সকাহ-মন্দিৰা শৰ্মা
ৰ’দটো দেখি নীলাৰ মনটো ভাল লাগিছিল।কিমান দিন যে ৰ’দৰ পোহৰ দেখা নাই!নেৰা-নেপেৰাকৈ হৈ থকা বৰষুণ জাকে নীলাৰ মনটো সেমেকাই ৰাখিছিল। চহৰলৈ অহাৰ পিচৰপৰাই চহৰৰ কৃত্রিম বানপানীৰে মুখামুখি হ’ব লগা হৈছিল।বৰষুণ দিলেই কৃত্রিম বানপানীৰ কবলত পৰে বুলি নীলাৰ চিন্তাৰ তত নোহোৱা হয়। বানপানীৰ লগত যুঁজি যুঁজি নীলাৰ পৰিয়ালটোৱ ভাগৰি পৰিছিল।আৰু কিমান ঘৰ সলাব!পানী কেনেবাকৈ যদি ঘৰৰ ভিতৰত সোমাই ওলোৱাৰ নাম নলয় ! তেনেকুৱাত ল’ৰা-ছোৱালী দুটাৰ স্কুল খতিৰ লগতে বেমাৰো হয়।সেই সময়ত ভাল ঘৰ এটা লবলৈ অৰূপৰ চৰকাৰী চাকৰিৰ পৰ্য্যাপ্ত পৰিমাণৰ দৰ্মহা
Read more