মধুসূধন-অনামিকা (সংগীতা) কলিতা

শ্ৰীমদ্ ভাগৱতৰ দশম স্কন্ধে বৰ্ণিত শ্লোকৰ ছন্দে ছন্দে প্ৰেমৰ অমৃত নদী, ষোল্ল হাজাৰ গোপীৰ সঙ্গে কৰিলা ৰাস লীলা জগতৰ  মায়াক বান্ধি… নিস্বাৰ্থ প্ৰেমৰ হেতু ভক্ত আৰু ভগৱানৰ মাজত বান্ধিলেক সেতু হে প্ৰভু সনাতন তোমাৰ কৰুণা অপাৰ, জন্মিয়ে কৰিলা অসুৰ বধ আঁতৰাই পিতৃ-মাতৃৰ কৰুণ কাতৰ। নন্দৰ ঘৰে পালিত শৈশৱৰ দুলাল দেখুৱালা যশোদাক জগতৰ অভিমান, তোমাৰ চৰণে ভাৰত পৰশে মথুৰা বৃন্দাবনৰ মাজে আজিও সুৰৰ ধ্বনি বাজে। তুমিয়েতো কেশৱ কৃষ্ণ কৰুণা সিন্ধু , ত্ৰাহি জগন্নাথ অনাথ বন্ধু। ******

Read more

অৱৰোহণ-চন্দামিতা শৰ্মা

গে’টখনত খুটুংকৈ শব্দ এটা তুলি ভিতৰ সোমাব খোজোঁতে ক্ষীণ পোহৰে কিবাকৈ আন্ধাৰখিনিক দূৰ কৰিবলৈ চেষ্টা কৰি থকা ঘৰটোৰপৰা এটা মাত ভাহি আহিল…. “কোন? গে’টখন ভালকৈ বন্ধ কৰি আহিব।” একমুহূৰ্তৰ বাবে কিবা এটা চিন্তা কৰি গে’টখন ভালকৈ বন্ধ কৰিলোঁ আৰু চিধাই গৈ বাৰাণ্ডাখনত থিয় দিলোঁ। সেমেকা কেঁচা মজিয়াত ভৰি থোৱাৰ লগে লগে ধূপৰ গোন্ধ এটা আহি নাকত লাগিল। ডাঠ ফ্ৰেমৰ গধপা চছমাযোৰৰ মাজেদি শ্ৰীমতী বৰুৱাই মোৰ আপাদমস্তক লক্ষ্য কৰিলে আৰু পাছমুহূৰ্ততে কৈ উঠিল…. “অ’ আপুনি! আহক, আহক। বেয়া নাপাব দেই ,

Read more

ডাক কোন আৰু ডাকৰ বচনৰ প্ৰাসংগিকতা-সদানন্দ ভূঞা

অসমীয়া ভাষা সাহিত্য আৰু জনজীৱনৰ লগত ডাকৰ বচনসমূহৰ যথেষ্ট প্ৰাসংগিকতা আছে।কিন্তু ডাক কোন? ডাক কাল্পনিক চৰিত্ৰ নে কিংবদন্তি এই লৈ বহুতো মতভেদৰ জনপ্ৰবাদ পোৱা যায়।বৰপেটা অঞ্চলৰ লেহিডঙৰা নামৰ গাঁৱত ডাক পুৰুষৰ জন্ম হৈছিল বুলি উল্লেখ আছে।              “লেহিডঙৰা ডাকৰ গাঁও।               তিনিশ পুখুৰীৰ তিনিশ নাও। ডাক চৰিতমতে ডাক কুমাৰণীৰ সন্তান।ডাকৰ মাতৃৰ বহুদিনলৈকে সন্তান জন্ম হোৱা নাছিল। এদিন মিহিৰ মুনি তীৰ্থ ভ্ৰমণ কৰিবলৈ আহি কুমাৰৰ গৃহত অতিথি ৰূপে আশ্ৰয় গ্ৰহণ কৰিছিল।সন্তানহীন কুমাৰণীয়ে মুনিৰ সেৱা শুশ্ৰূষাত কোনো ত্ৰুটি কৰা নাছিল।কুমাৰণীৰ সেৱা শুশ্ৰূষাত

Read more

সপোনৰ সমাধি-দীপালি বৰ্মণ

বৰষুণক লৈ কি জানো আমেজ পায় মানুহে,নাজানোঁ আৰু দেই। কবিতাও লিখে। মোৰচোন একো ভাল নালাগে। চাৰিওফালে পানী আৰু লেতেৰা দুৰ্গন্ধময় পৰিবেশ। নলাৰ বুকুৱেদি চহৰখনৰ সোপাকে জাবৰ উটি আহিছে।যেন কৈছে,চোৱা কি সুন্দৰ পৰিবেশত জীয়াই আছা তোমালোক? মই নহ’লে এইবোৰৰ মাজত কি কৰিলাহেঁতেন? পিছে মইনো বচাম কেনেকৈ তোমালোকক? এইবোৰ আকৌ পেলাই দিম নৈত। নৈয়ে নি পেলাব সাগৰত…. ভাৱসাগৰত ডুবি মই বাছ ষ্টপেজটোত ৰৈ আছিলোঁ।যেনে তেনে মই আজি কামটো কৰিবই লাগিব। দেউতাৰ পেন্সনৰ কামটো আজি শেষ হ’ব।কিমান দিন যে তাঁত-বাতি কাঢ়িলোঁ আৰু এতিয়া

Read more

ফাগুন -ভাষ্যতি শৰ্মা

                          (১) গছবোৰৰ শুকাই যোৱা চকুলোবোৰ তলত পৰি আছিল। সৰাপাত বুলি সেইবোৰ মই গচকিছিলো। সিহঁতে মোৰ অস্তিত্বৰ উমান পাই মৰমৰণিৰ সুৰ তুলিছিল। আৰু মই তাত ৰৈ কিছুপৰ জীৱন্ত বিষাদৰ গীত শুনিছিলোঁ।                           (২) শিমলুজোপাত লাগি থকা ৰঙাখিনিৰ প্ৰেমত পৰি বতাহজাকে সদায় শিমলু কেইপাহমান চুইছিল। বতাহৰ কোমল স্পৰ্শত শিমলুকেইপাহ সৰি পৰি সেইদিনা বতাহজাকক শিমলুবোৰে প্ৰেমৰ প্ৰত‍্যুত্তৰ দিছিল।                           (৩) ফাগুনৰ আকাশত চিলাখন উৰুৱাই দিছিলোঁ। আৰু তাত গাঁঠি দিছিলোঁ অতদিন

Read more

বিশ্বায়নৰ আলি-দোমোজাত বিহু আৰু ইয়াৰ স্বকীয়তা ৰক্ষাত আমাৰ জাতীয় দায়িত্ব-সঞ্জয় কৃষ্ণ

অসমীয়াৰ হৃদস্পন্দন, অসমীয়াৰ স্বাভিমান হ’ল বিহু।মূলতঃ কৃষিভিত্তিক উৎসৱ বিহুৰ লগত জড়িত হৈ আছে নানান পৰম্পৰা, লোকাচাৰ ইত্যাদি।অতীজৰেপৰা ই চলি আহিছে পুৰুষানুক্ৰমে।সময়ে সময়ে কিছু পৰম্পৰা, লোকাচাৰ, নীতি-নিয়ম নতুনকৈ সংযোজিত হৈ পৰে।এইবোৰ সংযোজিত হয় কিছু প্ৰকৃতিবাদী বৈজ্ঞানিক চিন্তাৰ ফলস্বৰূপে। লগতে প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্কৰ ফলস্বৰূপে।  সময়ে সময়ে সংস্কৃতিলৈ নতুন সোঁত, নতুন উপাদান আহে।কিছুমান নিয়ম লোপ পায়, কিছুমান নতুনকৈ সংযোজিত হয়।এনেদৰেই সময়ে সময়ে কিছু ন-ৰূপ লৈ পৰিৱৰ্তিত হৈ বিহুৱে আজিৰ অৱস্থা পাইছেহি।সংস্কৃতিয়ে সামৰি লয় নৃত্য-গীত, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, জীৱন ধাৰণৰ প্ৰণালী ইত্যাদি।বৰ্তমান যোগাযোগ ব্যৱস্থা

Read more

কৃষকৰ সপোন-কপিল দেৱগোস্বামী

নিশাৰ তমসা আঁতৰাই কাঁচিয়লি কিৰণেৰে ভুমুকিয়াইছে প্ৰভাতী সূৰুযে। কুকুৰাই ডাক দি জনালে পূৱে ধলফাট দিলে। কান্ধত নাঙল লৈ গৰুহাল যুতি দি ওলালে পথাৰলৈ বুলি কঠিয়া ৰুবলৈও গৈছে ৰোৱনী   দুপৰৰ প্ৰখৰ ৰ’দত দাৱনীৰ সৈতে ধান কটাৰ সময়ত দৌৰা-দৌৰিকৈ জলপানৰ টোপোলা হাতত লৈ পথাৰলৈ যায়। গছৰ ছাঁত বহি হেঁপাহ পলুৱাই জলপান খাই দুয়ো মনৰ কথা কয়।   হেঙুলী ৰহণ সানি সূৰুযে পশ্চিমলৈ ঢাপলি মেলিছে ধানৰ ডাঙৰিৰ ভাৰখন লৈ ঘৰলৈ উভতিছে খেতিয়ক ককাই মুখত ফুটি উঠিছে প্ৰাপ্তি দুচকুত যেন আশাৰ ৰেঙনি।  

Read more

ফুলৰ এই মেলাতে-উপাসা ভাগৱতী

ফুলবোৰ  ফুলিলে মনটো আনন্দেৰে ভৰি পৰে। সুগন্ধিৰে আমোলমোল কৰা ফুলে মনৰ ভিতৰখনো সুগন্ধিময় কৰে , পোহৰাই তোলে মনাকাশ।গোন্ধ নাথাকিলেও তাৰ ৰং-ৰূপেও মনটো ৰঙীন কৰি তোলে।সেয়ে কবিয়ে লিখি গৈছে, গায়কে গাইছে….          “ফুলৰ এই মেলাতে পখীয়ে গীত গাই          মৌ-মাখি গুণ গুণ          সুৰ তোলে বীণাই…..” তেনেদৰেই সুগন্ধি ফুলৰ সুবাস স্মৃতিৰ পাতত খুঁচৰি তাৰ লগত জড়িত পুৰণি স্মৃতি সুঁৱৰি গাই উঠিছে…..           “বহুদিন বকুলৰ গোন্ধ পোৱা নাই            বহুদিন বকুলৰ মালা গঁথা নাই……” এৰা স্মৃতিৰ পাপৰিত কেৱল ফুলেহে সুখ-দুখ সকলোতে সংগ দি জীৱনটো ৰঙীন কৰি তোলে।এই

Read more

চাদৰ-জ্যোতিমণি দেৱী

ডিভোৰ্চী মানুহৰ সততে বদনাম কিছুমান গাত লাগি থাকে৷ডিভোৰ্চী মানুহৰ উঠা-বহা কৰোঁতে বুকুত ভয় এটাও সোমাই থাকে কোনে কাৰ লগত সন্দেহ কৰে বুলি!মেলে মিটিঙে, আত্মীয়ৰ ঘৰে পৰে কোনো বিষয়ত মাত মাতিবলৈ মন থাকিলেও নিশ্চুপ হৈ ৰ’ব লগা হয় জানোচা ওফৰি আহে তেনে বাক্যবান যে ভাল কাৰণে ডিভোৰ্চ দিবলগীয়া হ’লনে বুলি! সেয়ে নিজকে কিছুমান অপ্ৰীতিকৰ পৰিবেশৰপৰা আঁতৰাই ৰখাই শ্ৰেয় বুলি ভাবে এনে লোকে৷ তেনেকৈ পিতৃৰ ঘৰখনো এনে লোকৰ কাৰণে সদায় অনুকুলে নাথাকে বিশেষকৈ মহিলা ডিভোৰ্চীৰ ক্ষেত্ৰত৷ সৱতে তেনে মহিলাৰ ক্ষেত্ৰত মানুহৰ প্ৰশ্নবোধক

Read more

গোপন খেলা-পাৰ্থ সীমান বৈশ্য

এই যে নাই বুলি কোৱাৰ পাছতো আমনি কৰা সেইখিনি কি গোপন খেলা   মোক এখন ফৰিঙৰ বিমান দিয়া উভতি যাওঁগৈ   পঁইতা ভাতৰ পানী গৰৈ পুৰা কলপাত আৰু কিছু মাটিৰ চাকি দিয়া   কাগজৰ চিলাক কিহে চেপি ওপঙাই ৰাখে শূন্যতাত   মই নাৰিকল পাতৰ সেই চম্পাজনীৰ হাঁহি চাবলৈকে বাৰে বাৰে চশমা পিন্ধিছিলো অথচ ইমান অকৃতজ্ঞ আছিল তাই মোৰ সুলকি যোৱা পেন্টটো চায়ো এবাৰলে এটা হাঁহিও নামাৰিছিল   এনে কি আছিল তাইৰ যিখিনিৰ বাবেই মই আজিও উটি যাওঁ চেঁচা নৈত বুৰ

Read more
1 18 19 20 21 22 62