চেমখৰ-ৰাজীৱ মহন্ত

২৩ বছৰৰ আগৰ কথা৷ ২০০০ চনতে চেমখৰলৈ গৈছিলো৷ তেতিয়া চেমখৰত দেখা, আমাক লৈ যোৱাসকলৰ মুখেৰে শুনা চেমখৰৰ পৰম্পৰাৰ লগতে যাত্ৰাপথত সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে কিছুদিন পূৰ্বে ‘আমাৰ অসম’ কাকত আৰু ফেচবুকত লিখিছিলো৷ এইকেইদিন চেমখৰক লৈ যথেষ্ট চৰ্চা চলিছে৷ এজন বন্ধুৰ অনুৰোধত পুনৰ লেখাটো দিলো৷ _________________________________________________                                     (১) —‘তালৈ আপোনালোক নাযাব! বিপদত পৰিব। খোজেৰে কেইবাঘন্টাৰো বাট। পাহাৰৰ লুংলুঙীয়া পথবোৰ বৰ ভয়ংকৰ। দুয়োকাষৰ গছবোৰে ঢাকি ৰখা পথবোৰ সুৰংগৰ দৰে।দিনতে এন্ধাৰ।গছৰ ডালবোৰত থোপা-থোপে ওলমি থাকে জোক। মানুহৰ গোন্ধ পালেই জাকপাতি জোকে আক্ৰমণ

Read more

 সময়ৰ আহ্বান-প্ৰদীপ বৰা 

জ্যোতিৰূপাই হট ৱাটাৰ বেগটো লৈ প্ৰকাশৰ কাষ চাপি গ’ল।   “চাওঁ কোনখিনিত বিষাইছে ?”  প্ৰকাশে এটি মৃদু কেঁকনি মাৰি ক’লে—- ‘তল পেটৰ সোঁফালে ঠিক এইখিনিতে,উস! সাংঘাটিক বিষ।বিষ আৰম্ভ হ’লে হাগিমেই নে মুতিমেই নে ব’মিয়েই কৰিম একো ধৰিব নোৱাৰা হওঁ হে!’ ‘চাওঁ তলফালে পেট পেলাই শোৱক আৰু এই গৰম পানীৰ বেগটোত পেটৰ হেঁচা দিয়ক।চিন্তা নকৰিব, ভাল হৈ যাব ৷প্ৰকাশে যেন এটি মধুৰ স্পৰ্শানুভুতি লাভ কৰিলে,মনত পৰি গ’ল এক দীঘলীয়া যুগ্ম জীৱনৰ  সুখানুভুতিলৈ।জীৱন সংগ্ৰামৰ অক্লান্ত শ্ৰমিক প্ৰকাশৰ অলিখিত হৃদয়ৰ দিনপঞ্জীত খোদিত হৈ আছে

Read more

অপ্ৰকাশ্য বিষাদ-কৰবী দেৱী

গছৰো হেনো বিষাদ আছে অপ্ৰকাশ্য বিষাদ মঙহত কুঠাৰাঘাত কৰিলেও ডালবোৰত কটাৰীৰ ঘাপ পৰিলেও গছবোৰ স্থিতপ্ৰজ্ঞ।  চিঞৰি কান্দিব নোৱাৰাৰ দোষত আঘাতপ্ৰাপ্ত স্থানত ৰক্তহীনতাৰ অভাৱত বিষাদবোৰ মৌনতাৰ বুকুতে জাহ যায়। তথাপি গছ জী থাকে,  জীয়াই ৰাখে ছাঁ বতাহৰ শীতলতাৰে কুঠাৰাঘাত কৰাজনকে ।  মদৰুৱা বৰণক  ছাইৰঙে গ্ৰাস কৰিলেও  হালধীয়া পাতবোৰ জৰজৰকৈ সৰিলেও  গছ নাভাগৰে,   জী থাকে জীয়াবৰ বাবে  বুকুৰে শিপোৱা ফেৰেঙনিবোৰত  সপোনে গঁজালি মেলে, হেঁপাহে গুণগুণাই  বসন্তৰ সেউজীয়া কুঁহিপাতৰ আশাত।

Read more

শৰতৰ বৰ্ণনা-নৱশ্চাৰণজ্যোতি খাওন্দ

ঋতুৰাণী শৰৎ৷ স্নিগ্ধ শৰৎ৷ সুকোমল শৰৎ৷ শুকুলা মেঘ৷ শুভ্ৰ কহুৱা৷ দূৱৰিৰ দলিচাত সুশোভিত নিয়ৰসিক্ত শেৱালি৷গেৰ ঢৰা সেউজীয়া ধাননি৷ এই সকলোবোৰৰ সংমিশ্ৰণেই,শৰতৰ জলছবি৷প্ৰকৃতিৰ এই বিনন্দীয়া সাজোন কাচোনৰ উপৰিও,শাৰদীয় দুৰ্গোৎসৱ,নৱৰাত্ৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসৱ,লক্ষ্মী পূজা, শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আদি শৰৎকালীন অনেক উৎসৱে মানুহৰ মন-প্ৰাণ পুলকিত কৰি তোলে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত উল্লেখ কৰা অনুযায়ী ‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন’ৰপৰা ধৰি সুধাকণ্ঠই কণ্ঠ নিগৰোৱা ‘শাৰদী ৰাণী তোমাৰ হেনো নামাতুমি যে বুকুৰ আপোন’ ইত্যাদি অনেক শৰৎ বৰ্ণনাই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছে৷

Read more

এয়া কেনেকুৱা অলসতা,বাংলা: গৌৰীশঙ্কৰ  বন্দোপাধ্যায়,অনুবাদ- বকুলিকা গোস্বামী

এয়া কেনেকুৱা অলসতা  যি মোক গোটেই  দিনটোৱেই সাবটি আছে। সময়ক লগত লৈ একো কামতে একাগ্ৰতা নাই            যেন ভুল হয় সকলো কামত  কেনেকুৱা এই অবহেলা             গোটেই দিনটো ভিতৰি ভিতৰি চুচি খায়                         যেন ভুল হয় মোৰেই ছায়াক লক্ষ্য কৰি                                  কোনে কোনে বাৰুদ আৰু বতাহৰ সাক্ষী হ’ব বিচাৰে           যেন জলাশয় জলাশয় তোমাৰ শৰীৰ                           গোটেই দিনটো ঢৌ খেলে উৰ্মিমুখৰ                                   গোটেই দিনটো জাগৰণ আৰু গোটেই দিনটো বতাহ                কেৱল অবাক ভূবনৰপৰা          আঁতৰি যায় মোহিনীৰ আঁৰেদি                                 যেন ভুল হৈ যায়                      এয়া কেনেকুৱা লাবণ্য কুসুম যাৰ পোহৰে                               মনলৈ

Read more

ৰং নাম্বাৰ:মূল: মহাশ্বেতা দেৱী, অনুবাদ-উপাসা ভাগৱতী

ৰাতি এক বাজিছে ৷ তীর্থবাবুৰ টোপনি ভাঙি গ’ল ৷ টেলিফোন বাজিছে।মাজৰাতি টেলিফোন বাজিলে কিয়  ইমান ভয় লাগে বাৰু ? : হেল্ল’।শুনক, হস্পিতালৰ পৰা কৈছো ,অপোনালোকৰ পেচেন্টৰ এইমাত্ৰ মৃত্যু হৈছে ৷ হেল্ল’ ৷ : আমাৰ পেচেন্ট?হস্পিতালতটো আমাৰ কোনো পেচেন্ট নাই।আপোনাৰ নম্বৰ? : ৰং নাম্বাৰ ! থৈ দিয়ক। : ৰং নাম্বাৰত ফোন কৰে কিয় ? ৰং নাম্বাৰত? তীর্থবাবুয়ে ফোনটো নমাই থলে ৷ ভয় কৰে।ভীষণ ভয় কৰে। : হঠাৎ ফোনটো বাজি উঠে কিয় ? কিয় ইমান ৰং নাম্বাৰ হয়? সবিতাই সুধিলে। আজি বহুদিন

Read more

বিশ্বাস অবিশ্বাসৰ মাজেদি-সংহিতা ভট্টাচাৰ্য্য

“অ’ মা আমাৰ ক’লীজনী যে ইমান ধুনীয়া! ইমান মৰম লগা ন?”  তৰাৰ কথা শুনি মাক ৰমলাই ঘূৰি চালে ছাগলী পোৱালীটোলৈ। সঁচাকৈয়ে বৰ মৰম লগা।  “এইটো ল’ৰা হে ,ক’লীজনী বুলি কিয় কৈছ?” হাঁহি হাঁহি ৰমলাই জীয়েক তৰাক ক’লে। নাম দুটা বৰ মৰমত দিছে তৰাই। মাকৰ নাম লক্ষ্মী আৰু পোৱালীটোৰ নাম ক’লী।ৰাতিপুৱাৰপৰা ৰাতিলৈকে ছাগলী দুটাৰ লগতে ব্যস্ত তৰা। কি খুৱাম কি নুখুৱাম কিমান যে চিন্তা তাইৰ!পোৱালীটো হোৱাৰপৰা তাইৰ আনন্দ- উলাহত গাত একেবাৰে তত নোহোৱা হৈছে। “ৰমলা, অ’ ৰমলা এইফালে পানী এঘটি লৈ

Read more

দিবা স্বপ্নৰ কৰুণ পৰিণতি-সুভাষ শৰ্মা

হৃদয়খনৰ লগতে এদিন মোৰ চকুযুৰিও তোমাক দিছিলোঁ তোমাৰ চকুৰে দেখিছিলোঁ সকলো আকাশ,বতাহ আৰু হৃদয়। তুমি যি দেখুৱাইছিলা যেনেদৰে দেখুৱাইছিলা মই তাকেই দেখিছিলোঁ। এক সন্মোহিনী আৱেশে গিলি ৰাখিছিল মোৰ সমগ্ৰ সত্বা। তেতিয়া তোমাৰ দৃষ্টিৰে চালে আন্ধাৰবোৰ উজলি উঠিছিল সাতোৰঙী ৰামধেনুৰ ৰঙে ৰঙাই তোলা মোৰ আবেগ আৰু বিবেক মোৰ মন মগজু আৰু হৃদয় তোমাৰ সত্বাত বিলীন হৈছিল। শিহৰিত হৈ পৰিছিল  সময়ৰ প্ৰতিটো বিন্দু জীয়াই থকাৰ হেঁপাহবোৰক  কৰি তুলিছিল উৰ্বৰ দুখবোৰ পাতল পাতল লাগিছিল এক অজান যাদুকৰী শক্তিয়ে দিছিল মোক হেজাৰ অশ্ব শক্তিৰ

Read more

জীৱন বৰ অনুপম -নন্দিতা ভাণ্ডাৰ কায়স্থ

‘ময়ো যাম দিয়া তোমাৰ লগত।বহুদিন ঘৰৰপৰা ক’তো ওলায়েই যোৱা নাই।’ চাদৰৰ আঁচলত হাতৰ আঙুলিৰে বৃত্ত বনাই বনাই ৰুনাই স্বামী নিলয়ক আদৰুৱা মাতেৰে কয়। ‘তুমি! তুমি গৈ কি কৰিবা? মোৰ কলিগৰ পাৰ্টি। তোমাৰ তাত কোনো প্ৰয়োজন নাই। আৰু তুমি সেইখন সমাজৰ কথা কি জানানো? স্বামীৰ মুখেৰে যেন সেয়া কথা নহয় তাইৰ হৃদয়ক ক্ষত বিক্ষত কৰা এপাট জোঙা শব্দভেদী শৰহে।  আস! কি ক’লে মানুহজনে! তাই তেওঁৰ সমাজৰ কথা বুজি নাপায়!ইমান কেঁচা নেকি তাইৰ মগজু!কোনো দিনে দ্বিতীয় স্থানলৈ নামিবলগীয়া নোহোৱা মেধাবী বুলিয়েই জনাজাত

Read more

পৰিচয়-দীপাংকৰ মল্ল বৰুৱা

মই নিজকে সুধিলোঁ, মই কোন? নামটোৱে দাবী কৰিলে মই এটা নাম পদবীটোৱে দাবী কৰিলে মই এটা পদবী চেহেৰাটোৱে দাবী কৰিলে মই এটা চেহেৰা কিন্তু ক’তা, এটাৰ মাজতোচোন মই নিজকে বিচাৰি নাপালোঁ এটা মাথোঁ চিৎকাৰ অন্তৰৰ পৰা অহা এটি হাহাকাৰ মই নিজকে যেন হেৰুৱাই পেলাইছোঁ লাহে লাহে, ক্ষণে ক্ষণে  মই নিজকে বিচাৰি চাম মাৰ সেই চেনেহী কোলাত দেউতাৰ সেই স্নেহভৰা কথাত শৈশৱৰ বন্ধুবোৰৰ কোলাহলত কৈশোৰৰ সেই সপোনৰ মাজত যৌৱনৰ উশৃংখল মুহূৰ্তবোৰত নিজৰেই বুকুৰ নিভৃত গহ্বৰত তিল তিলকৈ মই গঢ়ি উঠিছোঁ  ক্ষণে

Read more
1 44 45 46 47 48 62