গছ আৰু মানুহ-ড° মৃদুস্মিতা ফুকন
এজন বৰ মৰমীয়াল খৰিকটীয়া আছিল| তেওঁ সকলোকে মৰম কৰিছিল| মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই, তেওঁ যিখন হাবিত খৰি লুৰিছিল, সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম।অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে। এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,- ক’ৰবাত কোনোবাই যেন কেঁকাই আছে। তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল। এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল
Read more