সোণৰ কণীপৰা হাঁহ-হৰিচন্দ্ৰ ডেকা
চয়নিকা তাইৰ নাম।দেখাই শুনাই যিদৰে মৰমলগা, কথা বতৰাও তাইৰ হিয়া শাঁতপৰা।দেউতাক জীৱন বৰুৱাৰ একমাত্ৰ সন্তান, মাক-দেউতাকৰ আলাসৰ লাৰু। বৰুৱা কলেজ এখনৰ অধ্যাপক ৷ মাকেও স্কুলত চাকৰি কৰিছিল।ছোৱালীজনীৰ লালন- পালনত প্ৰতিবন্ধকতা সৃষ্টি হোৱাৰ ভয়তে তেওঁ স্কুলৰ চাকৰি এৰি দিলে।জীৱন বৰুৱা মানুহজনে লিখা মেলা কৰে, অনবৰতে নিজৰ জগতখনতে থাকে ৷ পিছে জীয়েকৰ মৰমেহে তেওঁক বাহিৰৰ পৃথিৱীখনলৈ লৈ আহে।সহজ সৰলভাবে চলি থকা এখন সুখৰ সংসাৰ ৷ ছোৱালীজনীয়ে আই.আই.টিৰপৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙত মাষ্টাৰ্চ কৰি পি. এইচ.ডি.কৰাৰ অপেক্ষাত ঘৰতে আছে ।দেউতাকৰ চাকৰি থাকোঁতেই ছোৱালীজনীক বিয়া দিবলৈ
Read more