অগ্নিস্নান-জয়ন্ত গগৈ 

ক্ৰিং ক্ৰিং কৈ ম’বাইলৰ ৰিংট’নটো বাজি থকা বাবে শইকীয়াই ভাতৰ টেবুলৰ পৰা আধা খোৱাকৈ উঠি আহি ফোনটো তুলি অচিনাকী নম্বৰ দেখি ৰিচিভ কৰিবলৈ ইচ্ছা নকৰি পুনৰ ভাতৰ টেবুলত ওচৰ বহিলেহি।সানি লোৱা ভাত গৰাহ মুখত ভৰাবলৈ লওঁতেই পুনৰ ম’বাইলৰ ৰিংট’নটো বাজি উঠাত খোৱা হাতেৰে পুনৰ উঠি গৈ আগৰ সেই অচিনাকী নম্বৰৰ ডায়েল ক’ললিষ্টত জিলিকি আছিল।শইকীয়াই ম’বাইলটো হাতত লৈ ৰিচিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগেই সিফালৰ পৰা একো নকৈ মাথোঁ মহিলা গৰাকীয়ে শোক শোকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।শইকীয়াই কান্দোন শুনিয়েই বুজিবলৈ

Read more

এধানি আকাশ,এধানি পোহৰ-চন্দামিতা শৰ্মা 

বেলিটোৱে পৃথিৱীলৈ পোহৰ ছটিয়াবৰ সময়।জীৱনৰ হিচাপ-নিকাচ তথা উশাহৰ ঘনত্বৰ জোখ-মাপ লোৱা ঠাইখিনিৰ এটা নিৰ্দিষ্ট কোঠাৰ বেৰত ওলমি থকা দেৱাল ঘড়ীটোৰ টং টং শব্দত সাৰ পাই গ’লোঁ।   গাটো সামান্য লৰচৰ কৰি বিছনাৰ পৰা হাতে ঢুকি পোৱা দূৰৈত থকা মণিটৰটোত ৰেখাংকিত হৈ থকা নিজৰে হৃদয়ে সৃষ্টি কৰা অনুপ্ৰস্থ তৰংগবোৰলৈ একেথিৰে চাই ৰ’লোঁ।কি যে আচৰিত কথা!সকলোৱে জীৱন যাত্ৰাৰ পথটো একা-বেকা নহৈ এডাল পোন সৰলৰেখা হোৱাটো বিচাৰে অথচ জীয়াই থকাৰ ছন্দক পতন হ’ব নোৱাৰাকৈ ধৰি ৰখা ৰেখাডাল কিন্তু  একেবাৰেই সৰল নহয়।সাগৰত উঠা জোৱাৰ-ভাটা সদৃশ।সৰল

Read more

পানীৰ তলৰ কাঁইট-হৰিচন্দ্ৰ ডেকা

সেই অঞ্চলত দেৱী মহাজন বুলিয়ে সকলোৱে তেখেতক জানে৷মাটি-বাৰীৰে সমৃদ্ধ এজন আঢ্যৱন্ত খেতিয়ক৷বন্ধা ৰাখি খেতি-বাতি চলায়৷মহাজনৰ চাৰিটা ল’ৰা-ছোৱালী৷সনাতন ডাঙৰ; তাৰ পাছত ছোৱালী দুজনী৷দিগন্ত সকলোতকৈ সৰু৷ল’ৰা দুটা স্বভাৱতে একেবাৰে বিপৰীতমুখী।দিগন্ত সহজ-সৰল মিষ্টভাষী; সকলো সিদ্ধান্ত ধীৰে-সুস্থিৰে লয়।সকলোৰে লগত মিলা-প্ৰীতিৰে থাকি ভালপোৱা বিধৰ৷বিপৰীতে সনাতন একেবাৰে উতনুৱা প্ৰকৃতিৰ,আলাসত চাংপাতি ভালপোৱা এক সপোন কোঁৱৰ৷আলাসতে তাক সকলো লাগে৷ইটো লাগে সিটো লাগে বুলি পিতাকৰ থৰকাচুটি হেৰুৱায়৷পঢ়া-শুনাত অলপো মতি গতি নাই৷মেট্ৰিক পাছ কৰি উঠি সি কেইদিনমান কলেজলৈ অহা-যোৱা কৰিলে যদিও পিছলৈ কিতাপে তাক আমুৱালে৷তাৰ নামতে ইতিমধ্যে উদং হৈ থকা

Read more

দিকভ্ৰষ্ট-মৌচুমী হাজৰিকা 

ঔম।। ভূৰ্ভুবঃ স্বঃ।  তৎসৱিতুৰ্বৰেণ্যম।  ভৰ্গো দেৱস্য ধীমহী।  ধিয়ো য়োনঃ প্ৰসোদয়াত্।    একেৰাহে বাজি থকা দেৱী  বন্দনা সংগীত নিশাৰ শুনি শুনি মুখস্থ হৈছিল।এই কেইদিন ঘূৰাই ঘূৰাই বাজি থাকিব।এইকেইদিন মনটো পৱিত্ৰ ভাল ভাৱ এটাৰে ভৰি থাকে।প্ৰকৃতিৰ পৰিৱেশো কিবা এটা ভাল লগা হৈ পৰে।আগচোতালৰ শেৱালীজোপাও ফুলি গোটেই  বাতাবৰণটোকে উদ্ভাসিত কৰি তুলিছে মন-প্ৰাণ ভৰাই দিয়াকৈ।সৰুকালৰ স্মৃতিবোৰে আজিকালি বৰকৈ আমনি কৰে,মাকৰ আৰু ওচৰ চুবুৰীয়াৰ লগত পূজা চাবলৈ যোৱা,আৰু আহোতে সমনীয়াহঁতৰ লগত ডাঙৰ বেলুন এটালৈ বাদাম চোবাই চোবাই খোজকাঢ়ি ঘৰলৈ অহা..!কি যে মধুৰ সময় আছিল সেইবোৰ!কিন্তু

Read more

জীৱনৰ উশাহ -শেৱালি বৰুৱা শইকীয়া

মোৰ এসময়ৰ কলেজীয়া বান্ধৱী মেঘৰঞ্জনীক  কলাক্ষেত্ৰৰ এটা নৃত্যৰ অনুষ্ঠানত কালি হঠাতে মঞ্চত দেখা পাই মই অভিভূত হৈ পৰিছিলো।অনুষ্ঠানৰ শেষত  তাইক লগ পাবলৈ মই উদবাউল হৈ পৰিছিলো। অনুষ্ঠানৰ শেষত গ্ৰীণ ৰুমত তাই কাপোৰ সলাই থাকোঁতেই মই গৈ পিছফালৰপৰা তাইৰ চকুযুৰি ঢাকি ধৰিছিলোঁ।তাই উমানতে মোৰ হাতখন স্পৰ্শ ধৰি মোক নিৰিবিলি বুলি সাৱটি ধৰিছিল।ইজনীয়ে সিজনীক তেনেকৈয়ে বহু সময়  সাৱটি ধৰি আছিলোঁ। আমি নজনাকৈয়ে তাইৰ পুত্ৰ অভীকে আহি দুয়োৰে সেই অন্তৰংগ মুহূৰ্তক মোবাইলৰ কেমেৰাত আৱদ্ধ কৰি পেলাইছিল। কলাক্ষেত্ৰত মেঘাক লগ পোৱা  কালিৰ দিনটোৰ সেই

Read more

জীৱনৰ বাটে-ঘাটে-নমী ফুকন বৰা 

বিয়াখনলৈ যাবলৈ স্বাস্থ্যটোৱে নক’লেও মনৰ আপাহতে,ল’ৰা-বোৱাৰীৰ বাধা নেওচি এৰাতি থকাকৈ বুলি খুড়াহঁতৰ ঘৰ পালোঁহি।আধুনিকতাই গ্ৰাস কৰা গাঁওখনি বহুত কিবা সলনি হ’ল যদিও পুৰণি স্মৃতিবোৰে মনত বাৰুকৈয়ে দোলা দিয়াত কিছু চঞ্চলতাই আৱৰি ধৰিলে।জোৰোণৰ দিনা গোট খোৱা মানুহ সকলোবোৰকে চিনি পোৱা নাই যদিও পুৰণি মানুহ কিছুমানক লগ পাই অভিভূত হৈ পৰিছোঁ। শৈশৱৰ লগৰী বীণাক লগ পাবলৈ মনটোৱে হাঁহাকাৰ কৰি ফুৰিছে।তাইক বা বিয়ালৈ নিমন্ত্ৰণ কৰিছেনে নাই? কাকনো সুধিম?সকলোবোৰ দেখোন কামতেই ব্যস্ত। মনতে থকা প্ৰশ্নটোৰ উত্তৰ পাম বুলি ৰভাৰ তলত থকা চকীতে বহি পৰিলো।কিমান

Read more

কথাগল্প-পূৰ্ণিমা শইকীয়া গগৈ

: মা, তোমাক কথা এটা ক’ব লগা আছিল। : কি কথা? : মা, মই কিশোৰক সহ্য কৰিব নোৱাৰা হৈ আহিছোঁ। সেয়ে ভাবিছোঁ আমি বেলেগ বেলেগ হৈ থকাই ভাল। : তুমি এইবোৰ কি কৈছা?এইবোৰ কথা শুনিলে দেউতাৰৰ অৱস্থা কি হ’ব সেই কথা ভাবি চাইছানে? আৰু লইনাৰ কি হ’ব?তাই দেউতাকক এৰি থাকিব পাৰিবনে? : মা, মই নিজৰ কথা ভাবিম নে আনৰ কথা ভাবিম? : তুমি সকলোৰে কথা ভাবিব লাগিব। : কিন্তু মই কিশোৰৰ লগত থাকিব লাগিলে এদিন নিজকে শেষ কৰিব লাগিব। :

Read more

ৰূপান্তৰ-নন্দিতা ভাণ্ডাৰ কায়স্থ

: উৱা এইকেইটা মাছতে পঞ্চাশ টকা দিব লাগিব? কিনো কৈছা হে?অলপ বেছি দাম লগাইছা দিয়া। এপোৱা জোখাচোন।চল্লিশ টকা ল’বা দিয়া। বীনা ভৰালীয়ে সদায়ে মাছ কিনি থকা অভিজ্ঞ এজনাৰ দৰে চকু ডাঙৰ কৰি বেপাৰীটোলৈ চাই কৈ উঠিল। : নাই বাইদেউ।দিব নোৱাৰিম।ৰাখে যদি এপোৱাত পঞ্চাশ টকাই দিব লাগিব।মই কিলো ডেৰশ টকাকৈ কিনি আনিছোঁ।চল্লিশ টকাত লোকচান হ’ব বাইদেউ। : এহ্ নহয় দিয়া।পাৰিবা।জোখা চোন।ভাল ভাল চাই তাজা মাছকেইটামান।বৰ জোৰকৈ ধৰে ভৰালী বাইদেৱে। : মা,মা এইবোৰ মাছ কিনিব নালাগে।চব নলাৰ মাছ।মই বজাৰৰ পৰা সতেজ মাছ

Read more

ন-ভূঁই-জয়ন্ত গগৈ 

ঐ বুবুল, বুবুল।শোৱাপাটিৰ পৰা নুঠ নেকি? সোনকালে উঠি যা আকৌ।মবিহঁতৰ আজি ন-ভূঁই লৈ মাতিছিল নহয়… বুলি মাই চিঞৰি কৈ থকা শুনিলো টোপনিৰ চকা-মকাত। ঘপহকৈ বিছনাৰপৰা নামি ঘড়ীটোলৈ চকু দি দেখিলোঁ পাঁচ বাজিয়েই গ’ল। দমকলৰ পাৰলৈ গৈ আঁৰবেৰত ওলোমাই ৰখা টুথব্ৰাছত টুথপেষ্ট অলপ লগাই খৰধৰকৈ মুখখন ব্ৰাছ কৰিলোঁ। মায়ে চাহ বাকিবলৈ লোৱাত, মাক হাক দি খৰ-ধৰকৈ ভঁড়ালঘৰৰ আগফালে থোৱা কোৰখন লৈ পথাৰলৈ যাবলৈ সাজু হলোঁ। দেৰিকৈ গ’লে লাজো লাগিব। ৰাতিপুৱাৰ হালোৱা জলপান নিয়াৰ আগতেই পালে ভালো লাগে।ন-ভূঁইলৈ অহা হালোৱা-হজুৱাহঁতৰ সৈতে হাঁহি-স্ফূৰ্তিৰে

Read more

অনৈচ্ছিক-ববিতা শৰ্মা 

: Mr. Baruah please put your signature on this consent form. মাধুৰ্য বৰুৱাই ছিষ্টাৰগৰাকীৰ মুখলৈ চালে।ভাৱলেশহীন এখন মুখ। অতি ফৰ্মেল। মানুহৰ আৱেগ-অনুভূতি, দুখ-কষ্টই চুব নোৱাৰা। পেছাই তেওঁলোকক কঠোৰ হ’বলৈ হয়তো বাধ্য কৰাইছে। জীৱন-মৰণৰ খেলা দেখি দেখি তেওঁলোক অভ্যস্ত হৈ পৰিছে।গতিকে মাধুৰ্য বৰুৱাৰ বুকুত বলি থকা ধুমুহাজাকৰ খবৰ তেওঁৰ নাই। তেওঁলোকৰ বাবে এইবোৰ সাধাৰণ ঘটনা। কিন্তু মাধুৰ্য বৰুৱাৰ বাবে…। আজি তিনিদিনেই হ’ল  চকুৰ টিপ এটা নমৰাকৈ মাধুৰ্য বৰুৱাই আই চি ইউৰ বাহিৰৰ চকীখনত বহি সময় পাৰ কৰা। আই চি ইউৰ ভিতৰৰ

Read more
1 2 3 10