ধ্ৰুৱক-অনসূয়া বৰঠাকুৰ
বিদ্যালয়ৰ হীৰক-জয়ন্তী উপলক্ষে হোৱা প্ৰাক্তন ছাত্ৰ সন্মিলনখনলৈ আমি প্ৰায় সকলোবোৰ আহিছোঁ, এৰি অহা দিনৰ সোণসেৰীয়া স্মৃতিবোৰেৰেই আজি আমাৰ প্ৰথম দিনাৰ আড্ডা …আঃ কি আনন্দৰ দিন! হঠাৎ দেখিলোঁ শুভ্ৰ ধূতি পৰিহিত এজন ক্ষীণকায় মানুহ আমাৰফালে আহি আছে! “অহ্ বৰুৱা ছাৰ দেখোন”!! জীৱনৰ জটিল সমীকৰণবোৰ সমাধান কৰাৰ মূলতেইতো হৈছে বৰুৱা ছাৰে বাস্তৱৰ উদাহৰণ দি বুজোৱা গণিত শিক্ষা!! সেৱা এটা জনাই কিবা সোধাৰ আগতেই স্বভাৱসুলভ ধেমালিৰে ছাৰে কৈ গ’ল…… “একে দুয়ে তিনি হোৱা খবৰটো বাপেৰে দিলে, হওক দে, সকলোৰে যোগ, পূৰণ হোৱাটোৱেই লাগে,
Read more