মধুমেহ-ভনিতা শৰ্মা
হাতত চকোলেটৰ পেকেট এটা আৰু এথোপা ফুল লৈ বৰুৱা ওলাই গ’ল৷বিয়া-সকাম,জন্মদিন আদিত বৰুৱাই ঘৈণীয়েকক জীয়েকৰ সৈতে একেলগে যোৱাৰ সুবিধাটো কৰি দি নিজে আগতীয়াকৈ গৈ মাত লগাই আহে৷ঘৈণীয়েকে সোধে কেতিয়াবা… ’’প্ৰতিবেশীৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰোঁতে আইজনীক প্ৰতিবাৰেই মই লগত লৈ যোৱাতকৈ তুমিয়ে ময়েচোন একেলগে যাব পাৰোঁ৷” “এহ,তোমালোকৰ সাজোতে কাচোতে যিমানহে সময় লাগে,তেতিয়ালৈ মই গৈ সাউতকৈ মাত এষাৰ দি অহাই ভাল৷খোৱা বোৱাততো মোৰ এনেয়ো ৰাপ নাই৷মিঠা-মচলা দিয়া আদি খাবই নোৱাৰোঁ৷মই কেৱল যাব লাগে আৰু মাতটো লগাই আহিব লাগে৷তোমালোক লাহে ধীৰে খোৱাৰ পৰত গৈ
Read more