Author: xobdochitraadmin
টাইটানিক-অৰবিন্দ গোস্বামী
১৯৯৭ চনৰ ২ জুলাইত মুক্তি পোৱা ‘টাইটানিক’ চলচ্চিত্ৰৰ পটভূমি আছিল এক নিৰ্মম সত্য ঘটনাৰ ওপৰত আধাৰিত।কাহিনীৰ লিখক আছিল জেমছ কেমেৰন(Jaes Cameron)।ছবিখনৰ পৰিচালক, সহ-প্ৰযোজক আৰু সহ-সম্পাদকো আছিল জেমজ কেমেৰন। প্ৰকৃততে আৰ.এম.এছ. টাইটানিক আছিল এখন বৃটিছ মানৱ পৰিবাহী জাহাজ।ইংলেণ্ডৰ চাউথ এম্পটনৰ পৰা নিউয়ৰ্ক চহৰলৈ ইয়াৰ প্ৰথম যাত্ৰা কৰাৰ সময়তে এটুকুৰা প্ৰকাণ্ড আইচবাৰ্গত খুন্দা মাৰি জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে।ইতিহাসপ্ৰসিদ্ধ এই অত্যন্ত শোকাৱহ দুৰ্ঘটনাটো ঘটাৰ সময়ত জাহাজত ২,২২৪ জন যাত্ৰী থকাৰ বিপৰীতে ১,৫০২ জন
Read moreনীলা খামৰ চিঠি-ইলি তালুকদাৰ
মৰমৰ, মৰম ল’বা।কেনে আছা?মৰম ল’বলৈ কৈছোঁ যদিও মোৰ মৰম ল’বলৈ তোমাৰ সময়,ইচ্ছা আছে নে নাই সেয়াও নাজানো।তোমালৈ আজি কি লিখোঁ ভাবি পোৱা নাই।কয় নহয় বোলে অন্তৰ যেতিয়া ভাবেৰে পূৰ্ণ হৈ থাকে তেতিয়া শব্দ নোলায়,শব্দ কম হয়।মোৰো আজি একেই অৱস্থা।তথাপিও মনৰ কথাবোৰ পাতল কৰিবলৈ আগৰ দৰেই আজিও কলম তুলি লৈছোঁ। আজি বহুত পুৰণি কথা মনত পৰিছে অ’।মোৰ তেতিয়া বয়সনো কিমান?পুষ্পিতা হৈ উঠিছোঁ হে। আমাৰ সেই দিনত পুষ্পিতা হোৱাৰ চাৰিদিনৰ দিনা তোলনী বিয়া পাতিছিল।কলগছৰ তলত নোৱাই-ধোৱাই কইনাৰ সাজেৰে সজাই পৰাই তোলা দেহটো
Read moreদৌৰ-ঋতুপৰ্ণা দত্ত
কঠিন অথচ হিয়াজুৰোৱা অধৰত হাত ফুৰাই তন্দ্ৰামগ্ন তাই সিহঁতৰ প্ৰেমত নিমজ্জিত হ’ল। বাৰে বাৰে হাত ফুৰায়ো যেন তৃপ্ত নহয়। আতুৰত তাই বিৰবিৰায়…উস্!এই প্ৰেম,এই ভালপোৱাৰ শেষ নাই…। “হেৰা বʼলা বিয়া খাবলৈ নোযোৱা নেকি?” এনেকুৱাতে কাণৰ কাষতে মানুহজনে চিঞৰি উঠিল। তাই যেন আকাশৰ পৰাহে খহি তললৈ পৰিল।কোনো কল্পনাৰ এখন সাগৰত তাই অতপৰে সিহঁতক সাৱটি উটি-ভাঁহি ফুৰিছিল।কিমান যে ভাল লগা অনুভৱে তাইক ইমান সময়ে সামৰি ফুৰিছিল। মানুহটোলৈ তাইৰ খং উঠিল।সিহঁতৰ লগত একাত্ম হৈছিলহে!দিলেহি নহয় টেংটেঙীয়া মাতডালেৰে চিঞৰি। মানুহটোলৈ তাই ঘোপাকৈ চালে।মানুহটোৱেও গম নাপালে
Read moreঅগ্নিস্নান-জয়ন্ত গগৈ
ক্ৰিং ক্ৰিং কৈ ম’বাইলৰ ৰিংট’নটো বাজি থকা বাবে শইকীয়াই ভাতৰ টেবুলৰ পৰা আধা খোৱাকৈ উঠি আহি ফোনটো তুলি অচিনাকী নম্বৰ দেখি ৰিচিভ কৰিবলৈ ইচ্ছা নকৰি পুনৰ ভাতৰ টেবুলত ওচৰ বহিলেহি।সানি লোৱা ভাত গৰাহ মুখত ভৰাবলৈ লওঁতেই পুনৰ ম’বাইলৰ ৰিংট’নটো বাজি উঠাত খোৱা হাতেৰে পুনৰ উঠি গৈ আগৰ সেই অচিনাকী নম্বৰৰ ডায়েল ক’ললিষ্টত জিলিকি আছিল।শইকীয়াই ম’বাইলটো হাতত লৈ ৰিচিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগেই সিফালৰ পৰা একো নকৈ মাথোঁ মহিলা গৰাকীয়ে শোক শোকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।শইকীয়াই কান্দোন শুনিয়েই বুজিবলৈ
Read moreঅণুগল্প-ৰঞ্জিত কুমাৰ শৰ্মা
(১)গধূলি লহিয়া বেলিটোৰ দিশত চিনাকি পথটোৰে গৈ থাকোঁতে অশীতিপৰ লোকজনে বেঁকা হৈ পৰা দেহাটো হাতেৰে খামুচি থকা তৃতীয়খন ভৰিত ভৰ দি এবাৰ পোনাই ল’লে৷কাষেৰে কিৰীলি পাৰি পাৰ হৈ যোৱা চেমনীয়া এজাকক দেখি তেওঁ কিছু চঞ্চল হৈ উঠিল৷পাহৰণি হ’ব ধৰা এই চঞ্চলতা চেমনীয়াজাকেই তেওঁৰ গালৈ ছটিয়াই দিলে৷পিচলৈ ঘূৰি চাই মনৰ দৃষ্টিৰে তেওঁ দেখিলে— একা-বেঁকা এটা দীঘল বাট,কৰবাত মসৃণ কৰবাত গাঁত৷ (২)মিলন জীৱন বৰুৱাক বোৱাৰীয়েকে বৃদ্ধাশ্ৰম এখনলৈ লৈ গ’ল৷জীৱনৰ বিয়লি বেলাত তেওঁৰ ঠিকনা সলনি হ’ল৷ বৃদ্ধাশ্ৰমত বৰুৱাই পত্নীক লগ পালে৷প্ৰবাসী সৰুপুত্ৰৰ আশ্ৰয়ত
Read moreমূল:সুধা মূৰ্তিৰ Life secret lessons: ভাৱানুবাদ:বিজয়া শৰ্মা
(মূল…সুধা মূৰ্তিৰ “The day I stopped drinking milk” গ্ৰন্থ খনৰ “Life secret lessons” ৰ দহটা জীৱনৰ শিক্ষাৰ পৰা পাঁচটা “জীৱনৰ শিক্ষা”ৰ ভাৱানুবাদ) মোৰ প্ৰথম শিক্ষা… এটা সময়ত মই উপলব্ধি কৰিব পাৰিলোঁ যে শিশুসকলেহে সঁচা কথা কয় আৰু এজনৰ বুদ্ধিদীপ্ততাৰ ওপৰত প্ৰকৃত ৰায় দিব পাৰে শিশু সকলেহে।এদিন মই কলিকতাত শিশুৰ এখন কিতাপ শুভাৰম্ভ কৰিব গৈছিলোঁ।বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিশুসকল সেই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহিছিল।কিতাপখনৰ শুভাৰম্ভ কৰিবলৈ গৈ মই কিতাপখনৰ কেইটামান গল্প পাঠ কৰিছিলোঁ।যেতিয়া মই পাঠ কৰিবলৈ আৰম্ভ কৰিলোঁ,এজন ল’ৰাই থিয় হৈ
Read moreপৰীক্ষাৰ প্ৰতিযোগিতা-অনামিকা(সংগীতা)কলিতা
“সোণ আহিলি?” “অ।” “কিবা হৈছে নেকি ?” “মা,গণিতৰ বহী দিছে।এইবাৰ মোৰ খবৰ বেয়া।ৰমেন আৰু মই একে নম্বৰ পালোঁহেঁতেন কিন্তু সি বহীত চাফ-চিকুণৰ কাৰণে পাঁচ নম্বৰ বেছি পালে।এইবাৰ সি প্ৰথম হৈছে,মই দ্বিতীয়।কি কৰিম ভাবি পোৱা নাই।” “বোপা,এইটো দুখ কৰিব লগা কথা নহয়।কেতিয়াবা বন্ধু এজনে তোমাতকৈ বেছি পাইছে তাকে লৈ তুমি খং, অভিমান বা হিংসা নকৰিবা।নিজৰ কোনখিনিত ভুল হৈছে সেইটো শুধৰাবলৈ চেষ্টা কৰিবা।” “কেনেকৈ মা?” “বোপা,আজি বহীৰ চাফ-চিকুণৰ কথাকে উদাহৰণ হিচাপে লোৱা।তোমাৰ বহীটো আনাচোন ।” “মা,এইটো লোৱা।” “বোপা,দেখিছা তোমাৰ আখৰবোৰ ভালেই হৈছে
Read moreজিভা আৰু পেটৰ কথোপকথন-গীতামণি দত্ত
: জিভা ভন্টী,তুমি মোক নিগমে মাৰিবা যেন পাইছো। : আৰে, কি হ’ল?তুমি তোমাৰ কাম কৰি আছা আৰু মই নিজৰ,তাত মৰাৰ কথা ক’ৰ পৰা আহিল। : এক মাত্ৰ তোমাৰ কাৰণেই আজি কালি মোৰ ল’ৰা- ছোৱালীবোৰৰ বেমাৰ-আজাৰ নুগুছা হ’ল।অনবৰতে ডাক্তৰ নহ’লে ফাৰ্মাচী। : পেট দাদা তুমি যে ল’ৰা-ছোৱালী বুলি ক’লা; তোমাৰ দেখোন আটাইকেইটা ল’ৰাই গতিকে সিহঁতৰ বেমাৰ আজাৰ যি হৈছে সকলো নিজৰ কাৰণেই হৈছে। : কি কথা কোৱাঁ হে!তুমি বিধে বিধে জুতি ল’গাই বস্তুবোৰ খাই পেলাবলৈ ঠাই নাপালা;মোকহে পালা। : হেৰা পেট
Read moreএধানি আকাশ,এধানি পোহৰ-চন্দামিতা শৰ্মা
বেলিটোৱে পৃথিৱীলৈ পোহৰ ছটিয়াবৰ সময়।জীৱনৰ হিচাপ-নিকাচ তথা উশাহৰ ঘনত্বৰ জোখ-মাপ লোৱা ঠাইখিনিৰ এটা নিৰ্দিষ্ট কোঠাৰ বেৰত ওলমি থকা দেৱাল ঘড়ীটোৰ টং টং শব্দত সাৰ পাই গ’লোঁ। গাটো সামান্য লৰচৰ কৰি বিছনাৰ পৰা হাতে ঢুকি পোৱা দূৰৈত থকা মণিটৰটোত ৰেখাংকিত হৈ থকা নিজৰে হৃদয়ে সৃষ্টি কৰা অনুপ্ৰস্থ তৰংগবোৰলৈ একেথিৰে চাই ৰ’লোঁ।কি যে আচৰিত কথা!সকলোৱে জীৱন যাত্ৰাৰ পথটো একা-বেকা নহৈ এডাল পোন সৰলৰেখা হোৱাটো বিচাৰে অথচ জীয়াই থকাৰ ছন্দক পতন হ’ব নোৱাৰাকৈ ধৰি ৰখা ৰেখাডাল কিন্তু একেবাৰেই সৰল নহয়।সাগৰত উঠা জোৱাৰ-ভাটা সদৃশ।সৰল
Read more