ফেঁহুজালি-চন্দামিতা শৰ্মা
মাজে সময়ে কোনো বিশেষ উদ্দেশ্য বা বিশেষ কাৰণ নোহোৱাকৈও অচিন অজানা বনপথ এটাৰে আগবাঢ়ি গৈ থাকিব পাৰি।আজি পিছে কথাটো ঠিক তেনেকুৱা নহয়।মোৰ মগজুক কোনো বিশেষ চিন্তাই ব্যতিব্যস্ত কৰা নাছিল বা চিন্তাশূন্য ভেকুৱাম অৱস্থা এটাও সৃষ্টি হোৱা নাছিল যদিও এক বিশেষ কাম আগত ৰাখি আজি এই বনপথেৰে আগবাঢ়িলো। ফাগুন মাহৰ আকাশ।কোনে কয় ফাগুন কেৱল লঠঙাৰ সমাহাৰ।ফাগুনৰ আছে নিজস্ব এক সুকীয়া সৌন্দর্য।আজি চৌপাশৰ পৰিৱেশে তাকেই কয়চোন। বহুক্ষেত্ৰত নতুনৰ আৰম্ভণিও ফাগুন। ৰাতিপুৱাৰ সময়।চহৰত সততে অনুভৱ কৰা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ,ইয়াত বাৰু বৰকৈ অনুভূত
Read more