বিবাহঘটিত,লিখকঃ তাৰাপদ ৰায়,ভাবানুবাদ-অঞ্জু মহন্ত 

প্ৰথম তৰঙ্গ: পঙ্কজবাবুৰ বিপদ কোট-পেণ্ট পিন্ধি অফিচলৈ ওলাইছিল পঙ্কজবাবু। অফিচত তেওঁৰ পৰিচয় মিষ্টাৰ পি.চক্ৰৱৰ্তী। যিয়েই নহওক এইটো এটা পাৰিবাৰিক কাহিনী।এই গল্পটোত আমি তেওঁক পঙ্কজবাবু বুলিয়েই ক’ম। পঙ্কজবাবুৰ পত্নীৰ নাম সুহাসিনী। মানুহজনীৰ নামটো যে উপযুক্ত নহয়, এই গল্পটো পঢ়িলে সকলোৱে বুজি পাব। কোট-পেণ্ট পিন্ধি, টাইৰ নট বান্ধি আছে, ৰাস্তাত অফিচৰ গাড়ীয়ে হৰ্ণ দিছে এনেকুৱা সময়তে সুহাসিনীয়ে ক’লে,  “হেৰা তোমাৰ কোটৰ পকেটত এটা ফুটা আছিল।” পঙ্কজ বাবুয়ে নিৰ্বিকাৰভাৱেৰে ক’লে,  ” জানো।” “সেই ফুটাটো মই চিলাই কৰি ঠিক কৰি দিছোঁ।” সুহাসিনীয়ে ক’লে। পঙ্কজ

Read more

স্বৰ্গৰ চিৰিয়েল-মামণি কলিতা

নৰকলৈ চালে দেখা যায় সদায় পাৰ্টি । আৰু স্বৰ্গত ? যদিও স্বৰ্গ চিৰবসন্তৰ ঠাই তথাপিও ! ইয়াত সকলো সময়তে বসন্তৰ মৃদু সুগন্ধি বতাহ বয়, এটা সুন্দৰ পৰিৱেশ বিৰাজমান হৈ থাকে। ইয়াৰ সকলোবোৰ একক আৰু অনন্য। কোনো টকা প‌ইচা খৰছ নকৰাকৈ ইন্দ্ৰৰ সভাত ৰম্ভা, উৰ্বশী, মেনকাই শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰে; মধুৰ কথা-বতৰা, সকলোৰে আচাৰ-ব্যৱহাৰ শালীন। ইয়াৰ সাজ-পোছাক বোৰ অভিজাত্য বহনকাৰী। চকু বন্ধ কৰি হাত আগবঢ়াই দিলেই মনে বিচৰা ধৰণৰ খাদ্য সম্ভাৰ তৎক্ষণাত হাজিৰ হয়। ইয়াত সকলো সময়তে সুখ-শান্তি বিৰাজমান হৈ থাকে।

Read more

‎ভিক্ষুকৰ জীৱিকা পৰিবৰ্তন,‎মূলঃ অমিতাভ প্ৰামাণিক,‎অনুবাদ-মামণি কলিতা

মই শিয়ালদহ ষ্টেচনৰ মূল শাখাৰ নিয়মীয়া যাত্ৰী। যোৱা পোন্ধৰ বছৰ ধৰি কৰ্মসূত্ৰে সেইটো লাইনৰ ট্ৰেইনত অহা-যোৱা কৰি আছোঁ। ট্ৰেইনৰ বহুসংখ্যক নিতৌ অহা-যোৱা কৰা লোক, হকাৰ আনকি ভিক্ষাৰী কেইজনৰো মুখ চিনাকি হৈ গৈছে। ভিক্ষাৰী কেইজনৰ ভিতৰত এজনৰ নাম আছিল মাধাই, পোন্ধৰ ষোল্ল বছৰ বয়সৰ পৰা তেওঁক ম‌ই দেখি আহিছোঁ। তেওঁ জন্মান্ধ। বাৰাকপুৰৰ পৰা দমদমলৈ অহা বাটছোৱাত ট্ৰেইনত ভিক্ষা খোজে। লাহে লাহে মাধাই ডাঙৰ হোৱা দেখিলোঁ, জীৱনসংগী বিচাৰি পোৱাও দেখিলোঁ, আনকি তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হোৱাও দেখিলোঁ। স্বামী-স্ত্ৰী অন্ধ হ’লেও সন্তানটি

Read more

গগণ চৌধুৰীৰ ষ্টুডিঅ’,মূল : সত্যজিত ৰায়,অনুবাদ-ৰঞ্জনা দত্ত

এটা ফ্লেট দিনৰ ভাগত দেখি পচন্দ হ’লেও, তাত গৈ নথকা পৰ্যন্ত  তাৰ সুবিধা অসুবিধাসমূহ  ভালদৰে ধৰিব নোৱাৰি। সুধীন চৰকাৰে ভবানীপুৰৰ এই ফ্লেটটোত থাকিবলৈ লোৱাৰ পাছৰে পৰাই এই কথাটো অনুভৱ কৰিলে। এই এটা কথাতেই ভাগ্যদেৱীয়ে এটা শুকান হাঁহি মাৰিলে; নহ’লে তেওঁ যে সুধীনৰ প্ৰতি বিশেষ প্ৰসন্না তাৰ উদাহৰণৰ অভাৱ নাই। যিদৰে তেওঁৰ পদোন্নতিৰ কথাটোৱেই ধৰা যাওক। তেওঁ এতিয়া অফিচৰ এটা ডিপাৰ্টমেণ্টৰ হেড। ইমান সোনকালে তেওঁ ইমান ওপৰলৈ উঠাৰ কথা নহয়, হাজাৰ হওক  তেওঁৰ বয়সটোতো বেছি নহয় – এই আহাৰত একত্ৰিছত ভৰি

Read more

মই নৰকৰ পৰা কৈ আছোঁ,মূল :হৰি শংকৰ পৰসাই ,অনুবাদ-বিজয়া শর্মা

(মে নৰ্ক চে বোল ৰহা হু) হে পাথৰ পূজোতা সকল!তোমালোকৰ যিহেতু জীৱিত মানুহৰ কথা শুনাৰ অভ্যাস নাই ,সেয়েহে মই মৰিও কৈ আছোঁ।জীৱিত অৱস্থাত তোমালোকে যাক চকু পাৰিও দেখিব নোৱাৰিছিলা, তেওঁৰ কিন্তু শৱৰ লগত সমদল কৰিও গৈছিলা। জীৱন ভৰ তোমালোকে যাক ঘৃণাৰ চকুৰে চাইছিলা,তেওঁৰ চিতাত চাকি জ্বলাবলৈও গৈছিলা।মৰালৈকে যাক এচলু পানী দি নাপাইছিলা, তেওঁৰ অস্থি গঙ্গালৈও লৈ গৈছিলা। তোমালোকে জীৱিত অৱস্থাত মানুহক তিৰস্কাৰ কৰা আৰু মৃতকক সৎকাৰ কৰা।সেয়েহে মৰিও নৰকৰ পৰায়েই  মই কৈ আছোঁ। কিন্তু মোৰনো কি দৰকাৰ পৰিছিল যে জীৱন কালত

Read more

‎চি চি টিভি,‎মূলঃ অমিতাভ প্ৰামাণিক,‎অনুবাদ-মামণি কলিতা

‎আমাৰ প্ৰিয় বলাই দা সকলোৰে মাজত বুলা দা নামেৰে পৰিচিত।কাৰো হাতে-পাঁচে একোতে তেওঁ নাথাকে। যিটো ফ্লেটত তেওঁ থাকে তাৰ তলতে তেওঁৰ এখন সৰু দোকান আছে।তেওঁ সদায় সোনকালে দোকানখন খোলে।সেই ফ্লেটৰে এদল উদণ্ড ল’ৰাই সদায় ৰাতিপুৱা দোকানৰ সন্মুখৰ ৰাস্তাত ক্ৰিকেট খেলা আৰম্ভ কৰে। প্ৰায়েই বল বুলা দাৰ দোকানৰ ভিতৰত সোমায়। স্বাভাৱিকতেই এই ঘটনাত তেওঁৰ বৰ খং উঠে আৰু তেওঁ ল’ৰাবোৰক তাত খেলিবলৈ মানা কৰে। কিন্তু ক’ত আৰু তেওঁৰ কথা শুনিব ল’ৰাহঁতে, সিহঁতে তাতেই খেলি থাকে। এইবোৰ দেখি কাকো একো ক’ব নোৱাৰি

Read more

পাবলোৰ জন্মদিন,মূল: সোনাই ঢালি,অনুবাদ-মামণি কলিতা

“বিনি, অই বিনি! উফ, ইমান খৰকৈ গৈছ কিয়? অই বিনি, ৰ’হ্ বুলিছো ৰ’হ্।” “মোৰ এতিয়া ৰ’বলৈ সময় নাই। মোৰ পিছে পিছে আহি নাথাকিবি। কাম সামৰি মই ঠিক সময়তে আহি ঘৰ পামহি।” “উফ, কি পাগলী ছোৱালী এইজনী”,  ঘন ঘনকৈ উশাহ লবলগীয়া হৈছিল মিতুৱে। তাইৰ পিছে পিছে খৰধৰকৈ আহি আহি এঠাইত ৰৈ গ’ল। বহু আগলৈ গৈ গৈ এটা সময়ত ৰাস্তাৰ সোঁফালে ঘূৰি নেদেখা হৈ গ’ল বিনিৰ নীলা ৰঙৰ ফ্ৰকটো। “এতিয়া ম‌ই কি কৰিম? ঘৰলৈ গৈ যদি মাক বিনি ক’লৈ গৈছে নাজানো বুলি

Read more

ভক্ত,মূল:সত্যজিত ৰায়,অনুবাদ-ৰঞ্জনা দত্ত

অৰূপবাবু-অৰূপ ৰতন সৰকাৰ- এঘাৰ বছৰ পিছত পুৰীলৈ ফুৰিবলৈ আহিছে। এইবাৰ চহৰখনত কিছুমান পৰিৱৰ্তন চকুত পৰিছে।বহুতো নতুন নতুন ঘৰ, নতুনকৈ বনোৱা কেইটামান ৰাস্তা, সৰু-ডাঙৰ কেইখনমান হোটেল; কিন্তু সাগৰৰ পাৰলৈ আহি বুজিব পাৰিলে যে এইটো বস্তু কেতিয়াও সলনি হ’ব নোৱাৰে। তেওঁ য’ত আহি উঠিছেহি, সেই সাগৰিকা হোটেলৰপৰা সাগৰ দেখা নগ’লেও, ৰাতি হোটেলৰ বাসিন্দাসকলৰ কথা-বতৰা বন্ধ হৈ গ’লে স্পষ্টকৈ সাগৰৰ ঢৌৰ শব্দ শুনা যায়। সেই শব্দ শুনিয়েই কালি ৰাতি অৰূপবাবু বাহিৰলৈ ওলাই আহিছিল। তেওঁ পুৰীলৈ কালিয়েই আহিছিল। দুপৰীয়া কেইটামান দৰকাৰী বস্তু কিনিবলগীয়া আছিল

Read more

ৰং নাম্বাৰ- চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মহাশ্বেতা দেৱীৰ মূল বেঙ্গলী ভাষাৰ গল্প “রং নাম্বাৰ”ৰ অসমীয়া ভাষালৈ ভাবানুবাদ) ৰাতি এক বাজিছে। তীৰ্থবাবাবুৰ টোপনি ভাগি গ’ল। টেলিফোনটো বাজি আছে।মাজনিশা টেলিফোন বাজিলে ইমান ভয় কিয় লাগেনো? “হেল্ল’, শুনকচোন…..হস্পিতালৰপৰা কৈছো…আপোনাৰ ৰোগী এইমাত্ৰ মৰিল; হেল্ল’ ।” “মোৰ ৰোগী? হস্পিতালত মোৰ কোনো ৰোগী নাই।” “আপোনাৰ নম্বৰ?”  “ৰং নম্বৰ! ফোন থওক।”  “ৰং নাম্বাৰত ফোন কৰিছে কিয়?”  তীৰ্থবাবাবুৱে ফোনটো নমাই থয়।তেওঁ ভয় খায়….. ভীষণভাবে ভয় খায়।  “হঠাতে ফোনটো বাজি উঠে কেলেই? কিয় ইমান ৰং নাম্বাৰ হয়?”, সবিতাই সোধে তেওঁক।  আজি বহুত

Read more

ফাঁকি,মূল গল্পঃ অভীক দত্ত,অনুবাদ –  মামনি কলিতা

সোমেশ্বৰঃ  ফোনটো মোৰ লগতেই থওঁ। তথাপিও পত্নী যেতিয়া ওচৰত থাকে তেতিয়া অলপ আঁতৰাই ৰাখোঁ। যেতিয়াই তেতিয়াই শাওনীয়ে ফোন কৰিলে যাতে বিপদত নপৰোঁ, অলপ লুকুৱাই থোৱাই ভাল বুলি ভাবোঁ। শাওনীৰ নম্বৰটো ম’বাইলত দীপক নামেৰে চেভ কৰিছোঁ। দীপক মোৰ ল’ৰালি কালৰ বন্ধু। মাজে মাজে মোৰ পত্নীয়ে মোৰ ফোনটো লৈ কিবাকিবি চায়। মোক কিবা সন্দেহ কৰে যদিও নাজানো। মোক সুডোকু খেলিবলৈ লাগে বুলি কয়। সুডোকু খেলি কি ভাল পায় নাজানো। মই দুই তিনিবাৰ খেলি চাইছিলোঁ, একেবাৰে বাজে খেল। ওপৰ-তল, দীঘে-পথালিয়ে, কোণা-কোণিকৈ ইমান নম্বৰৰ

Read more
1 2 3 6