বিহুৰ সাধুকথা-ববিতা শৰ্মা

‘সাত বিহু’……মিছে বৰ্ডত লিখি দিয়া বক্তৃতাৰ বিষয়টো দেখি টুকটুক বিমোৰত পৰিল।বিহু তিনিটা হে!ৰচনাতো সি দেখোন ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু…. এই তিনিটা বিহুৰ কথাহে পাইছে।কিন্তু মিছে কিয় ‘সাত বিহু’ বুলি লিখিলে!মিছৰ লিখোঁতে ভুল হ’ল নেকি বাৰু ! টুকটুকে ভাবিবলৈ ধৰিলে…… নাই নাই মিছৰ ভুল হ’ব নোৱাৰে।আৰু চাৰিটা বিহু আছে ছাগে।সি হে নাজানে। সি বেছিকৈ ইংৰাজী কিতাপহে পঢ়ে।অসমীয়া কিতাপ যি দুই এখন পঢ়িছে, তাত বিহুৰ কথা নাছিল,বিজ্ঞানৰ সাধু হে আছিল।কি কৰা যায়!কাৰোবাক সুধিব লাগিব,বিহু আচলতে কেইটা?তিনিটা নে সাতটা? এটা

Read more

কুম্ভকৰ্ণৰ নাতি-পুতি-ড° মৃদুস্মিতা ফুকন

বুলবুলৰ স্কুলৰ এতিয়া গৰমৰ বন্ধ। ল’ৰাটো এখন্তেকো ঘৰত শান্তিৰে নাথাকে। ক’ত যে পিটপিটাই ফুৰে! তাকে দেখি দেউতাকে তাক বাৰে বাৰে দঢ়াই থাকে….. “দুপৰীয়াখন ৰ’দত বৰকৈ ঘূৰি নুফুৰিবি অ’। এই গৰমত ক’ৰবাত সাপ-সূপ ওলাব।” এবাৰত বুলবুলে দেউতাকক সুধিলে….. “কিয় দেউতা, গৰমতহে সাপ ওলায় নেকি? ঠাণ্ডা দিনত নোলায় জানো?” “ওহোঁ। সাপৰ নিচিনা কিছুমান প্ৰাণী আছে, যিবিলাক জাৰকালিৰ ছমাহ শুই থাকে।ধৰ,ইহঁত যেনিবা ৰামায়ণৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণৰ নাতি-পুতিহে।কুম্ভকৰ্ণই যেনেকৈ ছমাহ শুই আছিল; ভালুক, সাপ, গুঁই, কোকলোঙা, বাদুলি, কুমজেলেকুৱা, দুৰাকাছ আদি কিছুমান প্ৰাণী বছৰটোৰ প্ৰায়

Read more

বাৰ মাহ-কুমকুম শৰ্মাবৰুৱা

ব’হাগ যে আমাৰ          প্ৰথম মাহ             জাতিয়ে স্নান কৰে, কপৌফুল পিন্ধি        বিহু নাচনীয়ে          বিহুতলীত এপাক নাচে। জেঠ মাহত                 বৰ গৰম                বাৰ খৰ মাৰে, আহাৰ মাহত             আম,কঁঠাল             বগৰী,জামু পকে। শাওন মাহত           খেতিৰ ভৰপক               পথাৰত কঠিয়া ৰোৱে, ভাদ মাহত           গুৰুদুজনাৰ তিথি              নামঘৰত ভাগৱত পঢ়ে। আহিন মাহত            

Read more

গছ আৰু মানুহ (জাপানৰ সাধু) -ড° মৃদুস্মিতা ফুকন

এজন বৰ মৰমিয়াল খৰিকটীয়া আছিল।তেওঁ সকলোকে মৰম কৰিছিল।মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই,তেওঁ যিখন হাবিত খৰি লুৰিছিল,সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম। অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে।এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,-ক’ৰবাত কোনোবাই যেন কেঁকাই আছে।তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি,কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল।এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল তিনিটা ভাঙি থৈ গৈছে।ভগা ঠাইৰপৰা ওলোৱা ৰসখিনি খৰিকটীয়াজনে

Read more

ভুলৰ প্ৰায়শ্চিত্ত-কুমকুম দেৱী শৰ্মাবৰুৱা

পিংকি আৰু ৰিমা দুজনী নলেগলে লগা বান্ধৱী। দুয়োজনী শ্ৰেণীকোঠাত একেলগে বহে।এজনী বিদ্যালয়লৈ নাহিলেই আনজনীয়ে ঘৰ পায়েই ফোন কৰি খবৰ লয় আৰু সেইদিনা কি কি পঢ়াইছে কয়। পিংকি মাক-দেউতাকৰ একমাত্ৰ সন্তান।তাইৰ মাক-দেউতাক দুয়ো চাকৰি কৰে।তাই বিদ্যালয়লৈ বিভিন্ন ডিজাইনৰ বেগ,ৰং-পেন্সিল বাকচ,পেন্সিল,ৰবৰ ইত্যাদি আনে।তদুপৰি তাইৰ টিফিন বাকচ,পানীৰ বটল ইত্যাদিও বিভিন্ন ৰঙৰ।তাকে দেখি ৰিমায়ো ঘৰত বেলেগ বেলেগ ৰঙৰ এইবিলাক বস্তু বিচাৰে।ৰিমাক মাক-দেউতাকে বুজায় যে প্ৰয়োজনতকৈ বেছি বস্তু লোৱা বা কিনা ভাল কথা নহয়।ব্যৱহাৰ কৰিবলৈ সিহঁতে প্ৰয়োজনীয় বস্তুখিনিযে পাইছে সেইটোৱেই বহুত ভাগ্যৰ কথা।সিহঁতৰ বয়সৰ কিছুমান

Read more

পনীয়া সোণ-কুমকুম শৰ্মাবৰুৱা

দুলিয়াজান দুলিয়াজান                       তেলৰ নগৰী, আশে-পাশে আছে বহু              পনীয়া সোণৰ খনি। ১৮৬৬ চনতে জানা               মিষ্টাৰ গুডেনাফে , জয়পুৰৰ নাহৰপুঙত              প্ৰথমে তেল খান্দে। ডিগবৈত প্ৰথমতে                বৃটিছ চাহাবে, হাতীৰ খোজতে তেল                বিৰিঙা দেখে। চতুৰ চাহাবে কয়             ” ডিগ্ বয় ডিগ্ বয়, সোণ আছে তলতে             দেখা নাই তই।” ১৮৯৯ চনত হয়              আছাম অইল কোম্পানী, ভাৰততে নাম থয়              প্ৰথমে তেল খান্দি। খনিজ তেলৰ পৰা              কি কি হয় বাৰু, মমবাতি,কেৰাচিন             পেট্ৰ’ল,ডিজেল আৰু? তেলৰ লগতে পাওঁ               প্ৰাকৃতিক গেছ, ব্যৱহাৰ কৰোঁ আমি                  বুলি ৰন্ধন

Read more

ভাইৰাছ! ভাইৰাছ !!-মৃদুস্মিতা ফুকন

কেনে মাটি খাইলি অ’ৰে গোপাল৷ কোবাই আজি তোৰ ফাৰিবো ছাল৷৷……. শুনিয়া কৃষ্ণৰ হৰিল মাত৷ চক্ষু টেৰ কৰি মাৱক চান্ত৷’’……. আইতাকৰ মুখত কৃষ্ণৰ শিশু-লীলাৰ এনেবোৰ গীত-মাত শুনি শুনিয়েই আইমনি ডাঙৰ হৈছে৷ সেইদৰে, কোনো কোনো কাহিনীত শুনিছে, লৱনু চুৰ কৰি খাওঁতে ধৰা পৰাত সাৰিবৰ আন কোনো উপায় নেদেখি নানান ফাঁকি কথা কোৱাৰ কাহিনী৷ কৃষ্ণ যেন নাকটো মোহাৰিয়েই বুদ্ধিটো উলিওৱা এটি সাধাৰণ শিশুহে! কৃষ্ণ অৰ্থাৎ কানায়েও সিহঁতৰ দৰেই মাকক ভয় কৰা, মাকৰ মাৰ খোৱা – কানাইৰ প্ৰতি তাইৰ মনত ক’ব নোৱৰাকৈয়ে সখ্য ভাৱ,

Read more

আপোন হাত জগন্নাথ-অৰবিন্দ গোস্বামী

এখন ঘৰত এটা মুৰ্গী গঁড়ালত এটা মুৰ্গী পোৱালীৰ জন্ম হৈছিল। মাক-বাপেকে মৰমতে তাৰ নাম ৰাখিলে ঘিটিং।মাক-দেউতাকৰ তত্বাৱধানত সি লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। তাৰ বাই-ভনী,ককাই ভাই এগালমানো তাৰ লগতে জন্ম হৈছিল যদিও জন্মৰ পিছতে আটাইকেইটা বেমাৰ হৈ মৰি থাকিল। একমাত্ৰ ঘিটিংহে বাচিল।মাক-দেউতাকে তাক বৰ মৰমেৰে ডাঙৰ কৰিবলৈ ধৰিলে। ঘিটিঙে যি বিচাৰে মাক-দেউতাকে তাক সেইটোকে আনি দিয়ে। সেই কাৰণে ঘিটিং লাহে লাহে এলেহুৱা হ’বলৈ ধৰিলে। সি অলপ ডাঙৰ হোৱাত এদিন মাকে তাক ক’লে…… : শুন ঘিটিং। তই এতিয়া কামবোৰ অলপ নিজে

Read more
1 2 3 4