ঘৰৰ সংজ্ঞা-চিত্ৰলেখা দেৱী

তলসৰা  বকুলৰ মালা গাঁথি থাকোঁতেই  পোখা মেলিছিল বুকুৰ কোণত  এটি বকুলৰ বীজে। মোৰ বাৰীত ৰুই থ’লে  ছিঙিব পাৰিমচোন – এপাহ, দুপাহ  তল সৰিবলৈ নৌপাওঁতেই  । দেউতাই কলে – থ থ, বকুল নোৰোৱে ঘৰত ; মোৰ বাৰীৰে ডাল-গছবোৰ ভাগি গৈছে তগৰ, খৰিকাজাঁইৰ ভৰত। শিৰত সেন্দুৰেৰে এওঁৰ হাতত ধৰি যাওঁতেও  বুকুত কঢ়িয়ালোঁ বীজটি ; জানোচা জেগা অকণ পাওঁ। ঠাই ক’ত —ঠাই  ? ঘৰ-বাৰী ভৰি আছে ৰঙীন ফুলেৰে। শহুৰ, শাহু, দেওৰ, ননদ ভিন্ন চখ সকলোৰে  এওঁ ক’লে — ঠাই নাই, ঠাই নাই;  আগৰে

Read more

নদীৰ কাষত ৰৈ-ৰঞ্জিত কুমাৰ শৰ্মা  

নদী ঐ বৈ থাক অবিৰাম নীলাভ্ৰই দিগন্ত চুলে তোৰ লাৱণ্য চোৱাৰ হেঁপাহ পূৰাম৷ তোৰ পাৰতে কটাম এটি বিয়লি বেলা দুনয়ন ভৰি চাম চিকমিক তৰংগৰ চঞ্চল খেলা৷ তোৰ বুকুত ওপঙি থাকে যে খেলি তলুৱাত তুলি ল’ম পশ্চিমৰ সেই সেন্দূৰীয়া বেলি।  নীড়মুখী পক্ষীয়ে লৈ আহিলে গধূলি ৰৈ থাকিম চাবলৈ তোৰ বুকুত চন্দ্ৰমাৰ ৰূপালী৷ ************

Read more

আইতা-হৰিচন্দ্ৰ ডেকা

(প্ৰতিটো শাৰী চৈধ্য আখৰীয়া) তুমিও   আইতা   কম   ধুনীয়া  নাছিলা ওৰণিৰে   যেতিয়া   ন – কইনা   আছিলা ? তোমাৰ   তেজগোঁৰা   আজিৰ  মুখখন কিচকিচীয়া ক’লা  চুলি  সঁচাকৈয়ে  ঘন ৷ খুন্দনাৰ   তামোলৰ    সেলেঙি    লগাই টিঁয়া   বৰণীয়া   ওঠ   পিকেৰে  বোলাই ৷ এতিয়াও   আইতা   পেলোৱানে   মনত  মিচিকিয়া    হাঁহিটো   ওৰণিৰ    তলত ? তাহানিও  লগাইছিলা জেতুকাৰ  বোল চুলিৰ   সুগন্ধ    বিলাই   আমোলমোল ৷ আজিও তোমাৰ এই 

Read more

এই প্ৰেম সেই প্ৰেম-পদ্মলোচন ভৰদ্বাজ

তই বিচাৰিলেও বা নিবিচাৰিলেও মই প্ৰায়েই তোৰ কাষত বহোঁ সপোনত৷৷ তই ক’লেও বা নক’লেও কথাবোৰ আধৰুৱা হৈ থাকিলেও মই তোৰ কথা ভাবোঁ৷ এই যে আমি দুয়ো দুয়োকে একো ন’কলো তাত আমাৰ প্ৰাপ্তি আছেনে? কেতিয়াবা ভাবো, কৈ দিলেনো কি হ’লহেঁতেন!! ক’ৰবাত পঢ়িছিলোঁ “নোপোৱাৰ বেদনাই হেনো প্ৰেমক পূৰ্ণতা দিয়ে৷৷ তোৰ মনত আছেনে!! ভৰ দুপৰীয়া তোৰ বাৰীৰ পাছফালৰ ঔজোপাৰ কাষত ৰৈ মই মৰা সুহুৰিটো, কৃষ্ণৰ বাঁহীতকৈ কম নাছিল কিন্তু৷ তই বাউলী হৈ দৌৰিছিলি কলঙৰ পাৰলৈ৷৷ আৰু দুপৰীয়াটোৱে লাহে লাহে সেন্দুৰ বুলিছিল, এটা ধামখুমীয়া

Read more

দেউতা-হিমাশ্ৰী কাকতি

তুমি মোক বেয়া পালা বুলিয়েই মই মোক বেয়া পাব নোৱাৰো দেউতা! তুমি মোৰ অস্তিত্বক ঘৃণা কৰিলা বুলি মই মোৰ অস্তিত্বক কেনেকৈনো ঘৃণা কৰোঁ‌ !! হয়, নিজকে সজাই ভাল পাওঁ‌ মই ! ৰঙীণ পোছাকযোৰ, ৰঙীণ বেনু পাত ৰঙীণ জোতাযোৰ!! কপালত আঁকি লোৱা ৰঙীণ ফোঁটতো… ভাল পাওঁ‌ মই দেউতা! আস্! টনা-আজোৰাখন নকৰিবা চোন দেউতা কষ্ট পাইছোঁ‌ মই! আস্! এৰি দিয়া না দেউতা, এই উৰি ফুৰা বয়সত মোৰ পাখিদুখন নাকাটিবা প্লিজ! অদূৰ-অজ্ঞাত ভৱিষ্যতৰ অভিশাপবোৰ নিদিবাচোন জাপি, তুমি বিন আমি মূধচ্ নোহোৱা ঘৰৰ নিচিনা!

Read more

বগা ৰঙেৰেও বোলাব পৰা হ’লে জীৱন ছবি-মৃণাল  নাথ 

জেতুকাৰ ৰং কিয় ৰঙা হয়? ৰঙা হয় কিয় সেন্দূৰ  বৈধব্যতাক উপহাস কৰি ৰংবোৰ কিয় হয় আনন্দত বিভোৰ? সেন্দূৰেই যদি উদণ্ড উচ্ছৃংখল স্বামীৰ জীয়াই থকাৰ প্ৰমাণ,  নাৰীৰ একেই আচৰণক কিয় সেই সমাজত বেশ্যা উপাধিৰে কৰা হয় অপমান! নাৰী সৌন্দৰ্যৰ প্ৰতীক নাৰীয়েই আৰতি নাৰী মানেই প্ৰাৰ্থনা নাৰী মানেই আৰাধনা।  কবিৰ কবিতাত নাৰী মাতৃ নাৰী প্ৰেয়সী সমাজৰ মুখে মুখেহে মাথো নাৰী চঞ্চলা, প্ৰেম-পিয়াসী। নাৰী মানেই কুন্তী নাৰী মানেই দ্ৰোপদী  নাৰী মানেই সীতা নাৰী মানেই সাবিত্ৰী। নাৰী মানেইতো লক্ষ্মণৰ ভাতৃপ্ৰেমত উপেক্ষিতা উৰ্মিলা নাৰী মানেইতো

Read more

মানুহৰ আশা-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পথৰ দাঁতিয়েদি গৈ আছে… সেই মানুহজন… হাড়ে-চালে লগা সেই মানুহজন।  খাবলৈ ভাত নাই, পীড়িত মানৱ, পিন্ধিবলৈ কাপোৰ নাই, সংকীৰ্ণ সি  তেওঁ জীয়াই আছে কিহৰ আশাত? এমুঠি ভাত বিচাৰি হাবাথুৰি খোৱা,  সেই মানুহজনে ৰাস্তাৰ কাষত বহি… অট্টালিকাৰ সপোন দেখে।  পেটৰ ভোকত পেটত এটুকুৰা গামোচা বান্ধি  তেওঁ ভিক্ষা বিচাৰে…. তেওঁ যে ক্ষুধাৰ্ত…… তেওঁ যে সমাজৰ পৰা বঞ্চিত…. তেওঁক লাগে কেৱল পেট ভৰাই খাবলৈ  এসাঁজ ভাত….. গা ঢাকি ৰাখিবলৈ এটুকুৰা কাপোৰ… কিন্তু তেওঁ পাইছে জানো? তেওঁৰ আশা আশা হৈয়েই ৰয়… তেওঁ যে সংকীৰ্ণ,

Read more

শৰতৰ মালিতা-ভানু বেজবৰুৱা 

শৰত ,  য’ত উটি ফুৰে সুবাস গান গায় জাক জাক শৰালিয়ে, প্ৰকৃতিয়ে পিন্ধে  শ্যামল  সাজ সোণোৱালী  হেঁপাহৰ  বুটা বাচি ৷ স্নিগ্ধ  জোনাকত  বহি তৰাই  বুটা  বাচে  নীলিম চাদৰত , বতাহে  গুণগুণাই  বাগেশ্ৰী তাৰেই  ৰাগীত হয় কঁহুৱা  বাউলী শুকুলা  সাজেৰে  নাচে  প্ৰাণঢালি ৷ শেষৰাতি  উচুপি উঠে  শেৱালিয়ে দূৱৰিৰ  দলিচাত  উবুৰি খাই পৰি গালে মুখে নিয়ৰৰ মুকুতা সানি সাৱটি  ধৰে  দূৱৰিয়ে…… শেৱালি , দূৱৰি , নিয়ৰ , কঁহুৱাই আনে  শৰতক  আদৰি আলফুল , আমোলমোল জ্বলমল  জ্বলমল…… শৰতে  সিঁচি  দিয়ে প্ৰাণে  প্ৰাণে  জনে

Read more

সপোন-হৰিচন্দ্ৰ ডেকা

কেতিয়াবা জানো কি হৈ যায় পলকতে একো গম নোপোৱাকৈ মিঠামিঠা লগা কথাবোৰ সাৰ পালেই নোহোৱা হৈ  যায়। মধুৰ স্বপ্নৰ অন্ত হ’লেই পোহৰৰ মায়াজালত ধুৱঁলী-কুৱঁলী হৈ পৰে আশাৰ সপোনবোৰ, যেনি তেনি খেপিয়াবলৈ চাওঁ কিজানি কৰবাত দেখা পাওঁ, জেকা লগা হিয়াখনৰ শেলুৱৈ ধৰা কুঠৰিৰ মাজতে জানোচা বাহ পাতি আছে। তথাপি জাৰি জোকাৰি  আকৌ উলিয়াই লওঁ মোৰ আলফুলীয়া স্মৃতিবোৰ কিজানি হিয়াৰ মণিকোঠাত  আছে এতিয়াও ঠেহ পাতি।

Read more

অপ্ৰকাশ্য বিষাদ-কৰবী দেৱী

গছৰো হেনো বিষাদ আছে অপ্ৰকাশ্য বিষাদ মঙহত কুঠাৰাঘাত কৰিলেও ডালবোৰত কটাৰীৰ ঘাপ পৰিলেও গছবোৰ স্থিতপ্ৰজ্ঞ।  চিঞৰি কান্দিব নোৱাৰাৰ দোষত আঘাতপ্ৰাপ্ত স্থানত ৰক্তহীনতাৰ অভাৱত বিষাদবোৰ মৌনতাৰ বুকুতে জাহ যায়। তথাপি গছ জী থাকে,  জীয়াই ৰাখে ছাঁ বতাহৰ শীতলতাৰে কুঠাৰাঘাত কৰাজনকে ।  মদৰুৱা বৰণক  ছাইৰঙে গ্ৰাস কৰিলেও  হালধীয়া পাতবোৰ জৰজৰকৈ সৰিলেও  গছ নাভাগৰে,   জী থাকে জীয়াবৰ বাবে  বুকুৰে শিপোৱা ফেৰেঙনিবোৰত  সপোনে গঁজালি মেলে, হেঁপাহে গুণগুণাই  বসন্তৰ সেউজীয়া কুঁহিপাতৰ আশাত।

Read more
1 4 5 6 7 8 10