ভাল ল’ৰাটো-মৃদুস্মিতা ফুকন

মুকুটহঁতৰ শ্ৰেণীটোৰ সিহঁত আঠোটাই যেন বিদ্যালয়খনৰ সৰ্বেসৰ্বা।সিহঁতৰ বিদ্যালয়খন নতুন। তিনিবছৰহে হৈছে মাত্ৰ। মুকুটহঁতেই হৈছে বিদ্যালয়খনৰ সৰ্বোচ্চ শ্ৰেণী মানে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।গতিকে বিদ্যালয়খনৰ প্ৰায়বোৰ কথাতে সিহঁতৰ স্থান কিছু সুকীয়া। কিছুমান কথাত বিদ্যালয়ৰ জ্যেষ্ঠ বুলি সিহঁতে নিজেও কিছুমান দায়িত্ব লৈ গৌৰৱ অনুভৱ কৰে। ৰাতিপুৱা বিদ্যালয়ৰ প্ৰাৰ্থনা দিয়াৰ দায়িত্ব সদায় একাদিক্ৰমে সিহঁত আঠোটাৰে এটাৰ।বিদ্যালয়খনৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ চোৱা-চিতা কৰাৰ উপৰি প্ৰেমদা বায়ে আন কিবা কামত ব্যস্ত থাকিলে শিক্ষকৰ নিৰ্দেশত বে’লটো মাৰিবলৈও আগবাঢ়ি যায় মুকুটহঁতৰে কোনোবা এটা।এইবাৰ সিহঁতে আৰু নতুন কিছুমান দায়িত্ব নিজাকৈ লৈ

Read more
1 2 3 4