আমাৰ খাদ্যত বৰবিহ-ৰঞ্জনা দত্ত

কিছুদিন আগতে মোৰ এগৰাকী ভতিজা বোৱাৰীয়ে বেলতলাৰ স্থানীয় বজাৰৰপৰা সৰু সৰু চাই লোকেল ফুলকবি দুটামান কিনি আনিলে। ডাঙৰবোৰত হৰমন ব্যৱহাৰ কৰিব পাৰে বুলি সৰু চাইজৰ বিচাৰি আনিছিল। ভালদৰে ধুই পখালি আন শাক-পাচলি বোৰৰ লগত কবি দুটা ফ্ৰিজৰ পাচলি থোৱা প্লাষ্টিকৰ বাকচটোত ভৰাই থলে। ৰাতি শুবলৈ যোৱাৰ পিছত গোটেই ৰাতি ঘৰৰ ভিতৰৰ ক’ৰবাৰপৰা কেৰকেৰ মেৰমেৰ শব্দ আৰম্ভ হ’বলৈ ধৰিলে। চাৰিওফালে শব্দটোৰ উৎসটো বিচাৰিবলৈ চেষ্টা কৰিলে যদিও উলিয়াব নোৱাৰিলে। পিছদিনা ৰাতিপুৱা ফ্ৰিজটো খুলি চাই হতবাক হ’ল। ফ্ৰিজৰ প্লাষ্টিকৰ বাকচটো কেইবা ঠাইতো ফাটি

Read more

সফল মানুহৰ অসফল কাহিনী-স্বপ্না সৰকাৰ

“পাপা, মই কাইলৈ যাবগৈ লাগিব।প্ৰজেক্টৰ কাম বাকী আছে।”  অষ্টম শ্ৰেণীত পঢ়া মিন্টুয়ে সন্মুখৰ ধোঁৱা উঠা ডাঙৰ পিৰিচখনৰ ফালে চাই খুব  সাধাৰণ ভাৱেই   কথাষাৰ কয়। খোৱাৰ মেজত তাৰ মুখামুখিকৈ বহি খাই থকা চিভিল ইঞ্জিনীয়াৰ ৰূপম কলিতাৰ লুচি ছিঙা হাতখন ৰৈ যায়। মিন্টুয়ে চকু তুলি নাচালেও দৃশ্যটো চকুত পৰে। পাকঘৰত হেতা খন্তিৰ শব্দও হঠাৎ বন্ধ হৈ পৰে। দুয়োৰে প্ৰতিক্ৰিয়াত সি কিবা এক তৃপ্তি পায়। যোৱা ৰাতিৰপৰাই সি এনেকুৱা এক গোমা পৰিবেশৰ কামনা কৰি আছিল। মনৰ আনন্দ সম্পূৰ্ণ গোপন কৰি নিৰ্লিপ্ত ভাৱে মিন্টুয়ে এখন

Read more

সপোন-হৰিচন্দ্ৰ ডেকা

কেতিয়াবা জানো কি হৈ যায় পলকতে একো গম নোপোৱাকৈ মিঠামিঠা লগা কথাবোৰ সাৰ পালেই নোহোৱা হৈ  যায়। মধুৰ স্বপ্নৰ অন্ত হ’লেই পোহৰৰ মায়াজালত ধুৱঁলী-কুৱঁলী হৈ পৰে আশাৰ সপোনবোৰ, যেনি তেনি খেপিয়াবলৈ চাওঁ কিজানি কৰবাত দেখা পাওঁ, জেকা লগা হিয়াখনৰ শেলুৱৈ ধৰা কুঠৰিৰ মাজতে জানোচা বাহ পাতি আছে। তথাপি জাৰি জোকাৰি  আকৌ উলিয়াই লওঁ মোৰ আলফুলীয়া স্মৃতিবোৰ কিজানি হিয়াৰ মণিকোঠাত  আছে এতিয়াও ঠেহ পাতি।

Read more

উদ্ভিন্ন যৌৱনা জলকন্যা,কাকচাং-প্ৰণৱ কুমাৰ বৰা 

২০১৭ চনত কাৰ্বি আংলং জিলাৰ ডিফুত চাকৰিত যোগদান কৰাৰপৰাই কাকচাঙৰ নামটো শুনি আছিলো। যাম যাম বুলি ভাবি থাকোতেই পাঁচোটা বছৰ পাৰ হ’বৰ হ’ল। প্ৰতিটো সপ্তাহতে নগাঁৱৰ ঘৰলৈ যোৱা হয়েই। এই বছৰৰ ছোৱালীৰ স্কুলৰ গৰম বন্ধ শেষ হ’বৰে হ’ল। সেয়েহে শ্ৰীমতীৰ লগত কথা পাতি এইবাৰ কাকচাঙলৈ যোৱাটোকে সিদ্ধান্ত কৰিলো। (কাকচাং যদিও কাৰ্বি আংলং জিলাত অৱস্থিত,বোকাখাতৰ দিশৰপৰাও যাতায়ত সুচল)। কাকচাঙলৈ যাম যেতিয়া তাৰ স্থানীয় লোক এজন লগত থাকিলে যাত্ৰাটো সহজ হয়। গতিকে পলম নকৰি বোকাখাত চহৰৰে বাসিন্দা প্ৰাক্তন সহকৰ্মী তথা বন্ধু চাইফুৰ

Read more

স্বীকৃতি- পূৰ্ণিমা শইকীয়া গগৈ

(১) স্বীকৃতি (অণুগল্প) পুত্ৰৰ ধৰ্ম পালন কৰাত অকণো  কৃপনালি কৰা নাছিল সি। বৃদ্ধা মাতৃৰ সি  কণাৰ লাখুটিৰ দৰে আছিল । মাতৃৰ মৃত্যুৰ পিছত মুখাগ্নি কৰিবলৈ বৰ ইচ্ছা আছিল তাৰ। কিন্তু বিদেশৰ পৰা আহি বৰপুত্ৰই সেই কাম কৰিলেহি। শ্ৰাদ্ধৰ সকলো আয়োজনত সি আগভাগ ললে। সকলোৰে আগতে চুলি খুৰালে সি।এই কেইদিন ব্যস্ততাৰ বাবে শ্ৰাদ্ধৰ নিমন্ত্ৰণী পত্ৰ খন চাবলৈ পোৱা নাছিল । হঠাতে চকু পৰাত পঢ়ি চালে সি। নিমন্ত্ৰণী পত্ৰৰ কতো তাৰ নাম দেখা নেপালে । তেতিয়াহে তাৰ মনত পৰিল বাইশ বছৰৰ আগতে

Read more

মনেই একমাত্ৰ সঁজুলি যাক নিয়ন্ত্ৰণ কৰি অসাধ্য সাধন কৰিব পাৰি-বিজয়া শৰ্মা

এই পৃথিৱীত সফল ব্যক্তিসকলৰ সফলতাৰ আঁৰত থকা মূল শক্তিয়েই হৈছে প্ৰচণ্ড ইচ্ছা শক্তি। স্বামী বিবেকানন্দই কৈছিল,  “এটা নিয়ন্ত্ৰিত আৰু শান্ত মন সংসাৰত সকলোতকৈ  শক্তিশালী। এনেকুৱা মনৰ ওচৰত গোটেই বিশ্ব নতমস্তক হৈ যায়।” সঁচাকৈয়ে, মনত কৈ শক্তিশালী আৰু একোৱেই নাই। যক্ষই যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰক পৰীক্ষা লওঁতে সুধিছিল, বায়ুতকৈ বেগী কি? যুধিষ্ঠিৰেও কৈছিল,  “আমাৰ মনটোৱেই হৈছে বায়ুতকৈ বেগী।” আমাৰ মনটো ৰাতিপুৱা শুই উঠাৰ পৰা  ৰাতি নিদ্ৰা নোযোৱালৈকে ক’ত ক’ত যে বিচৰণ কৰি ফুৰে ভাবিলে আচৰিত লাগে। এইখিনিতে মই ইণ্টাৰনেটত পঢ়া এটা সুন্দৰ  কাহিনী

Read more

জীৱন নিয়ে:লিখক- জাতবেদা মিশ্ৰ, ভাবানুবাদ–অঞ্জু  মহন্ত

বনানী বা বিনিক কোনোবাই যদি সোধে যে তোমাৰ চখ কি? কথাষাৰ শুনি প্ৰথমতে তাই খুব অপ্ৰস্তুত হ’ব। তাৰপিছত আকাশ-পাতাল ভাবিও কোনোমতেই একো উত্তৰ দিব নোৱাৰিব। কাৰণ, চখ কাক কয়! নিজৰ ইচ্ছা বুলি আকৌ কিবা থাকে নেকি! বিনি এনেকুৱা এজনী ছোৱালী যে কিবা এটা লাগে বুলি কোৱাটো দূৰৰে কথা, লাগে বুলি ক’ব এইটো ভাবিবলৈও সাহস কৰিব নোৱাৰে। সৰুতে তাইৰ মাকেই ঠিক কৰি দিছিল তাই কি পিন্ধিব, কি খাব। আনকি স্কুলৰ কোন বন্ধুৰ লগত তাই মিলামিছা কৰিব সেইটোও।  ফুৰিবলৈ যোৱা বা অন্য

Read more

প্ৰভেদ-অনসূয়া বৰঠাকুৰ

পৃথিৱীখনৰ এটা কোণত, খেৰৰ চালিখনৰ ঠিক সোঁমাজতে থকা খাটখনৰ শিতানত লাইব্ৰেৰীৰপৰা অনা কিতাপকেইখন,বাতৰি কাকত আৰু দুই দিস্তা কাগজৰ বহীখনত নাৰায়ণে আঁকি আছে তাৰ ভবিষ্যতৰ ঘৰটোৰ নক্সা। সেই পৃথিৱীৰে আন এটা কোণত এ.চি.টো অন কৰি কমফৰ্টাৰখন গাতে মেৰিয়াই মাজে মাজে আইফ’নটো চাই লেপটপত কিবা টাইপ কৰি আছে সমীৰে……. অৱশেষত সেই দিনটো আহিল, তৃতীয়বাৰৰ বাবে চেষ্টা কৰি বিফল হৈ সমীৰে দেউতাকক জনাই দিলে  প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিবলৈ আৰু জোৰ কৰিলে ঘৰ এৰি গুচি যোৱাৰ নিষ্ঠুৰ সিদ্ধান্ত! দেউতাকে লগে লগেই হোণ্ডাৰ শ্ব’-ৰুম এটা

Read more

ভাল ল’ৰাটো-মৃদুস্মিতা ফুকন

মুকুটহঁতৰ শ্ৰেণীটোৰ সিহঁত আঠোটাই যেন বিদ্যালয়খনৰ সৰ্বেসৰ্বা।সিহঁতৰ বিদ্যালয়খন নতুন। তিনিবছৰহে হৈছে মাত্ৰ। মুকুটহঁতেই হৈছে বিদ্যালয়খনৰ সৰ্বোচ্চ শ্ৰেণী মানে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।গতিকে বিদ্যালয়খনৰ প্ৰায়বোৰ কথাতে সিহঁতৰ স্থান কিছু সুকীয়া। কিছুমান কথাত বিদ্যালয়ৰ জ্যেষ্ঠ বুলি সিহঁতে নিজেও কিছুমান দায়িত্ব লৈ গৌৰৱ অনুভৱ কৰে। ৰাতিপুৱা বিদ্যালয়ৰ প্ৰাৰ্থনা দিয়াৰ দায়িত্ব সদায় একাদিক্ৰমে সিহঁত আঠোটাৰে এটাৰ।বিদ্যালয়খনৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ চোৱা-চিতা কৰাৰ উপৰি প্ৰেমদা বায়ে আন কিবা কামত ব্যস্ত থাকিলে শিক্ষকৰ নিৰ্দেশত বে’লটো মাৰিবলৈও আগবাঢ়ি যায় মুকুটহঁতৰে কোনোবা এটা।এইবাৰ সিহঁতে আৰু নতুন কিছুমান দায়িত্ব নিজাকৈ লৈ

Read more

হতাশাগ্ৰস্ততা(Depression)-ডাঃ ধ্ৰুৱজিত বড়ো

মানসিক ৰোগ আমাৰ জীৱনৰ বৰ্তমান সময়ৰ এটা অতি গুৰত্বপূৰ্ণ বিষয় হৈ পৰিছে।কিয়নো এই বিষয়টোৰ সম্পৰ্কত সম্যক জ্ঞানখিনি আমাৰ বেছিভাগৰে নাই , লগতে এই ৰোগ সম্পৰ্কে সমাজত বহুতো ভুল ধাৰণাই তাহানিৰ দিনৰেপৰাই চলি আহিছে। যাৰ ফলস্বৰূপে আমি বহুতেই সঁচৰাচৰ এই ৰোগ বোৰৰ প্ৰতি অৱহেলা কৰা পৰিলক্ষিত হয়।  আমি বেছিভাগ লোকেই আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নহয়। মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ পৰিধিটো আমি এতিয়াও ভালদৰে উপলদ্ধি কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ সমাজত চলি অহা কিছুমান ভুল ধাৰণা কিম্বা উৰাবাতৰি। আমাৰ

Read more
1 43 44 45 46 47 62