অনুভৱ -পৰী
শীতৰ পুৱা নিয়ৰৰ আঁচল টানি এচেৰেঙা ৰ’দে এঙামুৰি দি সেউজীয়া দলিচাখনত জিলিকি উঠিল৷ শীতৰ লঠঙা ডালত ওলমি থকা নিয়ৰৰ টোপালবোৰ এটোপ-এটোপকৈ সৰি পৰিছে নিশাৰ সমীৰণজাকে যেন ফুলবোৰ সিঁচি থৈছে৷ পুৱতি নিশা কোমল সমীৰণজাকত বৈ যায় শেৱালিৰ মিঠা সুবাস মোৰ সিৰে সিৰে বৈ যায় তপত প্ৰেমৰ ঢৌ৷ শৰতৰ বোকোচাত উঠি শেৱালি ফুলাৰ বাটেদি আহিল শাৰদীয় দুৰ্গা পূজা আৰু মনৰ স্মৃতিপটত সিঁচৰতি কৰি থৈ গ’ল সোণসেৰীয়া অনুভৱবোৰ৷ **********
Read more