লিমাৰিক -হৰিচন্দ্ৰ ডেকা

                         (১) ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে মোলৈ ঘনেঘনে ময়ো একচেপ্ত  কৰোঁ যদি মিলে মনে হাই হেল্লো বাৰেপতি মোৰ   হয়   লটিঘটি ইনবক্স   ইগন’ৰ   কৰোঁ  তেতিক্ষণে  ৷                       (২) বেটেৰি লগোৱা ৰিক্সাত উঠিছে  নেকি ? ময়ো উঠি পিছে এবাৰ শিকিলোঁ ঠেকি কিনো গতি তাৰ ভাই নমাৰো  উপায়  নাই গতি কমাব নোৱাৰি মাৰিলে ফাঁকি ৷                      (৩) ৰখাব  নোৱাৰি ৰিক্সা  পৰিল  খালত জাপ দিওতে আঁচোৰ লাগিল গালত পুলিচ আহিল দৌৰি নগ’লো কিবাকৈ মৰি

Read more

কন্যা-মানসী শৰ্মা

হৃদয় জুৰোৱা গান এটা হৈ আহিলা মোৰ জীৱনলৈ তোমাৰ আগমনত মোৰ ৰিক্ত হৃদয় পৰিলে জুৰ তোমাৰ খিলখিল হাঁহিত মোৰ শুকান হৃদয়ত বলিলে এচাটি মলয়াৰ বা। তোমাৰ থুনুক-থানাক মাতটিয়ে জগালে বুকুত আশা আকৌ  নতুন জীৱন ঘূৰাই পোৱাৰ আনন্দত হলোঁ মই আত্মহাৰা। তুমি  যেন মোৰ জীৱনলৈ আহিলা  সৰগৰ পাৰিজাত ফুল হৈ বিলালা জ্যোতি মোৰ অন্ধকাৰ গৃহ আমোলমোলাই ফুলি ৰলা মোৰ পদূলি শুৱাই। কিমান দিনলৈ নো থাকিবা মোক আবৰি সমাজৰ নিয়ম মানি যাবাগৈ গুচি অন্য এখন ঘৰ পোহৰ কৰি। বুকুত শিল এটা বান্ধি

Read more

শব্দৰ বৰষুণ-নিবেদিতা শৰ্মা 

মেঘ মেঘ লগা মোৰ  হৃদয়ত সাঁচি ৰাখো এজাক সপোন যেন বৰষুণ আৰু জীৱনৰ সত্যতা, যোৱা নিশাৰ বৰষুণজাকে কৈ গৈছিল কাণে কাণে মোৰ হেনো হৃদয়ত ফুলি উঠিছে একোপাহি সূৰুযমুখী , তুমি কৈছিলা বাবেই  লিখিছিলোঁ এটা কবিতা বৰষুণৰ, এজাক সপোন যেন বৰষুণৰ শব্দৰ বৰষুণজাকে মোকেই তিয়াই জুৰুলা কৰিলে নিবিড় আন্ধাৰত মই যেন এক বিচ্ছূৰিত সত্তা হৈ ৰ’লোঁ বৰষুণে থেকেচি জুৰুলি জুপুৰি কৰা হৃদয়খনৰে এতিয়া বাট চাইছোঁ , প্ৰত্যাশাৰ উন্মুখ মনলৈ  হয়তো আহিব এজাক শব্দৰ বৰষুণ …! ************

Read more

কি ৰং সানিলা-উপাসা ভাগৱতী

কেতেকীৰ ৰেণুৰ দৰে ৰং নে গোন্ধটো কেতেকীৰ দৰে নাই নাই নহয় ন’হলে যে তোৰ কাষ কোনেও নাচাপিব কাষে পাঁজৰে থাকিব সেই বিষধৰ দেখিলেই ফণা মেলি খেদি আহিব। ডালত ওলমি থকা কপৌৰদৰে নেকি জীৱনটো পৰাশ্ৰয়ীৰ? নাই নাই তগৰৰ দৰেহে  গোন্ধে আমোলমোল হিয়া সেইবাবে সকলোৱে গোন্ধতে ওপঙি প্ৰেমক বৰঘৰত স্থান দি হয় উন্মনা তই আহিলে সৰুদৈ,বৰদৈৰ তাণ্ডৱে দুর্বল মনটো মষিমূৰ কৰিলেও পুনৰ ন-কুঁহিৰে নিজৰেই কৰে গুণ-গান মাহ-হালধিৰ আবিৰ সানি আমৰ মূল ,কঁঠালৰ মুচিৰে কি যে ৰান্ধে জুতি জেতুকাৰ ৰঙা ৰঙে, গোন্ধে শিপাই

Read more

ব’হাগ-মোহাইমিনুৰ ৰহমান 

বৃষ্টিৰ প্লাৱনেৰে সু-সজ্জিত  আজি মোৰ জন্মভূমিৰ  প্ৰতিজোপা গছ সেউজীয়া বৰণৰে কুলিৰ কুউ কুউ মাতত বাপতি সাহোন ব’হাগৰ আগমণ শিপিনীৰ হাতৰ পৰশ তাঁতশালৰ খিতিক্-খিতিক্ শব্দ ডিঙিত স্বাভিমান গামোচা লৈ নতুনত্বক আলিংগন যৌৱনৰে ভৰপূৰ দেহ-মন ঢোল পেঁপা গগনাৰ মাতত অসমী আইৰ বুকুত শান্তিৰ বাতাবৰণ  ব’হাগ মানে প্ৰেম কপৌ পাহি মুগা ৰিহা অলংকৃত গাভৰু নাচনীৰ তত নাই গাত বিহুৱা ডেকাজাককো স্পৰ্শ কৰি যায়হি মৰমৰ সুবাস বিলোৱা প্ৰেমৰ ধুমুহা এজাক  আকৌ যদি লওঁ পুনৰ জনম অসমী আইৰ বুকুত বহাগীৰ কোলাতে মেলিম জীৱনৰ প্ৰথম দুচকু

Read more

তাই-ৰাজু কুমাৰ নাথ

         (১) সময়ৰ দুৰন্ত গতি,  তাইৰ হাতে ফুটা ঘটি,  ফুৰে লোকৰ ৰটনা ৰটি,  এদিন পৰিল সকলোৰে যতি।             (২) ৰূপ, ধন, যৌৱন হয় জানো আপোন? সময়ত নিজেই ভাঙে নিজৰেই দাপোন,  ধনেও লগ এৰে, লৰ মাৰে অযুত সপোন,  মৰি আহে মন পাৰভঙা নদীৰ কান্দোন ।             (৩) তাই দুচকুৰ মায়াজাল এৰুৱালে, অহংকাৰেই পতন পলমকৈ বুজিলে, নতুনকৈ নিজকে তাই পুনৰ সজালে, মৰম আৰু আদৰেৰে জগতখন জিনিলে। ************

Read more

ঘৰৰ সংজ্ঞা-চিত্ৰলেখা দেৱী

তলসৰা  বকুলৰ মালা গাঁথি থাকোঁতেই  পোখা মেলিছিল বুকুৰ কোণত  এটি বকুলৰ বীজে। মোৰ বাৰীত ৰুই থ’লে  ছিঙিব পাৰিমচোন – এপাহ, দুপাহ  তল সৰিবলৈ নৌপাওঁতেই  । দেউতাই কলে – থ থ, বকুল নোৰোৱে ঘৰত ; মোৰ বাৰীৰে ডাল-গছবোৰ ভাগি গৈছে তগৰ, খৰিকাজাঁইৰ ভৰত। শিৰত সেন্দুৰেৰে এওঁৰ হাতত ধৰি যাওঁতেও  বুকুত কঢ়িয়ালোঁ বীজটি ; জানোচা জেগা অকণ পাওঁ। ঠাই ক’ত —ঠাই  ? ঘৰ-বাৰী ভৰি আছে ৰঙীন ফুলেৰে। শহুৰ, শাহু, দেওৰ, ননদ ভিন্ন চখ সকলোৰে  এওঁ ক’লে — ঠাই নাই, ঠাই নাই;  আগৰে

Read more

নদীৰ কাষত ৰৈ-ৰঞ্জিত কুমাৰ শৰ্মা  

নদী ঐ বৈ থাক অবিৰাম নীলাভ্ৰই দিগন্ত চুলে তোৰ লাৱণ্য চোৱাৰ হেঁপাহ পূৰাম৷ তোৰ পাৰতে কটাম এটি বিয়লি বেলা দুনয়ন ভৰি চাম চিকমিক তৰংগৰ চঞ্চল খেলা৷ তোৰ বুকুত ওপঙি থাকে যে খেলি তলুৱাত তুলি ল’ম পশ্চিমৰ সেই সেন্দূৰীয়া বেলি।  নীড়মুখী পক্ষীয়ে লৈ আহিলে গধূলি ৰৈ থাকিম চাবলৈ তোৰ বুকুত চন্দ্ৰমাৰ ৰূপালী৷ ************

Read more

আইতা-হৰিচন্দ্ৰ ডেকা

(প্ৰতিটো শাৰী চৈধ্য আখৰীয়া) তুমিও   আইতা   কম   ধুনীয়া  নাছিলা ওৰণিৰে   যেতিয়া   ন – কইনা   আছিলা ? তোমাৰ   তেজগোঁৰা   আজিৰ  মুখখন কিচকিচীয়া ক’লা  চুলি  সঁচাকৈয়ে  ঘন ৷ খুন্দনাৰ   তামোলৰ    সেলেঙি    লগাই টিঁয়া   বৰণীয়া   ওঠ   পিকেৰে  বোলাই ৷ এতিয়াও   আইতা   পেলোৱানে   মনত  মিচিকিয়া    হাঁহিটো   ওৰণিৰ    তলত ? তাহানিও  লগাইছিলা জেতুকাৰ  বোল চুলিৰ   সুগন্ধ    বিলাই   আমোলমোল ৷ আজিও তোমাৰ এই 

Read more

এই প্ৰেম সেই প্ৰেম-পদ্মলোচন ভৰদ্বাজ

তই বিচাৰিলেও বা নিবিচাৰিলেও মই প্ৰায়েই তোৰ কাষত বহোঁ সপোনত৷৷ তই ক’লেও বা নক’লেও কথাবোৰ আধৰুৱা হৈ থাকিলেও মই তোৰ কথা ভাবোঁ৷ এই যে আমি দুয়ো দুয়োকে একো ন’কলো তাত আমাৰ প্ৰাপ্তি আছেনে? কেতিয়াবা ভাবো, কৈ দিলেনো কি হ’লহেঁতেন!! ক’ৰবাত পঢ়িছিলোঁ “নোপোৱাৰ বেদনাই হেনো প্ৰেমক পূৰ্ণতা দিয়ে৷৷ তোৰ মনত আছেনে!! ভৰ দুপৰীয়া তোৰ বাৰীৰ পাছফালৰ ঔজোপাৰ কাষত ৰৈ মই মৰা সুহুৰিটো, কৃষ্ণৰ বাঁহীতকৈ কম নাছিল কিন্তু৷ তই বাউলী হৈ দৌৰিছিলি কলঙৰ পাৰলৈ৷৷ আৰু দুপৰীয়াটোৱে লাহে লাহে সেন্দুৰ বুলিছিল, এটা ধামখুমীয়া

Read more
1 2 3 4 5 6 8