আইদেউ  বাচত উঠিছে,মূল লেখক:ভাল্লিক্কান্নান,অনুবাদ-চিত্ৰলেখা দেৱী

(ভাল্লিক্কান্নান হৈছে  সাহিত্য একাডেমি বঁটা প্ৰাপক  প্ৰখ্যাত  তামিল সাহিত্যিক  আৰ.এচ.ৰামস্বামীৰ ছদ্মনাম।  তেখেতৰ  এই গল্পটো  বৰ্তমান SEBA ৰ  দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ অন্তৰ্ভুক্ত  Madam Rides the Bus ৰ পৰা অসমীয়ালৈ ভাবানুবাদ  কৰা হৈছে  । তামিল ভাষাৰপৰা গল্পটো কে.এচ.সুন্দৰমে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ।)                           (১ম  অংশ)                         ইয়াত ভাল্লিয়াম্মাই নামৰ এজনী ছোৱালীৰ কথা ক’বলৈ লৈছো যাক চমুকৈ ‘ভাল্লি’ বুলি মতা হয়।তাইৰ বয়স আঠ বছৰ আৰু যিকোনো বিষয়তে তাই বৰ কৌতূহলী।নিজৰ ঘৰৰ আগফালৰ দুৱাৰ মুখত থিয় দি বাটৰ ফালে কি কি ঘটিছে তাক

Read more

জীৱন নিয়ে:লিখক- জাতবেদা মিশ্ৰ, ভাবানুবাদ–অঞ্জু  মহন্ত

বনানী বা বিনিক কোনোবাই যদি সোধে যে তোমাৰ চখ কি? কথাষাৰ শুনি প্ৰথমতে তাই খুব অপ্ৰস্তুত হ’ব। তাৰপিছত আকাশ-পাতাল ভাবিও কোনোমতেই একো উত্তৰ দিব নোৱাৰিব। কাৰণ, চখ কাক কয়! নিজৰ ইচ্ছা বুলি আকৌ কিবা থাকে নেকি! বিনি এনেকুৱা এজনী ছোৱালী যে কিবা এটা লাগে বুলি কোৱাটো দূৰৰে কথা, লাগে বুলি ক’ব এইটো ভাবিবলৈও সাহস কৰিব নোৱাৰে। সৰুতে তাইৰ মাকেই ঠিক কৰি দিছিল তাই কি পিন্ধিব, কি খাব। আনকি স্কুলৰ কোন বন্ধুৰ লগত তাই মিলামিছা কৰিব সেইটোও।  ফুৰিবলৈ যোৱা বা অন্য

Read more

এয়া কেনেকুৱা অলসতা,বাংলা: গৌৰীশঙ্কৰ  বন্দোপাধ্যায়,অনুবাদ- বকুলিকা গোস্বামী

এয়া কেনেকুৱা অলসতা  যি মোক গোটেই  দিনটোৱেই সাবটি আছে। সময়ক লগত লৈ একো কামতে একাগ্ৰতা নাই            যেন ভুল হয় সকলো কামত  কেনেকুৱা এই অবহেলা             গোটেই দিনটো ভিতৰি ভিতৰি চুচি খায়                         যেন ভুল হয় মোৰেই ছায়াক লক্ষ্য কৰি                                  কোনে কোনে বাৰুদ আৰু বতাহৰ সাক্ষী হ’ব বিচাৰে           যেন জলাশয় জলাশয় তোমাৰ শৰীৰ                           গোটেই দিনটো ঢৌ খেলে উৰ্মিমুখৰ                                   গোটেই দিনটো জাগৰণ আৰু গোটেই দিনটো বতাহ                কেৱল অবাক ভূবনৰপৰা          আঁতৰি যায় মোহিনীৰ আঁৰেদি                                 যেন ভুল হৈ যায়                      এয়া কেনেকুৱা লাবণ্য কুসুম যাৰ পোহৰে                               মনলৈ

Read more

ৰং নাম্বাৰ:মূল: মহাশ্বেতা দেৱী, অনুবাদ-উপাসা ভাগৱতী

ৰাতি এক বাজিছে ৷ তীর্থবাবুৰ টোপনি ভাঙি গ’ল ৷ টেলিফোন বাজিছে।মাজৰাতি টেলিফোন বাজিলে কিয়  ইমান ভয় লাগে বাৰু ? : হেল্ল’।শুনক, হস্পিতালৰ পৰা কৈছো ,অপোনালোকৰ পেচেন্টৰ এইমাত্ৰ মৃত্যু হৈছে ৷ হেল্ল’ ৷ : আমাৰ পেচেন্ট?হস্পিতালতটো আমাৰ কোনো পেচেন্ট নাই।আপোনাৰ নম্বৰ? : ৰং নাম্বাৰ ! থৈ দিয়ক। : ৰং নাম্বাৰত ফোন কৰে কিয় ? ৰং নাম্বাৰত? তীর্থবাবুয়ে ফোনটো নমাই থলে ৷ ভয় কৰে।ভীষণ ভয় কৰে। : হঠাৎ ফোনটো বাজি উঠে কিয় ? কিয় ইমান ৰং নাম্বাৰ হয়? সবিতাই সুধিলে। আজি বহুদিন

Read more

ভ’লী,মূল লেখক:খাজা আহমেদ আব্বাছ,ভাবানুবাদ-চিত্ৰলেখা দেৱী

তাইৰ নাম আছিল সুলেখা, কিন্তু  নিচেই সৰুৰেপৰা তাইক সকলোৱে  ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলিহে মাতিবলৈ লৈছিল৷ তাই আছিল খাজনা সংগ্ৰহৰ কাৰ্যালয়ত চাকৰি কৰা ৰামলালৰ চতুৰ্থ  কন্যা৷ যেতিয়া তাইৰ বয়স দহ মাহ হৈছিল, এদিন তাই মজিয়াত মূৰটো দি পৰিল আৰু কিজানি এইবাবেই তাইৰ মগজুৰ কোনো অংশ বিকল হৈ পৰিল। তেতিয়াৰ পৰাই তাই মানসিকভাৱে অনগ্ৰসৰ শিশু হিচাবে থাকি গ’ল আৰু ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলি জনাজাত হৈ পৰিল। জন্মতে ছোৱালীজনী বৰ ধুনীয়া আৰু মৰম লগা আছিল। কিন্তু, তাই দুবছৰীয়া হওঁতেই সৰুআইৰ আক্ৰমণৰ বলি হ’ল।

Read more

ৰাজী?,লিখক: আশাপূৰ্ণা দেবী , ভাবানুবাদ-অঞ্জু মহন্ত

এজনী ছোৱালী আহি ল’ৰাজনক মাত দি ক’লে, ‘মোক বিয়া কৰাবলৈ ৰাজী নে?’ এনেকুৱা ঘটনা জগতৰ আন ক’ৰবাত ঘটিছেনে ভগৱানেহে জানে, অৱশ্যে শমিতৰ ভাগ্যত সেয়ে ঘটিল। ছোৱালীজনী যে একেবাৰে অপৰিচিত সেইটো নহয়, শমিতহঁতৰ ঘৰৰ দক্ষিণফালে কিছুদিনৰপৰা সাজি থকা তিনিমহলীয়া ঘৰটোত  ছমাহ আগেয়ে ৰাজকীয়ভাৱে মালিকৰ ‘গৃহপ্ৰৱেশ’ ঘটিছিল,ছোৱালীজনী সেই ঘৰখনৰেই ছোৱালী। সেই ঘৰখনৰেই ছোৱালী, সেইটো দেখিছে শমিতে এই ছমাহ ধৰি অৱশ্যে এতিয়াও নাজানে–ছোৱালীজনী মালিকৰ ছোৱালী নে ভতিজা,ভাগিনী,নে আশ্ৰিত কোনোবা। কাৰণ ছোৱালীজনীক শমিতে নানা সময়ত নানা অৱস্থাত আৰু নানা সজ্জাত দেখা পায়। কেতিয়াবা দামী

Read more

তৃষ্ণা,লেখক :: কা টা চিক্কান্না (Ka Ta Chikkanna),অনুবাদ-ৰঞ্জনা দত্ত

“মই তোক কেতিয়াবাৰ পৰাই মাতি আছোঁ । তই লৰচৰেই কৰা নাই দেখোন? সোনকালে আহি মোক দাইলবোৰ বাছি দেহিচোন। তেতিয়াহে চম্বৰ দাইলখন অলপ ডাঠ হ’ব।” তাই বোধহয় এতিয়ালৈকে তাক এইবাৰৰ সৈতে দহ বাৰ মান মাতিলে । কিন্তু জাভাৰাই কোনো উত্তৰ নিদিয়াকৈ নিজৰ কাম কৰাতে মগ্ন । তাৰ কামটো হ’ল—খেৰী ঘৰৰ কোঠালীটোৰ একেবাৰে কোণত বহি, বুকুখনে সমুখত মজিয়াখন চুই যোৱাকৈ হাউলি, কোঁচৰ ওপৰত কিতাপখন লৈ, কেৰাচিনৰ লেমৰ ক্ষীণ পোহৰত শেঙুণেৰে বন্ধ নাকেৰে জোৰেৰে উশাহ লৈ কিতাপখনত থকাৰ দৰে লিখিবলৈ কৰা চেষ্টা ।

Read more

পিতৃঋণ,মূল লিখক :অজ্ঞাত,অনুবাদ-সুস্মিতা দাস

নিজে প্রতিষ্ঠিত হোৱা পিছত এজন ল’ৰাই নিজৰ প্রথম মাহৰ দৰমহা আনি দেউতাকৰ হাতত দিলে। টকা খিনি দিয়া সময়ত দেউতাকক ক’লে –   : দেউতা তুমি এদিন কৈছিলা পিতৃঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। কিন্তু জানা দেউতা, যোৱা ছাবিশ বছৰে তুমি যিমান টকা মোৰ নামত খৰচ কৰিছা সেই আটাইবিলাক টকা ম‌ই মাত্ৰ তিনি বছৰত তোমাক ঘূৰাই দিব পাৰিম। দেউতাই তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি কলে,  : এটা গল্প শুনিবিনে? ল’ৰাজন অলপ অপ্রস্তুত হোৱা যেন লাগিল। তলমুৱাকৈ ক’লে –  : কোৱা দেউতা,শুনিম…… : তোৰ

Read more

বিয়াৰিং চিঠি,লেখক–হুমায়ুন আহমেদ:ভাৱানুবাদ-অঞ্জু মহন্ত

জমীৰ চাহাবে অফিচৰপৰা আহি পোৱাৰ পিছতেই তেওঁৰ ডাঙৰ ছোৱালী মিতুৱে ক’লে, “বাবা আজি তোমালৈ এখন চিঠি আহিছে।”  কথাষাৰ কৈ উঠি তাই মুখৰ হাঁহি লুকুৱাবলৈ অন্যফালে চালে।মিতুৰ বয়স একৈশ। এই বয়সৰ ছোৱালীবোৰৰ মুখত অকাৰণতে হাঁহি থাকে। হাঁহি-তামাচা জমীৰ চাহাবৰ একেবাৰেই পছন্দ নহয়। বিশেষকৈ মাক-দেউতাকক লৈ হাঁহি-তামাচা। আজিকালি বহুতো পৰিয়ালত তেওঁ এই কথাবোৰ দেখা পায়। মাক-বাপেকৰ লগত বহি আড্ডা দিয়ে,খিলখিলকৈ হাঁহে। এইবোৰ কি? তেওঁ এবাৰ এজন বন্ধুৰ ঘৰলৈ গৈছিল। সেই বন্ধুজনৰ ছোৱালীজনীয়ে বাপেকৰ  লগত বহুত হাঁহি-তামাচা কৰিবলৈ ধৰিলে। এটা সময়ত কৈয়েই পেলালে,

Read more

আশার্পূণা দেবীৰ গল্প: ‘ৰংবদল’,অনুবাদ-উপাসা ভাগৱতী

ইচ্ছা কৰিলেও কোনোপধ্যেই বহু বেলিলৈ বিছনাত পৰি থকিবপৰা নাযায় ,ৰাতিপুৱাতেই টোপনি ভাঙি যায় ৷ টোপনি ভঙাৰ পিচত বিচনাখন কাঁইটৰ দৰে হৈ পৰে ৷  টোপনি ভাঙোতেই ঘড়ীৰ ফালে চালে শুভেন্দুৱে , তাৰপিচত দেৱালত ওলোমাই থোৱা কেলেণ্ডাৰৰ ফালে ৷  আজিৰ তাৰিখটোৰ ৰং ৰঙা ৷ এই ৰংটো হেনো উজ্জ্বলতা আৰু আনন্দৰ প্ৰতীক ৷ কিন্তু তাতে শুভেন্দুৰ কি? শুভেন্দুৰ ওচৰত ৰবি ,সোম, বুধ, শণি সকলোবোৰ বাৰৰেই একেই ৰং।সেই ৰংটোৰ নাম ধূসৰ ৷ সপ্তাহৰ সকলোবোৰ দিনৰেই স্বাদ একেই ৷ সেই স্বাদৰ নাম বিস্বাদ৷  অকালতে এজন

Read more
1 3 4 5 6