংক্ষী-হৰগোবিন্দ দাস

প্ৰশান্ত ফুকনৰ সৰু ল’ৰা অজয়ে পূৰ্বতে অৱতীৰ্ণ হোৱা  ‘ইণ্টাৰভিউ’ৰ সুফলস্বৰূপে একেদিনাই তিনিটা বিভাগত তিনিখন চৰকাৰী নিয়োগ পত্ৰ লাভ কৰিলে।খবৰটো শুনি ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন, শুভাকাংক্ষী সকলোৱে খা-খবৰ ল’লে আৰু নিজ নিজ ধ্যান-ধাৰণাৰে পৰামৰ্শ আগবঢ়াই শুভেচ্ছা জনালে। অজয়ৰ সম্পৰ্কীয় মোমায়েক এজনে অজয়লৈ চাই প্ৰশ্ন কৰিলে – “তুমি কোনটো বিভাগত যোগদান কৰিম বুলি ভাবিছালা?মোৰ বোধেৰে তুমি প্ৰথম নিয়োগ পত্ৰ পোৱা বিভাগটোতে যোগদান কৰা ভাল হব ৷ মই জানো নহয়, সেই বিভাগটোত সোমালে তুমি দৰমহাৰ টকা হাতেৰে চুবই নালাগে।বাহিৰা টকাৰেই তুমি অতি সুন্দৰকৈ মাহটো চলি

Read more

অনুভৱ-সংহিতা ভট্টাচাৰ্য্য

-সপোন হেঁপাহবোৰৰ মাজেৰে–জীৱন! ৰূমটোৰ টেবুলখনৰ ওপৰৰ বাতৰিকাকতখনত জিলিকি থকা হেডলাইনটোলৈ প্ৰথমেই চকু গ’ল তাৰ। ‘ভেন্সাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ এইবাৰো প্ৰাদেশিকৰণ কৰা নহয়।’ অলপ সময় ৰৈ থাকিল সি। বিছনাৰ তুলিখনৰ তলত থৈ দিয়া তাৰ চাৰ্টিফিকেটৰ টোপোলাটো লাহেকৈ উলিয়াই আনিলে অনিৰ্বাণে।এখন এখনকৈ চাই গ’ল সি। এসময়ৰ সপোন আৰু আশাৰ এই চাৰ্টিফিকেটবোৰ আজি মাত্ৰ উকা কাগজ কেইখিলামানৰ দৰে লাগি গ’ল অনিৰ্বাণৰ। দুদিনমান আগতে যমুনাই কোৱা কথাষাৰ তাৰ মনলৈ আহিল।  : বুজিছে এইবাৰ আপোনাৰ চাকৰিটো হ’লে ছিলঙলৈকে যাম দিয়ক। আমাৰ সোনটোৱেতো আজিলৈকে গাঁৱৰ বাহিৰখনকে দেখা

Read more

ভদ্ৰকান্তৰ অনুভৱ-শিখা হাতীবৰুৱা

ভদ্ৰকান্তই আজিৰপৰা প্ৰায় ডেৰ বছৰমান গাঁওখনৰ শেষৰফালে থকা খেৰণিডৰাৰ কাষৰ বাঁহ-খেৰৰ ঘৰটোত অকলেই থাকে।ওচৰতে দুই এঘৰ মানুহ আছে যদিও তাৰ সমবয়সীয়া মানে বিয়া পতা বয়সৰ নাই বুলিয়েই কব পাৰি।সৰুতেই মাকজনী ঢুকাল আৰু এতিয়া ডেৰবছৰৰ আগতে দেউতাকেও তাক অকলশৰীয়া জীৱন এটা দি গ’লগৈ।সম্পৰ্কীয় কোনেও হয়তো এতিয়া তাৰ লগত ঘনিষ্ঠতা ৰক্ষা কৰি থকা নাই ।মুঠতে সি একপ্ৰকাৰে অকলশৰীয়া বুলিয়েই নিজকে ভাবে। মাকৰ মৃত্যুৰ পিছত দেউতাকে তাৰ প্ৰতি থকা দায়িত্বৰ দোহাই দি এটা পুৰণি বাকচ বৰ সযতনে দুটা কোঠলিৰ ঘৰটোৰ বিছনা থকাটোৰ এচুকত

Read more

মা তোৰেই মৰমত-মানসী শৰ্মা

তাই গাটো ধুই লৰালৰিকৈ শাহুৱেক উঠাৰ উমান পাই  পাকঘৰ সোমালগৈ।শাহুৱেকে নিজে  চাহকাপ বনাবলৈ  অহাৰ আগতেই তাই  চাহৰ চচটো গেছত উঠাই দিলে।  শাহুৱেকে মনতে  ভাবিলে  “আজি দেখোন শেনৰ  এজাত।” শাহুৱেকে মুখখন ধুই অহাৰ লগে লগেই হাজাৰ কামৰ মাজতো চাহকাপ তায়েই দিবলৈ চেষ্টা কৰে।শাহুৱেকে  কথাটো সিমান ভাল নাপালে।তেখেতে সন্দেহ কৰিবলৈ ল’লে। “মই চাহৰ লগত পিঠা, লাডু খাওঁ  বুলিয়েই এই নিজেই চাহ দিবলৈ লৈছে।ৰ’ তোক মজা দিম।মোৰ খোৱা তই  সৰহ দেখ।”   তেওঁ বোৱাৰীৰ খুঁত  ধৰিবলৈ সুযোগ বিচাৰি থাকিল। এদিন সুযোগ মিলিল। তাইৰ হাজাৰ 

Read more

বিজ্ঞাপন-হৰগোবিন্দ দাস

মহানন্দ বৰুৱা অঞ্চলটোৰ ভিতৰতে জনাজাত আঢ্যৱন্ত শ্ৰেণীৰ গণ্য- মান্য ব্যক্তি ৷দুজন পুত্ৰ তেওঁৰ।চাকৰিসূত্ৰে দুয়োজনে পৰিয়ালসহিতে ঘৰৰপৰা বাহিৰত থাকে। আলধৰা ল’ৰা এটি ৰাখি বৰুৱা- বৰুৱানীয়ে সংসাৰখন চলাই আছিল।কিন্তু বিধিৰ বিপাক,বৰুৱানীয়ে মাত্ৰ দুদিনৰ জ্বৰতে বৰুৱাৰ সঙ্গ চিৰদিনৰ বাবে ত্যাগি অজান দেশলৈ গুচি গ’ল।বৰুৱাই বাহিৰত চিকিৎসাৰ ব্যৱস্থা কৰাৰ কোনো সুযোগেই নাপালে ৷ পত্নী ঢুকোৱাৰ পাচত বৰুৱাই একাকীত্বত ভুগিছে ৷ পুত্ৰ-বোৱাৰী সকলো নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত ৷ ফোন এটা কৰি দেউতাকৰ খা- খবৰ অকণ লবলৈকো যেন সিহঁতৰ আহৰি নাই ৷ মহানন্দ বৰুৱাই বাতৰি

Read more

মৰমৰ মূল্য-পূৰ্ণিমা শইকীয়া গগৈ 

দীঘল পদুলীটোলৈ কেইবাবাৰো অহা-যোৱা কৰিলে সনাতন শইকীয়াই। এই সময়ছোৱা বৰ আগ্ৰহেৰে ৰৈ থাকে তেওঁ। কিন্তু আজি সময় পাৰেই হ’বৰ হ’ল। ভায়েক বিনন্দৰ দেখা দেখিয়েই নাই।  “হেৰি ভাত খাওকহি আহক। কিমাননো  বাটলৈ অহা-যোৱা কৰি থাকে।” পৰিবাৰ নিৰ্মলাই মাত লগালে।  “অলপ সময় ৰ’বাচোন। মোৰ ভোক লগা নাই নহয়। আজিৰ দিনটোত ভাতকেইটা তাৰ সৈতে খাইহে  ভাল লাগে।”  পিছে দুপৰীয়া হোৱালৈকে বিনন্দ নাহিল। সনাতন শইকীয়াই অকলেই ভাত খালে। নিৰ্মলাই বৰ সুন্দৰকৈ ভাত সাঁজৰ যোগাৰ কৰিছিল। বিনন্দই ভাল পোৱা পাৰ মাংসৰ আঞ্জা, কচুশাকৰ সৈতে কণবিলাহী

Read more

শ্ৰদ্ধাঞ্জলি-পূৰ্ণিমা শইকীয়া গগৈ

শ্ৰাদ্ধৰ সকলো আয়োজন চলি থকাৰ মাজতে হঠাতে বৰ পুত্ৰ প্ৰশান্তৰ মনত পৰিল কথাটো।শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি জনাবলৈ দেউতাকৰ ফটো এখন লাগিব।তাৰ ওচৰত নাই।ভায়েক দিগন্ত আৰু ৰক্তিমৰ ওচৰতো নাই।কি হ’ব এতিয়া?সকলোৰে ঘৰত শ্ৰাদ্ধৰ দিনা ধূপ,বন্তি জ্বলাই ফুলেৰে সজাই থোৱা ফটো সিহঁতে দেখিছে। সকলোৰে হাতত দামী দামী মোবাইলত পৰিয়ালৰ লগত তোলা বহুত ফটো আছে। কিন্তু দেউতাৰ ফটো এখন তুলি থোৱাৰ কথা কোনেও নাভাবিলে। শেষত তিনি পুত্ৰই মাকৰ কাষ চাপিল। ”তোমাৰ ওচৰত দেউতাৰ ফটো আছে নেকি?” মাকে নতুন ঘৰত এলাগী হৈ পৰি থকা পুৰণি

Read more
1 2 3 4