লগ পাম তোমাক ইপাৰে!-ৰিমঝিম বৰঠাকুৰ

আইতা….. সৱিতা….. আইতা….. সৱিতা…..      দহবছৰীয়া নাতিনীয়েক জিয়াই যিমান জোৰেৰে চিঞৰিছে ককাকে লগে লগে সমানে ঘৈণীয়েকৰ নাম ধৰি চিঞৰিছে। এই সময় সিহঁতৰ বাবে খুউব ধুনীয়া। ককাক আৰু নাতিনীয়েকৰ সময়। আবেলি প্ৰায় চাৰিমান বজাত জিয়াই ককাকক লৈ ওলাই যায় সিহঁতৰ ঘৰৰপৰা অলপ দূৰৈত থকা পাৰ্কখনৰ ওচৰলৈ। তাতেই দুয়োটাই এক, ডেৰঘণ্টামান কটাই আকৌ ঘৰলৈ উভতি আহে। জিয়াৰ দেউতাকে ককাকক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ অনাত তাইৰ বিৰাট ফূৰ্তি। অন্তত: এতিয়া তাইৰ লগত সকলো সময়তে থাকিবলৈ কোনোবা এজন আছে।তাইৰ মাক-দেউতাকেও ভাল পাইছে তেওঁলোকেও তেওঁলোকৰ

Read more

শ্ৰদ্ধাঞ্জলি-পূৰ্ণিমা শইকীয়া গগৈ

শ্ৰাদ্ধৰ সকলো আয়োজন চলি থকাৰ মাজতে হঠাতে বৰ পুত্ৰ প্ৰশান্তৰ মনত পৰিল কথাটো।শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি জনাবলৈ দেউতাকৰ ফটো এখন লাগিব।তাৰ ওচৰত নাই।ভায়েক দিগন্ত আৰু ৰক্তিমৰ ওচৰতো নাই।কি হ’ব এতিয়া?সকলোৰে ঘৰত শ্ৰাদ্ধৰ দিনা ধূপ,বন্তি জ্বলাই ফুলেৰে সজাই থোৱা ফটো সিহঁতে দেখিছে। সকলোৰে হাতত দামী দামী মোবাইলত পৰিয়ালৰ লগত তোলা বহুত ফটো আছে। কিন্তু দেউতাৰ ফটো এখন তুলি থোৱাৰ কথা কোনেও নাভাবিলে। শেষত তিনি পুত্ৰই মাকৰ কাষ চাপিল। ”তোমাৰ ওচৰত দেউতাৰ ফটো আছে নেকি?” মাকে নতুন ঘৰত এলাগী হৈ পৰি থকা পুৰণি

Read more

সম্পাদকীয়

সময়ে বাগৰ সলাই আকৌ এটা নতুন বৰ্ষত প্ৰৱেশ কৰিলে আৰু সেয়ে পোনপ্ৰথমে মই সকলোলৈকে নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।কালচক্ৰৰ লগতে আমাৰ জীৱনত সুখ আৰু দুখৰো এক চক্ৰ অবিৰাম গতিশীল হৈ আছে,যেন এটা আনটোৰ পৰিপূৰক। সুখ- দুখ বুলি কওঁতেই কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ কবিতা এফাকি মনলৈ আহিল—-                          “সুখ সুখ বুলি মানুহ বলিয়া                নেদেখে সুখৰ মুখ,                 সুখ বিচাৰোতে পায় সংসাৰত                 দুখৰ ওপৰি দুখ।” আচলতে সুখ মানেনো কি?আমি  ইয়াক কিয়  ইমানকৈ খেদি ফুৰো?সুখ বিচাৰি ফুৰোতেই আমাৰ অমূল্য জীৱনটো কেনেকৈ  পাৰ

Read more

অণুগল্প- কমলা দাস। 

 (১) প্ৰত‍‍্যুত্তৰ কি খবৰ ধৰিত্ৰী, চিনি পাইছানে?   বিয়া ঘৰত লগৰ এজনীৰ লগত হাঁহি হাঁহি কথা পাতি থকা তাইক উদ্দেশ্য কৰি দূৰৰ পৰাই তাইৰ নাম ধৰি মতা মানুহজনলৈ তাই ঘূৰি চালে।  তাক দেখি তাই ঠিকেই  চিনি পালে। দেখিবলৈ মন নোযোৱা এজন অপ্ৰিয় মানুহ। দাঁতকেইটা উলিয়াই এটা ব্যংগাত্মক হাঁহি মাৰি সি তাইৰ ফালে  আগুৱাই আহিল।   নিজৰ মানুহজনে ডেকা কালতে তাইক চিৰদিনলৈ এৰি যোৱাত,অকলশৰীয়া তাইক সি বহু বছৰলৈকে বহুতো অশ্লীল ইঙ্গিত দি আমনি কৰিছিল। এবাৰ তাই খুব বেয়াকৈ কোৱাৰ ফলত বহু বছৰ মাত-বোল,দেখাসাক্ষাৎ নাছিল

Read more

অসমীয়া সংস্কৃতিত জাপিৰ ব্যৱহাৰ-পলাক্ষী লস্কৰ

অসমীয়া  সংস্কৃতিৰ বাৰে -বৰণীয়া ক্ষেত্ৰখন বিভিন্ন লোক কলা আৰু থলুৱা শিল্পৰ অৱদানেৰে সমৃদ্ধ। নিজৰ স্বকীয় বৈশিষ্টৰে ভৰপূৰ সম্পদবোৰৰ প্ৰতিটোৱেই বৈশিষ্ট্যপূৰ্ণ। অসমীয়া জাতীয় কৃষ্টিৰ এক আপুৰুগীয়া আৰু মৰ্যাদাপূৰ্ণ সম্পদ হ’ল –“-জাপি”। জাপি হৈছে বাঁহৰ কাঠীৰে টুপী আকৃতিৰ দুখন তাল হাজি টকৌপাত বা জেঙুপাতেৰে ছোৱা এবিধ ঘূৰণীয়া আকৃতিৰ সামগ্ৰী। সমাজৰ চহা জীৱনৰ সেউজীয়া পথাৰখনৰপৰা বিয়া-সবাহ, উৎসৱ-পাৰ্বন, সন্মানৰ অভ্যৰ্থনা আদি অনুষ্ঠানসমূহত জাপি বিশেষৰূপে ব্যৱহাৰ হৈ আহিছে। অসমত জাপিৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছে তাক সঠিককৈ কোৱা টান। ৭ম শতিকাৰ  কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত চীনা

Read more

অভিশপ্ত ঘৰ-কুশল মহন্ত

(এক) ঘৰটোলৈ অহা মোৰ বেছিদিন হোৱা নাই।এটা দুমহলীয়া ঘৰ  আৰু বৰ্তমানৰ ইয়াৰ একমাত্ৰ আৱাসী মই।ঘৰটো লোৱাৰেপৰা ওচৰ চুবুৰীয়াই মোক আচহুৱাকৈ চায়, তেওঁলোকে হয়তো মোক সহজভাৱে ল’ব পৰা নাই। নল’বলগীয়া কথাই ,কাৰণ তেওঁলোকৰ বাবে সেই ঘৰটো অভিশপ্ত বা ভূত-প্ৰেতৰ বাসস্থলী।ঘৰটোত হেনো ৰাতি ভূত-প্ৰেত ওলায়।বহুজনে দেখিছে বুলি মই শুনিবলৈ পাইছোঁ।ঘৰটো মোৰ বন্ধু এজনৰ আছিল।ঘৰটোত তাৰ বাহিৰে কোনো নাছিল।পিছলৈ সি ডিপ্ৰেচনৰ চিকাৰ হৈ ঘৰটোতেই চিপ লৈ আত্মহত্যা কৰিছিল।তেতিয়াৰপৰাই ঘৰটোলৈ যাবলৈ মানুহে ভয় কৰিছিল আৰু যেতিয়া ঘৰটোৰ দ্বিতীয় আৱাসী ভাড়াতীয়া এজনেও আত্মহত্যা কৰিছিল,তেতিয়া ওচৰ

Read more

জীৱনৰ বাবে অ’জন-চন্দামিতা শৰ্মা

চন ১৯৮৫। স্থান: এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰ। সমগ্ৰ বিশ্বৰ বিজ্ঞানীমণ্ডল তথা প্ৰতিজন পৰিৱেশপ্ৰেমী লোককে জোকাৰি যোৱা এটা ঘটনা আৱিস্কৃত হৈছিল আৰু সেইটো আছিল এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰত এক বৃহৎ ছিদ্ৰৰ উমান পোৱা।এইটো ঘটনাই লগে লগে অৱধাৰিত ৰূপত সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তুলিছিল। পিছে কিয়? কিহৰ বাবে সমগ্ৰ বিশ্বৰ বাবে ই উদ্বিগ্নতাৰ কাৰক হৈ পৰিল? এই অ’জন নো কি?  অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ  তথা এবিধ জাৰক।অ’জনবিলাক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন(O2) আৰু  অতি

Read more

পেঞ্চন,লেখক:তনয়া ভট্টাচাৰ্য,ভাবানুবাদ-অঞ্জু মহন্ত

ঝিনুকক চাবলৈ মানুহ এঘৰ আহিছে। ঝিনুকৰ মাহীয়েক এগৰাকীয়ে আনিছে এই সম্বন্ধ।পাত্ৰ চৰকাৰী চাকৰিয়াল।সেয়েহে কোনোমতেই হাতচাড়া কৰিব নোৱাৰি।ৰাতিপুৱাৰপৰাই ঘৰখনত উলহ-মালহ। আজি তাইৰ ইউনিভাৰ্ছিটিলৈ যোৱা নহ’ল। ফাইনেল পৰীক্ষালৈ বেছি দিন নাই।দুটা বছৰৰ পৰা ঝিনুকে ইউনিভাৰ্ছিটিলৈ গৈ ক্লাছ কৰিছে,এসোপামান পইচা খৰচ কৰি প্ৰাইভেট টিউচন লৈছে। দিনে-ৰাতিয়ে পঢ়া-শুনা, সেয়েহে সেইবোৰৰ সন্মানৰ বাবে মাক-দেউতাকে তাইক পৰীক্ষাত বহিবলৈ দিছে।পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীটোৰোতো এটা দাম আছে!ক’বলৈ বা শুনিবলৈও ভাল লাগে।পৰীক্ষা শেষ হ’লেই বিয়াত বহিব লাগিব ঝিনুক। নীৰৱে সকলো মানি লৈছে। মাক-দেউতাকৰ মতৰ বিৰুদ্ধে গৈ কিবা কৰা সম্ভৱ নহয়

Read more

হো চি মিন চিটি …কু চ্চি সুৰঙ্গ আৰু ভিয়েটনামৰ অন্ধকাৰ পৰ্যটনৰ এছোৱা-ৰঞ্জনা দত্ত

সকলোদিশে  উন্নতিৰ শিখৰলৈ আগুৱাই যোৱা আজিৰ ভিয়েটনামখন দেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰে ৪০ বছৰ আগলৈকে যুদ্ধৰ সন্ত্ৰাস আৰু বিভীষিকাৰে জৰ্জৰিত ভিয়েটনামখনৰ কথা। ১৯৭৪ চনত স্বাধীনতা লাভ কৰা ভিয়েটনামৰ প্ৰাক স্বাধীনতা কালছোৱাৰ প্ৰকৃত ছবিখন চাবলৈ হ’লে চাইগন চহৰলৈ পৰ্যটকসকল যেনে  তেনে এবাৰ যোৱা উচিত। আমাৰ ১৩ দিনীয়া ভিয়েটনাম ভ্ৰমণৰ প্ৰথম ৬ দিন উত্তৰ ভিয়েটনামৰ হানয় আৰু ইয়াৰ ওচৰ-পাঁজৰৰ ঠাইসমূহ চাইছিলো । ইয়াৰ পিছৰ চাৰি দিন দা নাং, হুৱে আৰু ঐতিহাসিক চহৰ হই এনৰ আশেপাশে আৰু শেষৰ তিনিৰাতি আছিলো চাইগন চহৰত।  চাইগনৰ নতুন

Read more

আইতা-হৰিচন্দ্ৰ ডেকা

(প্ৰতিটো শাৰী চৈধ্য আখৰীয়া) তুমিও   আইতা   কম   ধুনীয়া  নাছিলা ওৰণিৰে   যেতিয়া   ন – কইনা   আছিলা ? তোমাৰ   তেজগোঁৰা   আজিৰ  মুখখন কিচকিচীয়া ক’লা  চুলি  সঁচাকৈয়ে  ঘন ৷ খুন্দনাৰ   তামোলৰ    সেলেঙি    লগাই টিঁয়া   বৰণীয়া   ওঠ   পিকেৰে  বোলাই ৷ এতিয়াও   আইতা   পেলোৱানে   মনত  মিচিকিয়া    হাঁহিটো   ওৰণিৰ    তলত ? তাহানিও  লগাইছিলা জেতুকাৰ  বোল চুলিৰ   সুগন্ধ    বিলাই   আমোলমোল ৷ আজিও তোমাৰ এই 

Read more
1 38 39 40 41 42 62