Category: শিশু শিতান
সোণপৰুৱাৰ হাঁহি-সংস্কৃতি মহন্ত
অকণমানি পখিলাটিৰ ফুটুকী পাখি ফুলৰ পাহিত পৰি থাকে কেনেনো শুৱনি। বহুৰঙী সোণপৰুৱাৰ চিকমিক পাহি কপালত আঁকি লওঁ আমি হাঁহি হাঁহি। কেৰেলুৱা বগাই যায় ৰেলগাড়ীৰ দৰে চুই দিলেই ঠেহ লাগি চকা হৈ পৰে। বৰষুণৰ বতৰত ভেকুলীয়ে মাতে মাইনাই ভয়তে নিতাল মাৰি শোৱে। (তৃতীয় শ্ৰেণী,লিটল ফ্লাৱাৰ হাইস্কুল,হাতীগাঁও) *******
Read moreপৃথিৱীৰ সকলোতকৈ বেগী ট্ৰেইন মেগলেভ-নিদৰ্শন ৰুদ্ৰপতি
মানুহে আৰম্ভণিৰেপৰা ব্যৱহৃত যান-বাহনৰ বেগ বঢ়াবলৈ চেষ্টা কৰি আহিছে।আগতে খোজ কাঢ়িছিল,তাৰ পাছত গৰু গাড়ী,মটৰ গাড়ী,ট্ৰেইন,এৰ’প্লেন ইত্যাদি ব্যৱহাৰ কৰিবলৈ ধৰিলে।মানুহে পৃথিৱী এৰি চন্দ্ৰলৈ গৈ তাৰপৰাও ঘূৰি আহিল।এয়া বৰ্তমান যুগৰ প্ৰযুক্তিৰ বলত সম্ভৱ হৈছে।সময়ৰ লগে লগে মানুহে নতুন নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰি আহিছে,যি কাৰণত সকলোবোৰ কাম আগতকৈ কম সময়ৰ ভিতৰত কৰিবপৰা হৈ উঠিছে। বৰ্তমান আকাশীপথেৰে ভ্ৰমণেই হৈছে আটাইতকৈ বেগী ভ্ৰমণ কিন্তু সকলো ক্ষেত্ৰত এখন ঠাইৰপৰা আন এখন ঠাইলৈ এৰ’প্লেনেৰে যোৱা সম্ভৱ নহয়।ঘৰৰপৰা চাকৰিলৈ বা অন্য ঠাইলৈ যাবলৈ মানুহে বাছ বা মেট্ৰ’ৰ ব্যৱহাৰ
Read moreসাৱধানৰ মৰণ নাই-অনিমা বৰঠাকুৰ
পঢ়াশালিলৈ যোৱাৰ পথত বহুত গাড়ী চলে, স্কুলত নি থৈ আহিবা দেউতা পাৰ হ’বলৈ ভয় লাগে। এদিন এটা ল’ৰাই জানানে তুমি স্কুল ছুটীৰ পাছত, দৌৰ মাৰি সি পাৰ হৈছিল পৰি গ’ল সি গাঁতত। গোট খালে তাত বহুত মানুহ ল’ৰাটোক উঠাই ল’লে, গাড়ী এখনত উঠাই লৈ গ’ল ডাক্তৰ খানা পালে। ভাগ্য ভাল তাৰ একো নহ’লে সামান্য দুখ পালে, সেইদিনা বাচি গ’ল ল’ৰাটো ভগৱানক ধন্যবাদ দিলে। প্ৰতিজ্ঞা কৰিলে সেইদিনা ল’ৰাই নকৰোঁ এনে কাম, সাৱধান
Read moreজন্মভূমি-কুমকুম দেৱী শৰ্মাবৰুৱা
জন্ম হৈয়েই উশাহ ল’লো য’ত হৃদয় ভৰায়, সেয়ে মোৰ জন্মভূমি চেনেহী অসমী আই। মাৰ মুখত শুনা অমিয়া বৰষা, সেয়ে মোৰ মাতৃভাষা অসমীয়া ভাষা। প্ৰশান্ত সেউজীয়া অনুপম গছ-বন, জীৱ-জন্তু,পশু-পক্ষী সকলো আপোন। বৈ যায় নদ-নদী কুলু কুলু ধ্বনি, ধানেৰে উপচি থাকে সোণালী ধাননি। পাট-মুগা,এৰী সূতা ইয়াতেই হয় , তাঁতশালত শিপিনীয়ে সপোন ৰচি বয়। শংকৰ-মাধৱ আৰু আজান ফকীৰ , সাজিছিল ইয়াতেই প্ৰেমৰ মন্দিৰ। কীৰ্তন,ভাগৱত পুথি আৰু নামঘোষা, বৰগীত,ভাওনা,নৃত্য আছে
Read moreএটা শিঙৰা মাছৰ কথা-ইলি তালুকদাৰ
(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ৰচিত ‘বুঢ়ী আইৰ সাধু’ পুথিখনৰ ‘এটা শিঙৰা মাছৰ কথা’ নামৰ সাধুৰ পদ্য ৰূপ) এদিন এজন দুখীয়া মানুহে দিনটো জকাই বালে, দিনৰ দিনটো জকাই বাই শিঙৰা এটাহে পালে। ঘৰলৈ আনি খাবৰ মনেৰে বহিল মাছটো বাছিবলৈ, শিঙৰাই ক’লে, ‘ নাখাবি মোক গৰু নিম চৰাবলৈ।’ শিঙৰাৰ কথাত
Read moreভুলৰ প্ৰায়চিত্ত-কুমকুম শৰ্মাবৰুৱা
পিংকি আৰু ৰিমা দুজনী নলে-গলে লগা বান্ধৱী। দুয়োজনী শ্ৰেণীত একেলগে বহে। এজনী বিদ্যালয়লৈ নাহিলেই ইজনীয়ে ঘৰ পায়েই ফোন কৰি খবৰ লয় আৰু সেইদিনা কি কি পঢ়াইছে কয়। পিংকি মাক-দেউতাকৰ একমাত্ৰ সন্তান। তাইৰ মাক-দেউতাক দুয়ো চাকৰি কৰে।তাই বিদ্যালয়লৈ বিভিন্ন ডিজাইনৰ বেগ, ৰং-পেন্সিল বাকচ, পেন্সিল, ৰবৰ ইত্যাদি আনে। তাৰোপৰি তাইৰ টিফিন বাকচ , পানীৰ বটল ইত্যাদিও বিভিন্ন ৰঙৰ। তাকে দেখি ৰিমাইও ঘৰত এইবিলাক বস্তু বেলেগ বেলেগ ৰঙৰ বিচাৰে।ৰিমাক মাক-দেউতাকে বুজায় যে প্ৰয়োজনতকৈ বেছি বস্তু লোৱা বা কিনা ভাল কথা নহয়। তোমালোকে ব্যৱহাৰ
Read moreকপালৰ ফেৰ-মৃদুস্মিতা ফুকন
কমলৰ ঘৰ ধনতোলা গাঁৱত৷ চহৰৰপৰা দূৰৈৰ এই আওহতীয়া গাঁওখনলৈ যাবলৈ যাতায়তৰ কোনো সুচল ব্যৱস্থা নাই৷ অথচ সামান্য বজাৰ-সমাৰ অলপ কৰিবৰ বাবেও চহৰলৈ নগ’লেই নহয়৷ এদিনাখন কমলক লৈ তাৰ দেউতাক চহৰৰ বজাৰলৈ বুলি ওলাল৷দুখীয়া দেউতাকজনে ভাবিলে, বিহু বুলি মাউৰা কমললৈ নতুন কাপোৰ এসাজকে কিনিব৷ তাতে কমলৰ কি যে ফূৰ্তি!পাছে কথাতে কয় নহয়, বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷কমলৰো সেয়েই হ’ল৷ সেই নতুন কাপোৰসাজ সি পিন্ধিবলৈকে নাপালে৷সেইদিনা চহৰৰপৰা ঘূৰি আহোঁতেই কমলহঁতৰ বাছখন দুৰ্ঘটনাত পতিত হ’ল আৰু কমলৰ দেউতাকে থিতাতে
Read moreকৰ্মৰ যোগেদি সমাজত সাম্যবাদৰ পৰিচয় দিয়া মানুহজন-ৰিম্পী ৰয়, ৰাইজিং ষ্টাৰ স্কুল,গুৱাহাটী,অষ্টম শ্ৰেণী
শব্দবোৰৰ মাজত মানুহে কোৱা কথাবোৰ উজলি উঠে আৰু সেই কথাবোৰেই কণ্ঠ নিগৰিত হৈ এজনৰপৰা আন দহজনলৈ বিয়পি পৰে। বিয়পি অহা কথা আৰু কামৰ মাজত যেতিয়া সামঞ্জস্য থাকে কথাবোৰ চিৰকাললৈ মানুহৰ মুখে মুখে চলি থাকে। কাৰণ আমি সকলোৱে জানো যে, উপদেশতকৈ আৰ্হি ভাল। কেৱল উপদেশেৰে নহয়, আৰ্হিৰে কৰ্ম প্ৰেৰণা যোগোৱা লোকজনেই হ’ল বিপ্লৱী সত্তা বিষ্ণু ৰাভাদেৱ। পিতৃ গোপাল ৰাভাৰ ঔৰসত আৰু মাতৃ গেঠীৱালা ৰাভাৰ গৰ্ভত এইগৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্গত ঢাকা চহৰত। তেখেতে ঢাকা
Read moreভোমোৰা আৰু মৌমাখি-মানসী শৰ্মা
এটি দুটি কলিবোৰ মেলিলে পাহি, মোৰো মন আনন্দতে উঠিলে নাচি। ফুল দেখি ভোমোৰাটি আহিল কাষ চাপি, মৌ অকণ পিউ বুলি থাপতে আজি। তাকে দেখি পখিলাটিও আহিল কাষ চাপি, মোলৈও অকন থবা দেই ককাইটি। চিন্তা তুমি নকৰিবা পখিলা ভনীটি, দুয়ো মিলি ভগাই খাম মৌ অকণি। ভগাই খালে আটি যায় জানানে কথাটি , বিজ্ঞজনে তাকে কয় নাপাহৰিবা তুমি। খং-ৰাগ এইবোৰ মানুহৰহে কাম, আমি অতি শান্তি প্ৰিয় নাই জঞ্জাল। ভাইটি মৌমাখিটিক দেখিছিলানে তুমি, মৌ অকণ বিচাৰিয়েই বহুদূৰ যায় সি। আজিলৈ ইমানতে বিদায় মাগিলোঁ
Read more