বিশ্বাস অবিশ্বাসৰ মাজেদি-সংহিতা ভট্টাচাৰ্য্য

“অ’ মা আমাৰ ক’লীজনী যে ইমান ধুনীয়া! ইমান মৰম লগা ন?”  তৰাৰ কথা শুনি মাক ৰমলাই ঘূৰি চালে ছাগলী পোৱালীটোলৈ। সঁচাকৈয়ে বৰ মৰম লগা।  “এইটো ল’ৰা হে ,ক’লীজনী বুলি কিয় কৈছ?” হাঁহি হাঁহি ৰমলাই জীয়েক তৰাক ক’লে। নাম দুটা বৰ মৰমত দিছে তৰাই। মাকৰ নাম লক্ষ্মী আৰু পোৱালীটোৰ নাম ক’লী।ৰাতিপুৱাৰপৰা ৰাতিলৈকে ছাগলী দুটাৰ লগতে ব্যস্ত তৰা। কি খুৱাম কি নুখুৱাম কিমান যে চিন্তা তাইৰ!পোৱালীটো হোৱাৰপৰা তাইৰ আনন্দ- উলাহত গাত একেবাৰে তত নোহোৱা হৈছে। “ৰমলা, অ’ ৰমলা এইফালে পানী এঘটি লৈ

Read more

জীৱন বৰ অনুপম -নন্দিতা ভাণ্ডাৰ কায়স্থ

‘ময়ো যাম দিয়া তোমাৰ লগত।বহুদিন ঘৰৰপৰা ক’তো ওলায়েই যোৱা নাই।’ চাদৰৰ আঁচলত হাতৰ আঙুলিৰে বৃত্ত বনাই বনাই ৰুনাই স্বামী নিলয়ক আদৰুৱা মাতেৰে কয়। ‘তুমি! তুমি গৈ কি কৰিবা? মোৰ কলিগৰ পাৰ্টি। তোমাৰ তাত কোনো প্ৰয়োজন নাই। আৰু তুমি সেইখন সমাজৰ কথা কি জানানো? স্বামীৰ মুখেৰে যেন সেয়া কথা নহয় তাইৰ হৃদয়ক ক্ষত বিক্ষত কৰা এপাট জোঙা শব্দভেদী শৰহে।  আস! কি ক’লে মানুহজনে! তাই তেওঁৰ সমাজৰ কথা বুজি নাপায়!ইমান কেঁচা নেকি তাইৰ মগজু!কোনো দিনে দ্বিতীয় স্থানলৈ নামিবলগীয়া নোহোৱা মেধাবী বুলিয়েই জনাজাত

Read more

সোণৰ কণীপৰা হাঁহ-হৰিচন্দ্ৰ ডেকা

চয়নিকা তাইৰ নাম।দেখাই শুনাই যিদৰে মৰমলগা, কথা বতৰাও তাইৰ হিয়া শাঁতপৰা।দেউতাক জীৱন বৰুৱাৰ একমাত্ৰ সন্তান, মাক-দেউতাকৰ আলাসৰ লাৰু। বৰুৱা কলেজ এখনৰ অধ্যাপক ৷ মাকেও স্কুলত চাকৰি কৰিছিল।ছোৱালীজনীৰ লালন- পালনত প্ৰতিবন্ধকতা সৃষ্টি হোৱাৰ ভয়তে তেওঁ স্কুলৰ চাকৰি এৰি দিলে।জীৱন বৰুৱা মানুহজনে লিখা মেলা কৰে, অনবৰতে নিজৰ জগতখনতে থাকে ৷ পিছে জীয়েকৰ মৰমেহে তেওঁক বাহিৰৰ পৃথিৱীখনলৈ লৈ আহে।সহজ সৰলভাবে চলি থকা এখন সুখৰ সংসাৰ ৷ ছোৱালীজনীয়ে আই.আই.টিৰপৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙত মাষ্টাৰ্চ কৰি পি. এইচ.ডি.কৰাৰ অপেক্ষাত ঘৰতে আছে ।দেউতাকৰ চাকৰি থাকোঁতেই ছোৱালীজনীক বিয়া দিবলৈ 

Read more

দেৱকন্যা-শিখামণি গগৈ

কেঁউ– কেঁউ– কেঁউ খৰি লুৰি থকা লাচিত উচপ খাই উঠিল।খৰি নুৰা হাতত লৈয়ে ইফালে-সিফালে চালে সি।তাৰ ভ্ৰম হোৱা নাইতো!এইখন হাবিত কেঁচুৱাৰ কান্দোন!নাই এনেয়ে কিবা শুনিলে চাগে’ সি। উস্‌!শুকান বগৰীৰ ডাল এটাকে খামোচ মাৰি ধৰি ভাঙিব লওঁতে, কাঁইট এটাই তলুৱাতে বৰ বেয়াকৈ বিন্ধিলে তাক।তেজ অকণো ওলালে।এইবোৰ সময়তে তাৰ জেতুকীলৈ বৰ খং উঠে।ইমান খৰি গোটাই দিলেও তাইক খৰিৰে নোজোৰে।পুৱাই ৰিক্সাখন উলিয়াই লৈ পেডেলডালত ভৰিখন থ’বলৈ পায়হে।ক’ৰবাৰপৰা জাঁপ মাৰি আহি তাই,  চাউল-দাইল-আলুৰ কথা নক’লেও, খৰি কেইডালমান আনিবলৈ ক’ব নাপাহৰে।ঘৰখনত পাঁচোটি মানুহ।সেই পাঁচোটি মানুহলৈ

Read more

যোগ -উৰ্ব্বশী ভাগৱতী

মহীধৰৰ জীয়েক মামনিৰ বিয়া।চহৰৰ ল’ৰা।বৰকেৰাণী চাকৰি। তাতে এটাই ল’ৰা। মাটিয়ে-সম্পত্তিয়ে উভৈনদী। মামনিৰ কপাল ফুলিল বুলিহে গাঁৱত এতিয়া আলোচনা। এৰা,কাৰ ভাগ্যত কি লিখা থাকে কোনে জানে সকলোবোৰ বিধাতাৰ লিখন। চহৰত থাকিলেও ল’ৰাৰ মাক-দেউতাকে পুৰণিকলীয়া নীতি-নিয়মবোৰ এৰি দিয়া নাই। ছোৱালী পছন্দ হ’লেও দুয়োৰে জোৰা মিলাবলৈ মামনিৰ সোঁৱৰণীখন বিচাৰিলে তেওঁলোকে। ঘৈনীয়েকৰ যৌতুকত দিয়া লোৰ বাকচটোৰ তলিত সযতনে মেৰিয়াই থোৱা মামনিৰ সোঁৱৰণীখন লৈ দেউতাকে চহৰৰ ল’ৰাৰ ঘৰ পালেগৈ। আথে-বেথে বহুৱাই চাহ-জলপানেৰে আপ্যায়ন কৰিলে ল’ৰাৰ মাকে। তেনেতে দেউও আহি পালেহি হাতত মোনা এটা লৈ… “পিছে

Read more

নিশাৰ প্ৰহৰী-প্ৰণামিকা গগৈ

ব’হাগ বিহুৰ সময়ৰ কথা।মই মোৰ মানুহজন আৰু আমাৰ ছোৱালীজনীক লৈ মাহতঁৰ ঘৰৰপৰা ভাত খাই উভতি আহিছোঁ।নিশা প্ৰায় এঘাৰ বাজিছে।মোৰ মাৰ ঘৰৰপৰা মোক বিয়া দিয়া ঘৰলৈ দূৰত্ব নিচেই কম।খোজকাঢ়ি গ’লেও বৰ বেছি দহমিনিটমান লাগে।কিন্তু যিহেতু বিহুৰ সময় গতিকে আমি সেইদিনা ঘূৰি ঘূৰি বিহু চাই চাই যোৱাৰ বাবে ঘৰলৈ গাড়ী লৈয়েই গৈছিলো। ঘৰ পাই দেখিলো ঘৰৰ পৰিবেশ নিমাওমাও।মানে সকলোবোৰ শুই নিঃপালি দিলে।মোৰ মানুহজনে গাড়ীখন গেৰেজত ভৰাই মানে আমি মাক জীয়েক দুয়োজনী ঘৰৰ পাচফালে গ’লো,পাচফালৰ বাৰাণ্ডাত উঠি বোৱাৰীজনীক মাতিম বুলি।যিহেতু সকলো টোপনিত, গতিকে

Read more

ধুমকেতু -দীপাংকৰ মল্ল বৰুৱা

“খুব বেছি এমাহ”, মই চকু দুটা মুদি দিলোঁ। এমাহৰ পাছত কি হ’বগৈ কল্পনা কৰিবলৈও টান লাগে। জুহিৰ মুখ শুকাই গ’ল। তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে। সকলোপিনে ভয় আৰু ত্ৰাসৰ পৰিৱেশ। মানুহবোৰ জাকে জাকে ৰাস্তালৈ ওলাই আহিছে। কি কৰিব, ক’লৈ যাব কোনেও উৱাদিহ পোৱা নাই। সকলো অফিছ, স্কুল বন্ধ হৈ পৰিছে। চৰকাৰে মানুহক আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিমানকোঠ সমূহত মানুহৰ অসম্ভৱ ভীৰ হৈছে। ৰে’ল ষ্টেচনত জনসমুদ্ৰ। সকলোৱে যি পাৰে লাম- লাকটু লৈ নিজৰ প্ৰাণৰক্ষা কৰাৰ কাৰণে দৌৰা দৌৰি

Read more

বুকুতো বাহ লয় শেলুৱৈ ধৰা এচপৰা শিল-নবনীতা বৰুৱা

……..”চুলিখিনিত তেল অলপ ঘঁহি টানি টানি বান্ধি ল’বি, নহ’লে কুটকুৰা চুলিখিনিয়ে মুখখন ঢাকি দিয়ে।গোৰোহাটোত চাবোন অলপ দি খহটা শিল এটাত ঘঁহি- ঘঁহি ধুবি। হাতখনতো নেমু অকণ দি ধুবিছোন..ক’লা খিনি যোৱাকৈ।”  মাকৰ কথাখিনিত মৰমেই নে,বেজাৰেই নে,খঙেই সোমাই আছে,একো ধৰিব নোৱাৰিলে মাইনিয়ে। মাকৰ লগ লাগি বিভিন্ন ব্যঞ্জনেৰে ভাত ,মাছ ,মাংস বনাই আজৰি হৈছেহে।হ’লেও মাকৰ কথামতেই পাতল হালধীয়া ৰঙৰ কাপোৰ এযোৰ পিন্ধি সাজু হয় আকৌ এখন মনৰ যুঁজলৈ…। এইবাৰ ভগৱন্তই চকু মেলি চালেই হ’ল আৰু! মাকৰ নেদেখাজনক কৰা কাকুতিত তাই অভ্যস্ত। আজি মাইনিক

Read more

বিচ্ছেদ-পল্লৱী কৌশিক শৰ্মা

আকাশখনে দুপৰ নিশাৰেপৰা ফেঁকুৰিয়েই আছে।  বৰষুণৰ শীতাৰ্ত সিক্ততাত ডুবাৰ ইচ্ছাক মনতে সামৰি, বিছনাৰপৰাই খিড়িকীৰে বাহিৰলৈ ভুমুকিয়াই চালে বৰ্ণালীয়ে । এসময়ত যে কিমান প্রিয় আছিল এনে এজাক বৰষুণ ! পিছে সময়ে বৰ ৰূঢ়তাৰে চুই গ’ল অনুভৱবোৰক। আজিকালি বৰষুণজাকে ভালপোৱাৰ গীত নুজুৰে। বৰঞ্চ বৰষুণৰ টোপ-টোপ শব্দবোৰ কাঁইটৰ খোঁচ একোটা হৈ বুকুখনতে বিন্ধিবলৈ ধৰে তাইৰ । এনেকুৱা এজাক বৰষুণতে এদিন কলেজৰ সন্মুখত মিৰ’নলৈ অপেক্ষা কৰিছিল বৰ্ণালীয়ে। ববিতাই তাইক দেখি.. ‘ ঐ পাগল হ’লি নেকি? গুচি আহ ‘ – বুলি খিকখিকাই হাঁহিছিল। পিছে বৰষুণজাকৰ

Read more

শিপা-কমলা দাস

ৰাস উৎসৱ অনুষ্ঠিত হোৱাৰ ভালে কেইদিনমান আগৰে পৰাই চেমনীয়া ল’ৰা ছোৱালীহঁতৰ আবেলিতো ৰাস মন্দিৰৰ সন্মুখৰ পথাৰখনতে পাৰ হয়। ল’ৰাহঁতে ফুটবল আদি খেলে আৰু ছোৱালীবোৰে হয় হাউ, কাবাদী খেলিব নাইবা ঘূৰণীয়া কৈ বহি অন্ত নোহোৱা কথা পাতিব। তাৰ মাজতে ছোৱালীহঁতৰ হাঁহিৰ নিজৰা বয় আৰু ল’ৰাহঁতৰ কিৰীলিয়ে কাণৰ পৰ্দা ঠেলি সোমাব খোজে। সিমানখিনি ব‍্যস্ততাৰ মাজতো কিন্তু সিহঁতে মূৰ্তি বনোৱা কাম কিমানখিনি আগবাঢ়িল চাবলৈ নাপাহৰে। গধুলি হ’লে ঘৰলৈ উভতাৰ সময়ত সদায়েই আঙুলিৰ মূৰত গণি গণি হিচাপ কৰে ৰাসলৈ আৰু কেইদিন আছে বুলি! স্কুলৰপৰা

Read more
1 5 6 7 8 9 10