মাঘৰ বিহু বা ভোগালী বিহুৰ ইতিহাস আৰু পৰম্পৰা-পূৰ্ণিমা শইকীয়া গগৈ
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে।কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অন্তত পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী বিহু।আঘোণৰ পথাৰ সোণোৱালী হোৱাৰ পাছত আঘোণ-পুহত ধান, মাহ, তিল, আলু আদি শস্য চপাই মানুহে ভঁড়াল ভৰায়।এইখিনি সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত খাবলৈ দুমুঠি ধান-চাউল থাকে। সেয়েহে এই বিহুত খোৱা-বোৱাত বেছি গুৰুত্ব দিয়া হয়।এই বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰী, হুৰুমৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদি সকলোৰে ঘৰতে উভৈনদী
Read more