ইচ্ছা-মামণি কলিতা

অকলশৰীয়া মানুহগৰাকীক দেখিলে ওচৰ চুবুৰীয়াই সদায় কয়….. “আপুনি নিমাওমাওকৈ অকলে থাকি কি ভাল পায়? ল’ৰা ছোৱালীৰ ওচৰলৈ গুচি নাযায় কিয়”?  এই কথাৰ একো উত্তৰ নিদি তেওঁ মিচিকিয়াই হাঁহে। চুবুৰীৰ মানুহবোৰে তেওঁ নুশুনাকৈ ফুচফুচনিৰ মেল পাতি হাঁহে। নিজৰ ঘৰত থাকি মুকলিকৈ উশাহ লোৱাৰ সুখ আনৰ ঘৰত কেনেকৈ পাব; লাগিলে তেওঁৰ নিজৰ পুত্ৰ কন্যাৰ ঘৰেই হ‌ওক। আজিকালি সকলো নিজৰ নিজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত।আগৰ দিন নাই। নিজৰ সৰু অৱস্থালৈ মনত পেলাই সেই সময়বোৰলৈ ঘূৰি যাবলৈ হেঁপাহ জাগে। ককা-আইতা,বৰদেউতা,বৰমা,দদাইদেউ,খুৰী আদিৰ যৌথ পৰিয়ালত কোনো অকলশৰীয়া

Read more

নদীৰ কাষত ৰৈ-ৰঞ্জিত কুমাৰ শৰ্মা  

নদী ঐ বৈ থাক অবিৰাম নীলাভ্ৰই দিগন্ত চুলে তোৰ লাৱণ্য চোৱাৰ হেঁপাহ পূৰাম৷ তোৰ পাৰতে কটাম এটি বিয়লি বেলা দুনয়ন ভৰি চাম চিকমিক তৰংগৰ চঞ্চল খেলা৷ তোৰ বুকুত ওপঙি থাকে যে খেলি তলুৱাত তুলি ল’ম পশ্চিমৰ সেই সেন্দূৰীয়া বেলি।  নীড়মুখী পক্ষীয়ে লৈ আহিলে গধূলি ৰৈ থাকিম চাবলৈ তোৰ বুকুত চন্দ্ৰমাৰ ৰূপালী৷ ************

Read more

সম্পাদকীয়

ফুল!  কিমান যে কোমল শব্দ এটা!  শব্দটোতেই যেন সোমাই আছে  অন্তহীন কোমলতা! ফুলক কেন্দ্ৰ কৰিয়েই অলেখ কাহিনী ৰচিত হৈছে আৰু হৈ থাকিব। ফুল ভাল নোপোৱা মানুহ চাগৈ এই পৃথিৱীত নায়েই। উপহাৰস্বৰূপে এপাহ ফুল পালে আমাৰ কিমান যে আনন্দ লাগে!কম বেছি পৰিমাণে সকলোৱে ফুল ভাল পায়। ৰং-বিৰঙী ধুনীয়া ধুনীয়া ফুলবোৰ ৰমকজমককৈ বাগিচা শুৱাই ফুলি থকা দেখিলে আমাৰ মনবোৰ খুবেই আনন্দ লাগে। নয়ন সাৰ্থক হয়।  মধুৰ বতাহত হালি জালি বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সেই ধুনীয়া ফুলবোৰ সুন্দৰ কৈ ফুলাবলৈ গৃহস্থই কৰা আদৰ

Read more

মৰমৰ মূল্য-পূৰ্ণিমা শইকীয়া গগৈ 

দীঘল পদুলীটোলৈ কেইবাবাৰো অহা-যোৱা কৰিলে সনাতন শইকীয়াই। এই সময়ছোৱা বৰ আগ্ৰহেৰে ৰৈ থাকে তেওঁ। কিন্তু আজি সময় পাৰেই হ’বৰ হ’ল। ভায়েক বিনন্দৰ দেখা দেখিয়েই নাই।  “হেৰি ভাত খাওকহি আহক। কিমাননো  বাটলৈ অহা-যোৱা কৰি থাকে।” পৰিবাৰ নিৰ্মলাই মাত লগালে।  “অলপ সময় ৰ’বাচোন। মোৰ ভোক লগা নাই নহয়। আজিৰ দিনটোত ভাতকেইটা তাৰ সৈতে খাইহে  ভাল লাগে।”  পিছে দুপৰীয়া হোৱালৈকে বিনন্দ নাহিল। সনাতন শইকীয়াই অকলেই ভাত খালে। নিৰ্মলাই বৰ সুন্দৰকৈ ভাত সাঁজৰ যোগাৰ কৰিছিল। বিনন্দই ভাল পোৱা পাৰ মাংসৰ আঞ্জা, কচুশাকৰ সৈতে কণবিলাহী

Read more

সংখ্যাটোৰ আঁৰৰ কথা 

‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ  ১ম বছৰৰ অন্তিম সংখ্যাটো প্ৰকাশ হোৱাৰ  দুদিনমানৰ পাছতেই  ‘শব্দচিত্ৰ’ গোটৰ প্ৰাণস্বৰূপ অৰবিন্দ গোস্বামীয়ে এদিন মোলৈ ফোন কৰি কলে,   “বাইদেউ  , অনুৰোধ এটা কৰো— ৰাখিব দেই।” মই ভাবিলো যে গোটত মাজে -সময়ে দুই এটা অনুবাদ গল্প প’ষ্ট কৰো বাবে পাছৰ সংখ্যাটোত প্ৰকাশ কৰিবলৈ  তেনে গল্প এটা লিখিবলৈ ক’ব।মই ক’বলৈ কোৱাত যিটো অনুৰোধ কৰিলে যে মোৰ কাণৰ কাষত এজাক কোদোৱেহে যেন গোঁ-গোঁৱাই উঠিল।উচপ খাই উঠিছিলো।তথাপিও, কৌশলেৰে মোৰপৰা সন্মতি আদায় কৰিহে এৰিলে অৰবিন্দই।সেয়ে—- এয়া মই দুআষাৰ কথা লিখি আপোনালোককো জনাব লগা

Read more

মৰমৰ প্ৰতিদান-কুমকুম দেৱী শৰ্মাবৰুৱা

নীলা বছেৰেকীয়া পৰীক্ষাৰ পাছত পেহীয়েকৰ ঘৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰিল। তাত তাই পেহীয়েকৰ অকৃত্ৰিম মৰমৰ লগতে ওচৰ-চুবুৰীয়া সমনীয়া ল’ৰা-ছোৱালীৰ লগত মুকলিমনেৰে খেলিবলৈ পায়।পেহীয়েকৰ ছোৱালী পৰীও তাইতকৈ এবছৰৰহে সৰু। নিজৰ ঘৰ নগৰত হোৱা বাবে পাৰ্কলৈ গৈ কেতিয়াবা খেলাৰ বাদে বাহিৰলৈ ওলাবলৈ মাকে নিদিয়ে। গাড়ী-মটৰৰ ভয়,কোনোবাই ধৰি নিয়ে বুলি ভয় ,মুঠতে বহুতো সমস্যা। নীলাৰ লগতে মাকো এইবাৰ তিনিদিনৰ কাৰণে ৰূপাপেহীৰ ঘৰলৈ ওলাল।ৰূপাপেহীয়ে আনন্দতে প্ৰথমদিনাই ঘৰৰে হাঁহ এজনী মৰাই সুন্দৰকৈ ৰান্ধি খুৱালেই। পাছদিনা নীলা পথাৰত পুখুৰী সিঁচা চাবলৈ ওলাল।আঁঠজনমান লোকে লাহনীৰে পানী সিঁচি

Read more

‘নাপায়’ কোৱাৰ বৈজ্ঞানিক যুক্তি-ধীৰাজ কুমাৰ বায়ন  

: ঐ মাজনী, তুমি মোৰ কথাবোৰৰ কিয় গুৰুত্ব নিদিয়া? এতিয়া ডাঙৰ হৈছা।দুদিন পিচত এখন ঘৰৰ বোৱাৰী হ’বা।এনেকৈ হ’লে কেনেকৈ চলিবা? মই আৰু কিমান ক’ম যে ৰাতি হ’লে ঘৰ সাৰিব নাপায়,চুলি চুচা, নখ কটা কামবোৰ কৰিব “নাপায়”। তোমাক কৈ কৈ ভাগৰি গৈছোঁ দেই।  : এ ৰ’বা না মা, এইটো নাপায়, সেইটো নাপায়। এইযে নাপায়, নাপায় বুলি কৈ থাকা কি কাৰণে নো নাপায় বুজাই দিয়াচোন মা।  আমাৰ আইতা, মাহঁতে ৰাতি এই কামবোৰ কৰিব নাপায় বুলি কৈছিল।আমিও এই বয়সলৈকে সেইবোৰ তেনেকৈয়ে মানি আহিছোঁ

Read more

লাক, মিৰাকল্ আদিৰ  কথা-ড° মৃদুস্মিতা ফুকন

১ জুলাই|চিকিত্‍সকসকলৰ বাবে এক বিশেষ দিন।সেই উদ্দেশ্যে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ ল’বলৈ চিকিত্‍সক স্বামীৰ  সৈতে ওলালোঁ।হাঁহি-আনন্দৰ সেই অনুষ্ঠান উপভোগ কৰি ঘৰ আহি পাই দেখোঁ, আজি প্ৰায় ১২ বছৰে পিন্ধি থকা ঘড়ীটো মোৰ হাতত নাই।স্বাভাৱিকতে মনটো বৰ বেয়া লাগিল।সেইদিনা ঘড়ীটো পিন্ধাৰ সময়ত আক’ মনতে ভাবিছিলোঁ… ‘আমনি লাগিছে আৰু এই ঘড়ীটো পিন্ধি পিন্ধি!বেয়াও নোহোৱা হ’ল ই!’ জগৰ লাগিল নেকি বাৰু ঘড়ীটোৰ?য’ত মানুহৰ জীৱনটোৱেই অস্থায়ী, সেই কথা জনা-বুজাৰ পাছতো এনে পাৰ্থিৱ অস্থায়ী বস্তু কিছুমানৰ সৈতে কিয় যে আমাৰ এনে গভীৰ সম্পৰ্ক

Read more

ৰত্নাকৰ-বৰষা ডেকা

এটা জাতি বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্ট্যপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোণ আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচ্চিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচ্চিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচ্চিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচ্চিত্ৰই স্থান, কালৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

Read more
1 37 38 39 40 41 62