সংকল্প-কমলা দাস

সন্ধিয়াৰ বেলিটোৱে মেলানি মাগিলে। এন্ধাৰবোৰে হোঁহোৱাই সোমাই আহি ধৰাৰ পোহৰ নাশিবলৈ চাৰিওফালে বিয়পি পৰাৰ যো-জা চলালে। তাকে দেখি  ৰাতিপুৱা বেলিটো লৈ অহা শৰালিজাকে ওভতা পথেৰে পাখি কোবাই কোবেৰে ঘৰমুৱা হৈছে।এন্ধাৰবোৰেও সিহঁতৰ পিছে পিছে লৰ মাৰিছে সিহঁতক ক’বলৈ–হেৰৌ, তহঁতে কাইলৈ সোনকালে আহি বেলিটো পুনৰ লৈ যাবিচোন! আজি বাৰু ৰাতিটোৰ বাবে ৰাখি থলো! খিৰিকীখন জপাবলৈ লৈ দৃশ্যটো দেখি সদ‍্য বেলিবিহীন ৰীমা থৰ লাগিল। মন গহনত  দৃশ্যটোৱে পাকঘূৰণি খাবলৈ ধৰিলে— “মোৰ আকাশৰপৰা হেৰাই যোৱা বেলিটোও যদি এনেদৰে ৰাতিটো ঘূৰাৰ পাছতে লৈ আনিব পাৰিলোঁহে‌ঁতেন!”

Read more

সময়-হৰিচন্দ্ৰ ডেকা

“এয়া মজিদ নহয়নে?” চিনাকি মাত এটা যেন ক’ৰবাৰ পৰা ভাঁহি আহিছে৷ ইফালে সিফালে চাই দেখোঁ হাহোঁ হাহোঁ কৰা মুখ এখনে ফুটপাথৰ সিটো পাৰৰপৰা মোলৈ চাই আছে৷ ওচৰ চাপি অহাত ভৰিৰপৰা মূৰলৈ মানুহজনক ভালদৰে নিৰীক্ষণ কৰিলোঁ৷ চিনাকি চিনাকি যেন লাগিছে  কিন্তু কোন হ’ব পাৰে সেয়া ঠাৱৰ কৰিব পৰা নাই৷ এসময়ৰ  কলেজ সহপাঠী যেন অনুভৱ  হয়, কিন্তু এই মুহূৰ্তত অসংখ্য সহপাঠীৰ মাজৰ এইজন কোন হ’ব পাৰে সেইটোহে ধৰিব নোৱাৰি বিবুধিত পৰিছোঁ৷ “কি চিনি পোৱা নাই?” হাতখনত জোৰকৈ খামুচি ধৰি আগন্তুকে পুনৰ ক’লে…

Read more

ওপজা ঠাই-মোহাইমিনুৰ ৰহমান

জীৱনৰ খলা-বমা বাটৰ উজুটি ভৰি দিলোহি আপোন পদূলিত নষ্টালজিক এজাক পছোৱা বতাহে দেহ মনত সিঁচি থৈ গ’ল তাৰুণ্য যৌৱন প্ৰতিটো উশাহত খোল খাই গ’ল হেৰাই যোৱা অন্তৰাত্মাৰ আধৰুৱা পৃষ্ঠা বিচাৰি পালো আপোন মাটিৰ চিনাকি গোন্ধ স্বাৰ্থহীন মৰমৰ ধপ্ ধপনি আপোন প্ৰকৃতিৰ সেউজবুলীয়া দলিচাত প্ৰতিটো খোজত স্বৰ্গীয় সুখানুভূতি জন্মভূমিৰ বুকুতে মাৰিম জীৱনৰ শেষ টোপনি বিলীন কৰিম নিজৰ দেহ শেষ মুহূৰ্ততো দুচুকত কঢ়িয়াই নিম জীৱন জীয়াৰ মনোমোহা স্মৃতি হৃদয় শাঁত পেলোৱা মৰমৰ মাত। ******

Read more

কঠোপনিষদ আৰু নচিকেতাৰ কাহিনীৰে-বিজয়া শৰ্মা

    আমাৰ ধৰ্মগ্ৰন্থসমূহ হৈছে সৰ্বোচ্চ মানৱীয় জ্ঞানৰ ভাণ্ডাৰ। ধৰ্মগ্ৰন্থসমূহত নিহিত হৈ আছে জীৱনৰ  সুন্দৰ উপলব্ধি।আমি যিকোনো শুভ কৰ্মত সদায় আওৰাই আহিছোঁ  বৃহদাৰণ্যক উপনিষদৰ সৰ্বোচ্চ মানৱীয় জ্ঞানৰ সেই বিখ্যাত শ্লোকটি.. ঔম অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ গময় মৃত্যুৰ্মামৃতং গময়। অৰ্থাৎ ,হে ঈশ্বৰ, আমাক অসত্যৰ পৰা সত্যলৈ নিয়া, আন্ধাৰৰপৰা পোহৰলৈ নিয়া আৰু মৃত্যুৰপৰা অমৰত্বলৈ নিয়া।সঁচাকৈয়ে, ইয়াতকৈ আৰু সুন্দৰ প্রার্থনা কি হ’ব পাৰে? ভাৰতৰ সমস্ত দাৰ্শনিক বিচাৰধাৰাৰ  স্ৰোত হৈছে উপনিষদ।ইয়াত পৰমেশ্বৰ পৰমব্ৰহ্ম আত্মাৰ স্বভাৱ আৰু সম্বন্ধৰ দাৰ্শনিক আৰু জ্ঞানপূৰ্ণ বৰ্ণনা কৰা

Read more

মোহ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

চহৰখনৰ মূল পথৰপৰা বাওঁফালে এক ফাৰ্লংমান গৈয়েই সোঁফালে ঘূৰা কেঁকুৰিটোৰ চুকতে তেখেতৰ ঘৰ। আহল-বহল বাৰীখনৰ সোঁমাজতে এটা অসম আৰ্হিৰ ধুনীয়া ঘৰ। সমুখৰ বাৰান্দাত বেতৰ টেবুল-চকী এযোৰ। দীঘল পদূলিটো পাৰ হৈয়েই বহল বাৰান্দাখনে দৃষ্টি আকৰ্ষণ কৰে। ঠায়ে ঠায়ে ৰখা সতেজ পাতৰ টাবকেইটাই বাৰুকৈয়ে শোভাবৰ্ধন কৰিছে। বাৰীখন যথেষ্ট পৰিষ্কাৰ। সোঁফালে চুকলৈ থকা লিচু গছডালৰ ঠাল-ঠেঙুলীয়ে এক বৃহৎ অংশ আৱৰি আছে। তলতে বেঞ্চৰ দৰে কাঠৰ কুণ্ডা এটা ফালি বহাৰ ব্যৱস্থাও ৰাখিছে। ঠায়ে ঠায়ে জবা, খৰিকাজাঁই, তগৰ, গোলাপ আদি দেশী ফুলৰ গছবোৰে চোতালখন মনোমোহা

Read more

লিমাৰিক -হৰিচন্দ্ৰ ডেকা

                         (১) ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে মোলৈ ঘনেঘনে ময়ো একচেপ্ত  কৰোঁ যদি মিলে মনে হাই হেল্লো বাৰেপতি মোৰ   হয়   লটিঘটি ইনবক্স   ইগন’ৰ   কৰোঁ  তেতিক্ষণে  ৷                       (২) বেটেৰি লগোৱা ৰিক্সাত উঠিছে  নেকি ? ময়ো উঠি পিছে এবাৰ শিকিলোঁ ঠেকি কিনো গতি তাৰ ভাই নমাৰো  উপায়  নাই গতি কমাব নোৱাৰি মাৰিলে ফাঁকি ৷                      (৩) ৰখাব  নোৱাৰি ৰিক্সা  পৰিল  খালত জাপ দিওতে আঁচোৰ লাগিল গালত পুলিচ আহিল দৌৰি নগ’লো কিবাকৈ মৰি

Read more

অন্তঃসলিলা-চন্দামিতা শৰ্মা

তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পিছত ওলোৱা প্ৰখৰ ৰ’দ। দেহা দহি নিয়া গৰম। শাৰী শাৰী অট্টালিকাৰ মাজত সাপৰ দৰে শুই থকা পথেৰে কালি ৰাতিও প্ৰৱাহিত হৈছিল পথৰ দাঁতিৰ নৰ্দমা,  সুশোভিত অট্টালিকাসমূহৰ পিছফালৰ পিটনি আৰু নলাত বহুদিন ধৰি গোট খাই থকা আৱৰ্জনা আদি একাকাৰ কৰি সৃষ্টি হোৱা  জলধাৰা আৰু আজি এয়া শুকাই গৈছে পানী এবেলাৰ ৰ’দতে।  স্পষ্টত: অৰ্ধ শুকান জাবৰ-ময়লাৰ দুৰ্গন্ধই ছানি ধৰিছে চৌদিশ।পথৰ কাষত দমাই থোৱা শিল, নলাৰ পানীৰ লগত ওলাই আহি পথত অবাধে বিচৰণ কৰি থকা তথা   কেতিয়াও ক্ষয়

Read more

অণুগল্প-সমীৰণ শৰ্মা

                                             (১)   মুখা বসুন্ধৰা বৰুৱা অঞ্চলটোৰ এটা পৰিচিত নাম।দিনৰ দিনটো তেওঁ নাৰী সৱলীকৰণৰ নামত বিভিন্ন সভাই- সমিতিয়ে বিশিষ্টা অতিথিৰ আসন অলংকৃত কৰে। যোৱা বৰ্ষত তেওঁক সমগ্ৰ অঞ্চলটোৰ মহিলাসকলে লগ লাগি “সাহসী নাৰী” বঁটাও প্ৰদান কৰিছিল। পাছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা খবৰটোৱে সমগ্ৰ অঞ্চলবাসীৰ চকু কপালত তুলিলে। ” বিশিষ্টা নাৰী, সাহসী বঁটা ২০২২ বিজয়ী বসুন্ধৰা বৰুৱাৰ ঘৰৰ

Read more

নীলা আৰু ভাইটি-কুমকুম দেৱী শৰ্মাবৰুৱা

নীলা আৰু ভাইটি          থাকে মিলিজুলি, বন্ধ থাকিলে স্কুল          কৰে নানা ধেমালি। মাকক ফাঁকি দি দি           বদমাছিও কৰে, মাকে পুখুৰীৰ কাষলৈ           যাবলৈ মানা কৰে। নীলাই বুদ্ধি সাজে            ইলাৰ ঘৰলৈ যাওঁ, ‘তাত গৈ নাথাকিবি             কৰি খাওঁ খাওঁ।’ নকৰোঁ আমণি খুড়ীক            চিন্তা নকৰিবা, আমি দুটাই খেলি থাকি            উভতি আহিম দিয়া। নীলাই ল’লে মুড়ী             হাঁহক দিবলে, ভাইটিক হাতত ধৰি             জেপত ভৰালে। পুখুৰীৰ পাৰত গৈ              হাঁহক মাতিলে, ওচৰ চাপি আহিলত              মুড়ী খাবলৈ দিলে।

Read more

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত এক পৰিৱৰ্তন-বৰষা ডেকা

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে এক পৰিৱৰ্তনে গা কৰি উঠিছে৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ইংৰাজৰ শাসন আৰু বাঙালী আমোলাসকলৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ প্ৰতি অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ ভেঁটি কপাই থৈ যায়৷ সংস্কৃতিৰ ক্ষেত্ৰত সততে এটা কথা ব্যৱহাৰ কৰা হয় ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয়৷ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল৷ ক্ৰমে ক্ৰমে মানুহ নগৰমুখী হ’ল৷ নানান শিল্প-বাণিজ্যৰ প্ৰসাৰ বাঢ়িল৷ উদ্যোগৰ সৃষ্টি হ’ল৷ সংস্থাপনৰ কাৰণে মানুহে নিজৰ গাঁও এৰি নগৰত বাস কৰিবলৈ

Read more
1 31 32 33 34 35 62