সময়ৰ নিচুকণি-প্ৰণীতা গোস্বামী বৰঠাকুৰ
“সময়ে মানুহক পৰিপক্ক কৰি তোলে। সময়ৰ মেৰপেচত মানুহ অভিজ্ঞ হয়।” — আৰামী চকীখনত হেলান দি খুৰাই বৰ গম্ভীৰভাৱে ক’লে। ডিচেম্বৰ মাহৰ এটি পুৱা। আগফালৰ বাৰাণ্ডাখনত পুৱাৰ ৰ’দকণৰ আমেজ লৈ খুৰা আৰু মই বহি আছোঁ। হাতত দুকাপ গৰম চাহ আৰু বিস্কুট। পুৱাৰ কুঁৱলী ফালি সূৰুজৰ হেঙুলী কিৰণে আমাৰ শৰীৰ আৰু মনৰ জঠৰতা আঁতৰাই পেলাইছে। পাতল এৰী চাদৰখনেৰে গাটো ভালকৈ মেৰিয়াই ল’লে খুৰাই, মূৰত এটি হিমাচলী টুপী। ৰ’দ ওলাইছে যদিও ঠাণ্ডা ভাবটো আছেই। এইকেইদিন পুৱাৰ চাহকাপ এইদৰেই আমেজ লৈ খাইছোঁ খুৰাৰ লগত।
Read more