সংখ্যাটোৰ আঁৰৰ কথা
‘শব্দচিত্ৰ’ গ্ৰুপটো আমাৰ অতি হেঁপাহৰ গ্ৰুপ। ‘ফটাঢোল’ৰ ভগ্নী গ্ৰুপ শব্দচিত্ৰ।জন্মলগ্নৰেপৰা জড়িত গ্ৰুপটোৰপৰা যেতিয়া আলোচনী এখন উলিওৱাৰ প্ৰস্তাৱ ওলাইছিল, মনটো কিবা এটা ভাল লাগি গৈছিল।যেন নিজৰ পৰিয়ালৰপৰাহে ভাল কাম এটা হ’বলৈ গৈছে! সময়ত বহুজনৰ কষ্ট আৰু আশাশুধীয়া নেৰানেপেৰা চেষ্টাৰ ফলত আলোচনীখন প্ৰকাশ হৈ ওলাইছিল। আমাৰ বৰ স্ফূৰ্তি লাগিছিল।আৰু সেইখন আলোচনীৰেই যেতিয়া সম্পাদক হবলৈ মোলৈ অনুৰোধ আহিছিল, মই না কৰাৰ প্ৰশ্নই নুঠে।খুব আনন্দেৰে সৈতে অৰবিন্দ গোস্বামীয়ে অনুৰোধ কৰা সেই প্ৰস্তাৱটো মই গ্ৰহণ কৰিলোঁ। আলোচনী এখন অকলে প্ৰকাশ কৰিব কোনেও নোৱাৰে, সেইটো সকলোৱে
Read more