স্বৰ্ণ-মৃগ-চন্দামিতা শৰ্মা
জোন-তৰাৰ শ্যামবছা আকাশ। গলা ৰূপ হৈ পৃথিৱী বুৰাই পেলোৱা জোনাক৷ কোনোবা প্ৰখ্যাত চিত্ৰকৰে অঁকা এখন যেন নিখুঁত চিত্ৰ–য’ত জোনাকত ওপঙি আছে গোদাবৰী নৈ, পঞ্চৱটীৰ সুশোভিত সৌন্দৰ্য৷ পূৰ্ণ চন্দ্ৰটো গোদাবৰীৰ পানীত এখন ৰূপৰ কাঁহীৰ দৰে জিলিকি আছে। নৈৰ পানীত জিলিকি উঠা উজ্জ্বল জোনটো একুৰা জুই হৈ বিয়পি গৈছে কিন্তু এই জুই শান্ত, সমাহিত, শীতল, চকুক বিমুগ্ধ কৰিব পৰা৷ একো একোটা তৰাই সোণালী মুকুতাৰ ৰূপ লৈ নৈখনত সাঁতোৰ মেলিছে যেন জলকেলি কৰি থকা কোনোবা অপ্সৰাৰ জাক৷ গলা ৰূপ হৈ পৃথিৱীক বুৰাই পেলোৱাৰ
Read more