তাহানিৰ সোণোৱালী শৈশৱৰ শাসনবোৰ আৰু আজিৰ প্ৰজন্ম-বন্দিতা জৈন
লʼৰালি কালৰ কথা। কথা মানে অতীত ৰোমন্থন। আমাৰ সম বয়সীয়াখিনিৰ বাবে অতীত ৰোমন্থন মানে বেলেগ একো কাহিনী নাই। কিমান বদমাচি কৰি মা-দেউতাহতঁৰ হাতৰপৰা কিমান মাৰ খাইছিলো তাৰেই পৰিসংখ্যা অনুসৰি কৰা হিচাপ। মাৰৰ প্ৰকৃতি আৰু পৰিমাণ কৰ্ম অনুযায়ী হৈছিল। কেতিয়াবা ডাঙৰ দোষ কৰিলেও মাফ, কেতিয়াবা দোষ নকৰাকৈয়ে খোৱা মাৰ,নপঢ়িলেও মাৰ,পঢ়িলেও ভুল হোৱাৰ নামত মাৰ। বেছি সময় পঢ়া টেবুলত থাকিলেও চিন্তা, নাথাকিলেও সেই ফালেই ফলা খৰিৰ কোব খোৱা। খংটো উঠে সেই খৰি কেইডালৰ ওপৰত। হেৰৌ! তহঁতেনো আমাৰ ঘৰলৈ খৰিৰ ৰূপত কিয় আহিব
Read more