পিতৃঋণ,মূল লিখক :অজ্ঞাত,অনুবাদ-সুস্মিতা দাস

নিজে প্রতিষ্ঠিত হোৱা পিছত এজন ল’ৰাই নিজৰ প্রথম মাহৰ দৰমহা আনি দেউতাকৰ হাতত দিলে। টকা খিনি দিয়া সময়ত দেউতাকক ক’লে –   : দেউতা তুমি এদিন কৈছিলা পিতৃঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। কিন্তু জানা দেউতা, যোৱা ছাবিশ বছৰে তুমি যিমান টকা মোৰ নামত খৰচ কৰিছা সেই আটাইবিলাক টকা ম‌ই মাত্ৰ তিনি বছৰত তোমাক ঘূৰাই দিব পাৰিম। দেউতাই তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি কলে,  : এটা গল্প শুনিবিনে? ল’ৰাজন অলপ অপ্রস্তুত হোৱা যেন লাগিল। তলমুৱাকৈ ক’লে –  : কোৱা দেউতা,শুনিম…… : তোৰ

Read more

দিনলিপিত এটুকুৰা বাস্তৱ-পল্লৱী কৌশিক শৰ্মা

হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলোঁ মই । সম্প্ৰতি মোৰ মন আৰু মগজুৰ সমস্ত চিন্তাশক্তি হিম’গ্লবিনৰ অভাৱত শেঁতা পৰা এখন মুখ আৰু গাঁতত পোত খোৱা অনুজ্জ্বল চকু এযুৰিয়েহে অধিকাৰ কৰি লৈছে। উশাহটো যেন কিহবাই চেপি ধৰিছে মোৰ ! হাতৰ ঘড়ীটোত ঘণ্টাৰ কাটাডাল দুইৰ ঘৰত লাগিবলৈ এতিয়াও সম্পূৰ্ণ এঘণ্টা বাকী। মানে,পৰীৰো স্কুল ছুটীৰ সময় হোৱা নাই। অঙ্গীম কলেজৰপৰা বাহিৰে বাহিৰে হস্পিটেললৈকে যোৱাৰ কথা। এবাৰ দুয়োকে লগ কৰি যাব পৰা হ’লেও ! পিচে , অফিচলৈ গৈ হেড এচিষ্টেণ্টৰপৰা

Read more

স্বাস্থ্য আৰু চাইকেল-হৰগোবিন্দ দাস

এনে এটা সময় আছিল- যিসময়ত পৰিয়াল এটাত এখন চাইকেল থকাটো পৰিয়ালটিৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছিল ৷কিন্তু অতি সাম্প্ৰতিক কালত দিনে দিনে , ক্ষণে ক্ষণে চাইকেলৰ গুৰুত্ব যেন বহু পৰিমাণে হ্ৰাস পাইছে। ১৮১৭ খ্ৰীষ্টাব্দত জাৰ্মান বিজ্ঞানী  বেৰণ কালভনৰ চাইকেলৰ প্ৰথম নমুনাক সম্বল কৰি ভিন্নজনৰ নিৰলস সাধনাৰ ফলত অনেক ৰূপান্তৰৰ মাজেৰে চাইকেলে যাতায়াত ব্যৱস্থাত এক বিৰল কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বৰ্তমান সময়ত চাইকেলৰ গুৰুত্ব,জনপ্ৰিয়তা অভূতপূৰ্বভাৱে কমি অহা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি চাইকেলৰ বিকল্পস্বৰূপে বিভিন্ন মডেলৰ বাইক, স্কুটি, সৰু

Read more

প্ৰয়োজন- ৰঞ্জিত কুমাৰ শৰ্মা

নিজৰ গাড়ীখনৰ চালকৰ আসনৰ কাষৰ দুৱাৰখন খুলিবলৈ লওঁতেই স্থানীয় মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপক ড° প্ৰমোদ দত্তই হলিৰামক দেখিলে৷ দত্তই হলিৰামক তেওঁৰ পিনেই আহি থকা দেখি দুৱাৰখন নোখোলাকৈয়ে থিয় হৈ ৰ’ল৷ গাড়ীখন দেখিয়েই হলিৰাম আগবাঢ়ি আহিছিল৷ প্ৰমোদ দত্তই তিনিমাহমান আগতে কিনিছিল গাড়ীখন৷ বগা ৰঙৰ গাড়ীখন হলিৰামৰ চিনাকি৷ দত্তই গাড়ীখনৰ নামটোও তাক কৈছিল৷ ইনুভা নে কি তেনেকুৱা কিবা এটা নাম! হলিৰামৰ তেনেকৈয়ে মনত আছে৷ হলিৰামে দিন হাজিৰা কৰে৷ তাৰ পৰিবাৰে ইঘৰ-সিঘৰত কাম কৰে৷ মাজে-সময়ে হলিৰামে অধ্যাপক দত্তৰ ঘৰতো ইটো-সিটো কৰি দিয়ে৷ প্ৰমোদ

Read more

অপেক্ষাৰ অন্তত-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পুৱতিৰ ফেহুঁজালি আঁতৰাই  ৰাঙলী বেলিটিয়ে ভুমুকি মাৰে, বিগত দিনৰ অৱসাদ পাহৰায় লাহে লাহে আগবাঢ়ি আহে, নতুন উদ্যম লৈ নতুন প্ৰভাতক  আদৰি ল’বলৈ ……………..। পুৱতিৰ লগতে শোৱাপাটী এৰি  দিনটোৰ লগতে মিলি যাওঁ দিনৰ শেষত মাথো ক্লান্ত দেহ মনেৰেই  তোমাৰ আগমনৰ বাট চাওঁ………..। নিয়ৰে ঢকা শুভ্ৰ শেৱালিৰ দলিচাত  জোনাকৰে নিশা তোমাৰ কাষত বহি  চাই ৰওঁ পূৰ্ণিমাৰ জোনটোলৈ….. কিমান শান্ত, কিমান কোমল….. জোনৰ পোহৰত দেখা পোৱা  তোমাৰ মুখখনলৈ মই চাই থাকোঁ , এক বুজাব নোৱাৰা শিহৰণ বৈ যায়…  মোৰ দেহৰ প্ৰতি শিৰা উপশিৰাই।

Read more

এইবাৰৰ অতিথি-অংকিতা বৰুৱা

গ্ৰন্থৰ জগতখনলৈ তিলমাত্ৰও বৰঙণি আগবঢ়াব পৰাটো জীৱনৰ এক সাৰ্থকতা। এটা সময় আছিল যেতিয়া গ্ৰন্থ একোখন প্ৰকাশ কৰাটো এক দুৰূহ কাম আছিল।এনে নহয় যে অসমভূমিত প্ৰতিভাৰ অভাৱ আছিল।অসমত প্ৰতিভাৰ অভাৱ কেতিয়াও হোৱা নাই।নাছিল যদি এখন উপযুক্ত মঞ্চ নাছিল,যাৰ জৰিয়তে প্ৰতিভাসমূহৰ বিকাশ সাধন হ’ব পাৰে।কিন্তু আজিৰ দিনত আমাৰ সেই মঞ্চখনৰ অভাৱ পূৰণ কৰিলে ‘ফেচবুক’এ।ফেচবুকৰ জৰিয়তে আজি সাহিত্যৰ ক্ষেত্ৰখনত নৱ নৱ প্ৰতিভাসমূহ জিলিকি উঠিছে।ফেচবুক মাধ্যমত সাহিত্য চৰ্চা কৰি আজি বহুতে গ্ৰন্থ একোখন ৰচনা কৰিবলৈ সাহস কৰিছে।’শব্দচিত্ৰ’ই এই নৱ প্ৰতিভাসমূহক চিনাকি কৰাই দিয়াৰ লগতে

Read more

৯৪ তম অস্কাৰত মনোনীত হোৱা দুখন ছবি-বিকাশ দত্ত

(১) টিক টিক বুমঃ টনী এৱাৰ্ড, পুলিৎজাৰ বঁ‌টা আদিৰ পূৰ্বে আমেৰিকাৰ সংগীত জগতত যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এজন স্বল্পখ্যাত শিল্পী আছিল জনাথন লাৰ্ছন। ৯০ ৰ দশকত ৰক সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰা লাৰ্ছনৰ জীৱনৰ আধাৰত নিৰ্মিত তথা তেওঁৰ বিখ্যাত এলবাম “টিক টিক বুম” (১৯৯১) ৰ জন্ম কাহিনীক লৈ এখন ছবি নিৰ্মাণ কৰি উলিয়াইছে জনপ্ৰিয় সংগীত পৰিচালক তথা গীতিকাৰ লিন মেনুৱেল মিৰাণ্ডা আৰু টনী বঁ‌টা বিজয়ী ষ্টিভেন লেভিনছনে। ছবিখনৰ পৰিচালনা লিন মেনুৱেল মিৰাণ্ডাৰ। মাথো ৩৫ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰা

Read more

ভাল পাওঁ বুলি এবাৰো নাপালা কৈ-সমুজ্জ্বল কাশ্যপ

ফুল সা খিল কে পাস আ দিল কে দূৰ সে মিলকে চেইন না আয়ে অউৰ কব তক মুঝে তৰপায়েগী তু….. মেৰে সপনো কি….ৰাণী কব… আয়েগী তু… আই ৰুত…..মস্তানি…. বাছৰ স্পীকাৰত কিশোৰ কুমাৰৰ গীতটো উচ্চ স্বৰত বাজি আছিল। গীতৰ কলিটো অমিতেও মুখৰ ভিতৰতে গুণগুণাই চালে। প্ৰিয় গীতটোৰ তালে তালে নিজকে ৰাজেশ খান্না আৰু সম্মুখৰজনী শৰ্মিলা ঠাকুৰৰ দৰে লাগিল তাৰ। পাৰ্থক্য মাথো, ৰাজেশ খান্নাৰ দৰে সমান্তৰালকৈ জীপৰ ওপৰত নাথাকি সি যেনিবা নায়িকাৰ লগত একেখন বাছতেই বহি আছে। যান-জঁটৰ বাবে বাছখনৰ গতি যথেষ্ট

Read more

সংখ্যাটোৰ আঁৰৰ কথা-অৰবিন্দ গোস্বামী

নয়নমনি হালৈৰ সম্পাদনাত ‘শব্দচিত্ৰ ই-আলোচনী’ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পিছতে এই সংখ্যাৰ সম্পাদক কোন হ’ব—বিষয়টো পেনেলত আলোচনা হৈছিল।দুই এজনে তেতিয়া মোৰ নামটো প্ৰস্তাৱ কৰিছিল যদিও সেই সময়ত মই চকু মুদা কুলিৰ ভাও ধৰিলো।কাৰণ মাৰ্চ মাহৰ শেষত আছিল স্কুলৰ বছৰেকীয়া পৰীক্ষা।গতিকে ‘এইবাৰলৈ আন কোনোবাই দায়িত্ব লওক’ ভাৱ এটা লৈ মনে মনে থাকিলো।ফেব্ৰুৱাৰীৰ শেষলৈ কথাটো পুণৰ চৰ্চালৈ আহিল আৰু আলোচনা অনুসৰি ময়েই দায়িত্বভাৰ ল’বলৈ সন্মত হ’লো।ইতিমধ্যে পৰীক্ষাৰ ৰুটিনো দিছিল আৰু মই হিচাপ-নিকাচ মিলাই ১৫-১৬ দিনমান কাম কৰিবলৈ সুবিধা পাম বুলি

Read more

বিহু আহে, বিহু যায়। কৈ থাকিলেও ওৰকে নপৰে !-জয়ন্ত গগৈ

বিহু আহে, বিহু যায়, নাজানাে এই অহা-যােৱাৰ সাঁকোৰ উৎপত্তি ক’ত কেনেকৈ হৈছিল বা হ’বলৈ পালে।আমি মাত্র জানিছিলাে, বিহুৰ আগমনৰ জাননী কুলি-কেতেকী চৰাইৰ কুহু কুহু ধ্বনি শুনাৰ পাছত, যেতিয়া তাহানিতে গাঁৱৰ গাভৰুৱে ঢোল-পেঁপাৰ মাতত যঁতৰ ভাঙিছিল, ঢেকীৰ গুম-গুমনিত গাঁৱখন ৰজনজনাইছিল, গছৰ কুঁহিপাতে , ফুলে মিচিকিয়াই কৈ যােৱা বিহুৰ বতৰা…লগে লগে গা–মন ৰাইজাই কৰেহি , দহিকতৰা জনীৰ থেউ ধৰি ধৰি গা-নচুৱাই যােৱা বতৰাই আমাৰ মন-প্ৰাণত সঞ্চাৰিত কৰে এক‌ বিহুৰ অবুজ কিবা মিঠা ভাল লগা মন গা-নচুৱাই দিয়া হেন্দোলনি – যাৰ বাবেই আমি

Read more
1 51 52 53 54 55 62