ব্ৰজবুঢ়া,মূল :সত্যজিত ৰায়,অনুবাদ -ৰঞ্জনা দত্ত

শঙ্কৰ চৌধুৰীয়ে ৰুটি এফাল লৈ দাইলত ডুবাই  মুখত সুমুৱাই এবাৰ কাষত বহা পুতেকৰ ফালে চাই পঠিয়ালে। তাৰ পিছত টুকুৰাটো চোবাই চোবাই ক’লে – “তোক কথা এটা কওঁ কওঁ বুলিও কোৱা হোৱা নাই আমাৰ ঘৰৰ সোঁফালে এটা ঘৰ এৰি থকা দুতলা ঘৰটোত বুঢ়া এজন থাকে দেখিছনে?” “অঁ অঁ দেখিছো”-  সুবুৱে ক’লে । “সদায় স্কুলৰপৰা অহাৰ সময়ত দেখোঁ।প্ৰথম তলাৰ বাৰান্দা খনত বেতৰ চকী এখনত বহি থাকে।মোৰফালে চাই হাঁহে।” “হাঁহিটো কি খুব স্ফুৰ্তিৰ হাঁহি নেকি?” সুবুৱে অলপমান ভাবি উত্তৰ দিলে ,  “অকণমান দুষ্টামি ভৰাও

Read more

অভিশপ্ত ঘৰ-কুশল মহন্ত 

(পুনশ্চ::::::::::::::ৰক্তিম বৰুৱাই আত্মহত্যা কৰিছিল।আপাতদৃষ্টিত ৰক্তিমৰ দেউতাকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল যদিও প্ৰকৃততে ৰক্তিম বৰুৱাৰ দেউতাকক ৰক্তিমেই হত্যা কৰিছিল।মাকে কৰিছিল এই ষড়যন্ত্ৰ।ৰক্তিমে ভাবিছিল দেউতাকে মাকক মিছাকৈ পৰপুৰুষৰ লগত সন্দেহ কৰি মাৰধৰ কৰে।সিদিনাও ৰক্তিমৰ দেউতাকে মাকক মাৰধৰ কৰিছিল।হিতাহিত জ্ঞান হেৰুৱাই ৰক্তিমে দেউতাকক ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিছিল।ৰক্তিমে পিছতহে গম পালে যে আচলতে তাৰ মাকৰহে সম্পৰ্কীয় খুৰাকৰ সৈতে অবৈধ সম্পৰ্ক আছে।এয়া সি নিজ চকুৰে দেখিছিল।এক ভয়ানক পৰিকল্পনা কৰি ৰক্তিমে নিজৰ মাককো হত্যা কৰে।ৰক্তিমৰ মাকৰ মৃত্যুৰ পিচত ৰক্তিমৰ মানসিক ভাৰসাম্যতা হেৰাইছিল।তাক যেন মাক আৰু দেউতাকে

Read more

অনুভৱ-সংহিতা ভট্টাচাৰ্য্য

-সপোন হেঁপাহবোৰৰ মাজেৰে–জীৱন! ৰূমটোৰ টেবুলখনৰ ওপৰৰ বাতৰিকাকতখনত জিলিকি থকা হেডলাইনটোলৈ প্ৰথমেই চকু গ’ল তাৰ। ‘ভেন্সাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ এইবাৰো প্ৰাদেশিকৰণ কৰা নহয়।’ অলপ সময় ৰৈ থাকিল সি। বিছনাৰ তুলিখনৰ তলত থৈ দিয়া তাৰ চাৰ্টিফিকেটৰ টোপোলাটো লাহেকৈ উলিয়াই আনিলে অনিৰ্বাণে।এখন এখনকৈ চাই গ’ল সি। এসময়ৰ সপোন আৰু আশাৰ এই চাৰ্টিফিকেটবোৰ আজি মাত্ৰ উকা কাগজ কেইখিলামানৰ দৰে লাগি গ’ল অনিৰ্বাণৰ। দুদিনমান আগতে যমুনাই কোৱা কথাষাৰ তাৰ মনলৈ আহিল।  : বুজিছে এইবাৰ আপোনাৰ চাকৰিটো হ’লে ছিলঙলৈকে যাম দিয়ক। আমাৰ সোনটোৱেতো আজিলৈকে গাঁৱৰ বাহিৰখনকে দেখা

Read more

সংখ‍্যাটোৰ আঁৰৰ কথা

‘শব্দচিত্ৰ’ গ্ৰুপটো আমাৰ অতি হেঁপাহৰ গ্ৰুপ। ‘ফটাঢোল’ৰ ভগ্নী গ্ৰুপ শব্দচিত্ৰ।জন্মলগ্নৰেপৰা জড়িত  গ্ৰুপটোৰপৰা যেতিয়া আলোচনী এখন উলিওৱাৰ প্ৰস্তাৱ ওলাইছিল, মনটো কিবা এটা ভাল লাগি গৈছিল।যেন নিজৰ পৰিয়ালৰপৰাহে ভাল কাম এটা হ’বলৈ গৈছে!  সময়ত বহুজনৰ কষ্ট আৰু আশাশুধীয়া নেৰানেপেৰা চেষ্টাৰ ফলত আলোচনীখন প্ৰকাশ হৈ ওলাইছিল। আমাৰ বৰ স্ফূৰ্তি লাগিছিল।আৰু সেইখন আলোচনীৰেই যেতিয়া সম্পাদক হবলৈ মোলৈ অনুৰোধ আহিছিল, মই না কৰাৰ প্ৰশ্নই নুঠে।খুব আনন্দেৰে সৈতে অৰবিন্দ গোস্বামীয়ে অনুৰোধ কৰা সেই প্ৰস্তাৱটো মই গ্ৰহণ কৰিলোঁ।  আলোচনী এখন অকলে প্ৰকাশ কৰিব কোনেও নোৱাৰে, সেইটো সকলোৱে

Read more

মোৰ মৃত্যুৰ আগে পিচে চেনাইৰ লগত চেন্নাই যাত্ৰা-প্ৰদীপ বৰা

জুন মাহতে ইণ্ডিগো বিমানৰ টিকট বুক  কৰিলোঁ, গুৱাহাটীৰপৰা চেন্নাইলৈ।লগত আহিব মিষ্টাৰ শইকীয়া এণ্ড হিজ চন আৰু ষ্টাফৰে শ্ৰীমতী গগৈ।তিনি তাৰিখে ১১:১৫ ত প্লেন উৰিব গুৱাহাটীৰপৰা।আমি গোলাঘাটৰ জকাইচুকৰপৰা আগদিনাই নাইট চুপাৰত গুৱাহাটীলৈ আহিলোঁ। এই যাত্ৰাটো মোৰ তথাকথিত মৃত্যুৰ আগমুহূৰ্তত প্ৰস্তুতি চলাই আছোঁ ,গুণাগঁথা দুই তিনিমাহ আগৰপৰা,টিকট বুকিং এমাহৰ আগতে।তিনিদিনৰ আগতে আমাৰ মুখ্য বিষয়াক আবেদন কৰিলোঁ, বোলো  মই চেন্নাইলৈ যাম  স্বাস্থ্যৰ পৰীক্ষা কৰিব লাগে। অমুক-তমুক বেমাৰ হোৱা দুবছৰ হ’ল  আৰু মানুহজনীয়েও বহুত দিনৰ আগৰপৰা অমুক বেমাৰত ভুগি আছে।বিষয়াই বোলে,নহ’ব হেড অফিচৰপৰা মানুহ

Read more

মিনি আৰু পুছি -হৰিচন্দ্ৰ ডেকা 

মিনিৰ ঘৰত           এহাল মেকুৰী             দুয়োটাই বৰ সুখী, এটাক এৰি থৈ        ইটোৱে নাখায়            কদাপি নহয়  দুখী। বোন্দা মহাৰাজ       মহা দগাবাজ             বোন্দীৰ নাম বাকৰী, নামটো যেনেকৈ     ৰাখিছে বুন্দিৰ             সঁচাকৈ তাই আঁকৰী। বোন্দা দগাবাজ      নিয়মৰো বাজ          কাৰ নো কথা সি মানে? মালিকনী বাই       সেয়েহে কোবাই          এই কথা তাই জানে। বোন্দা যদিওবা          মহা চয়তান        

Read more

প্ৰেম এক সত্তা-মাতু কুকুৰাচোৱা

প্ৰেমৰ অবিহনে মানুহৰ জীৱনটো কেনে হ’লহেঁতেন বাৰু? এটা আবেগ, অনুভূতিহীন জীৱন! ৰুক্ষ, খৰাং মন আৰু যে কত কি! কাৰ হৃদয়ৰ দুৱাৰত প্ৰেমে কেতিয়া টুকুৰিয়াই কোনেও ক’ব নোৱাৰে। নোখোলাকৈ থাকিম বুলি ভবাজনৰো যেতিয়া সেই দুৱাৰ খোল খায়, এজাক মলয়াই শীতল কৰি তোলে মনৰ আকাশ। চৌপাশৰ সেউজীয়াবোৰে বুকুলৈকে শিপায়। সদায় দেখি থকা বনৰীয়া ফুলপাহেও অনন্য ৰূপত ধৰা দিয়ে প্ৰেমিকৰ মনত। দুটা ভিন্ন মন এক হৈ একেদিশে চাবলৈ ধৰে । ঠিক নদীয়ে সাগৰলৈ চোৱাৰ দৰে! কেণা সকলোতে লাগে। প্ৰেমতো লাগে। ভুল বুজাবুজিৰ ফলতেই

Read more

বিশ্বনাথৰ গোসাঁই বিহু -উপসা ভাগৱতী

‘বিশ্বনাথ’ অৰ্থাৎ পৃথিৱীৰ ত্ৰাণকৰ্তা।ব্ৰহ্মপুত্ৰৰ পাৰত তেখেত ত্ৰাণকৰ্তা ৰূপত আবিৰ্ভাৱ হৈ আছে বাবেই ঠাইখনৰ নাম বিশ্বনাথ।বিশ্বনাথৰ পৌৰাণিক অন্য তিনিটা নাম হ’ল- বাণ, বাৰাণসী, বাণকাশী বা গুপ্তকাশী। ‘বিশ্বনাথ ধাম’ সম্পর্কে সম্ভেদ দিব পৰা দুখন প্ৰসিদ্ধ গ্রন্থ হৈছে দশম শতিকাৰ ‘কালিকা পুৰাণ’ আৰু ষোড়শ শতিকাৰ ‘যোগিনী তন্ত্র’। এই দুয়োখন গ্ৰন্থতে এই ক্ষেত্ৰক হিন্দুসকলৰ এখন প্ৰধান তীৰ্থস্থান হিচাপে উল্লেখ কৰিছে।এই প্রাচীন ধর্মগ্রন্থত উল্লেখ আছে যে – ‘সৌমাৰ পী’ঠৰ অন্তৰ্গত ‘হিল্লোল’ নামৰ ঠাইৰ প্ৰথমতে ৰদ্ৰপদ, মধ্যত নাগশঙ্কৰ আৰু তৃতীয়তে হৈছে বিশ্বনাথ ক্ষেত্র। বিশ্বনাথ ক্ষেত্ৰৰ পৰিসৰ বিস্তৃত

Read more

স্বাভিমান-নিতুমণি দাস শৰ্মা

“শুন,মাইকী মানুহ তই,অলপ সৰু হৈ চলিব লাগিব, আমাৰ ঘৰখনৰ কথা এবাৰ ভাবি চাচোন…. সমাজত তোৰ ভায়েৰাৰ এটা স্থান আছে, তই এনেকৈ ক’ৰ্ট কাছাৰীত……..” খৰ-খেদাকৈ আঁতৰি যোৱা মাকৰ কঠোৰ সকীয়নিত ঠাইতে থৰ লাগি ৰৈছিল তাই….।চলচলীয়া চকুযুৰিত সজীৱ হৈ উঠিছিল অতীতৰ ধূসৰিত খণ্ড ছবিবোৰ !! “মোক পাহৰি যোৱা,মই ঘৰৰ অবাধ্য হ’ব নোৱাৰিম।  দেউতাৰ সন্মানৰ কথা আছে।” শিলচটা বুকুত ৰাখি একে উশাহতে দৃঢ়তাৰে কৈছিল সিদিনা।আজি কাতৰত চিঞৰি উঠে তাই….. “সন্মান,…. মোৰো  আছে।অ,…মোৰো এটা মন আছে।” মৌন ওঁঠত লাগি ৰয় শব্দকেইটা…  “ব’লক সময় হৈছে”… 

Read more

শুভেচ্ছাবাণী

বৰ্তমান সময়ত সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত সামাজিক মাধ্যম তথা সামাজিক মাধ্যমৰ গোটসমূহে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সৰু ল’ৰা-ছোৱালীৰ পৰা মহিলা পুৰুষ সকলোৱে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এখন মঞ্চ পাইছে, ইয়াতকৈ আৰু ভাল লগা কথা কি হ’ব পাৰে? !!  ‘শব্দচিত্ৰ—–জীৱনৰ কলাজ’ হৈছে এনে এটা গোট য’ত সাহিত্যৰ সকলোবোৰ দিশ বৰ সুন্দৰভাৱে একেলগে সন্নিবিষ্ট কৰা হৈছে। এই গোটটিয়ে গল্প, প্ৰবন্ধ, অনুবাদ, শিশু সাহিত্য, ভ্ৰমণ ভিত্তিক কাহিনী, বিজ্ঞান ভিত্তিক লেখাৰ লগতে বিভিন্ন শিতান ফটোগ্ৰাফী, কুইজ, আদিৰ সৈতে তথা গীত মাত কথা বৰ

Read more
1 25 26 27 28 29 54