জীৱনৰ বাটে-ঘাটে-নমী ফুকন বৰা
বিয়াখনলৈ যাবলৈ স্বাস্থ্যটোৱে নক’লেও মনৰ আপাহতে,ল’ৰা-বোৱাৰীৰ বাধা নেওচি এৰাতি থকাকৈ বুলি খুড়াহঁতৰ ঘৰ পালোঁহি।আধুনিকতাই গ্ৰাস কৰা গাঁওখনি বহুত কিবা সলনি হ’ল যদিও পুৰণি স্মৃতিবোৰে মনত বাৰুকৈয়ে দোলা দিয়াত কিছু চঞ্চলতাই আৱৰি ধৰিলে।জোৰোণৰ দিনা গোট খোৱা মানুহ সকলোবোৰকে চিনি পোৱা নাই যদিও পুৰণি মানুহ কিছুমানক লগ পাই অভিভূত হৈ পৰিছোঁ। শৈশৱৰ লগৰী বীণাক লগ পাবলৈ মনটোৱে হাঁহাকাৰ কৰি ফুৰিছে।তাইক বা বিয়ালৈ নিমন্ত্ৰণ কৰিছেনে নাই? কাকনো সুধিম?সকলোবোৰ দেখোন কামতেই ব্যস্ত। মনতে থকা প্ৰশ্নটোৰ উত্তৰ পাম বুলি ৰভাৰ তলত থকা চকীতে বহি পৰিলো।কিমান
Read more