ৰঙালী বিহু:অভিলাষ আৰু সংশয়-হৰগোবিন্দ দাস

“কিনো কাপোৰখনি   ফুলে জকেমকি      উৰি যায় বতাহৰ লগত; নেখায় চাৰি সাঁজি      থাকিব পাৰোঁ মই       বহাগৰ বিহুৰে লগত ৷” এই বিহুনামৰ জৰিয়তে অসমীয়া স্বভাৱ কবিয়ে বিহুৰ প্ৰতি থকা অসমীয়া মানুহৰ আৱেগ,অনুভূতি, অফুৰন্ত চেনেহ-শ্ৰদ্ধা অতি মননশীলভাৱে পৰিস্ফুট কৰি তুলিছে৷বিহুৰ প্ৰতি থকা অসমীয়া মানুহৰ এনে অনুভৱ আৰু একাত্মবোধ উপলব্ধি কৰিয়েই হয়তো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে  গাইছিল —           “ব’হাগ মাথোঁ এটি ঋতু নহয়                    নহয় ব’হাগ এটি মাহ,               অসমীয়া জাতিৰ ই আয়ুস ৰেখা                    গণজীৱনৰ ই সাহ।” ব’হাগত

Read more

ৰুণিমাৰ সাফল্য-মানসী শৰ্মা

“অ’ মাজনী তই এতিয়াই কাকো একো নক’বি, মই এঘণ্টাৰ ভিতৰত গৈ পাম। তই সকলোকে গোট খাবলৈ ক’লি নহয়। এতিয়া ফোনটো ৰাখিছো দে।” আজিহে ৰুণিমাৰ মনটো ভাল লাগিছে। এই দুই বছৰে নিজকে অপৰাধী যেন লাগি আছে। সকলোকে কথাখিনি  খুলি ক’ব  পাৰিলেহে তাই শান্তি পাব।তাইৰ মনটো দুই বছৰৰ আগৰ দিনবোৰলৈ ঘুৰি গ’ল। “তোৰ ভালনে মাজনী, কি হ’ল ? বৰ দুখত থকা যেন লাগিছে। খুলি কচোন।” তাই মাকক ক’লে… সকলো ক’লে, ৰক্তিমে যে একো নকৰে। সি বিজনেচ কৰে বুলি  এনেয়ে ক’লে।সেয়া দেউতাকৰ হে

Read more

সোণমইনা-অৰবিন্দ গোস্বামী

কেতিয়াবা কেতিয়াবা একোখন বোলছবিৰ কাহিনী, বোলছবিৰ গীত একোটা অথবা বোলছবিৰ ডাইলগ একোটাই মনত গভীৰভাৱে সাঁচ বহুৱাই থৈ যায়।সময়ৰ সোঁতত কথাবোৰ পাহৰি থাকিলেও কেতিয়াবা সেই কাহিনীটো বা গীতৰ কলিটোৱে হঠাৎ কোনোবাদিনা মনত ভুমুকি মাৰেহি।মোৰ মনৰ গভীৰতম স্থানলৈকে ৰেখাপাত কৰা বোলছবিখন হৈছে —-“সোণমইনা”। ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ছবিখনৰ কাহিনী আৰু “যদি কাৰোবাৰ চকুপানী,কাৰোবাৰ হয় হাঁহি…….” গীতটি মনলৈ অহাৰ লগে লগে মনটো বিষাদেৰে ভৰি পৰে।সঁচাই কাহিনীৰ সৈতে গীতটি বৰ সুন্দৰকৈ খাপ খুৱাই ৰচনা কৰা হৈছিল। ছবিখনি পৰিচালনা কৰিছিল শিৱ প্ৰসাদ ঠাকুৰে।আৰ.বি.প্ৰডাক্সনৰ বেনাৰত ছবিখন প্ৰযোজনা

Read more

চোৰ-চেবিনা বেগম

মানুহ নোহোৱা ঘৰখনৰ কোনোবাখন দুৱাৰ ভুলবশতঃ খোল খাই থকাৰ উমান পাই সৰলাই সেইপিনেৰেই বাট পোনালে। ডিঙিলৈকে পোত গৈ থকা ধাৰবোৰ মোকলোৱাৰ এইটোৱে চুটি পথ। সৰলাৰ স্বগতোক্তি — ‘এনেও লোকদৃষ্টিত মইতো মোৰ নামটোৰ দৰেই…;সন্দেহ কিহৰ?’   ******

Read more

সুখ-মামণি কলিতা

ৰীমা অলপ এলেহুৱা যদিও ঘৰৰ সকলো কাম-কাজ নিজেই কৰে।তাইৰ এই স্বভাৱটো শাহুৱেকে একেবাৰে পচন্দ নকৰে; তেওঁৰ মতে সকলো কাম সময়মতে নিয়াৰিকৈ হ’ব লাগে। আবেলি শাহুৱেকে চাহ খাই থকাৰ সময়তে ওচৰৰ বৰুৱানী আৰু শ‌ইকীয়ানী আহিল।তিনিও বিয়নীমেল মাৰি চাহ তামোল খাই যাবলৈ ওলাই ৰীমাক মাতষাৰ দি থৈ যাবলৈ দুয়ো…”ৰীমা আমি যাওঁ দেই”….. বুলি মতা শুনি ৰীমাই লৰালৰিকৈ ওলাই অহা দেখি শাহুৱেকে ক’লে, “আমাৰ ভাগ্য‌ই আজি, আপোনালোকৰ এষাৰ মাততে বোৱাৰীক দেখিবলৈ পালে। নহ’লে আপোনালোক গেটৰ বাহিৰ হোৱাৰ পিছতহে বোৱাৰী বাহিৰ পালেহিহেঁতেন।ৰীমাই অলপ অস্বস্তিবোধ

Read more

ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথ আৰু গোঁসাই ফুৰোৱা উৎসৱ-অলকানন্দা ৰাজবংশী বৰা

ঐতিহ্যমণ্ডিত সম্পদৰাজিৰে সমৃদ্ধ বৰ্তমান বিশ্বনাথ জিলাৰ সদৰ ঠাই -বিশ্বনাথ , বুৰঞ্জী প্ৰসিদ্ধ ঠাই। প্ৰকৃতিয়ে উজাৰি দিয়া অনন্য নৈসৰ্গিক ৰূপে-ৰসে ওপচি থকা এই অঞ্চলটি পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দক্ষিণপাৰৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ নদীদ্বীপ উমা-টুমনি অপৰূপ সেউজ শোভাৰ অনাবিল প্ৰশান্তিৰ আধাৰ। আনহাতে উত্তৰপাৰৰ অৰুণাচলৰ ৰামবাট পাহাৰখণ্ড প্ৰকৃতিৰ ৰম্যভূমি।মূল নগৰৰপৰা ১১ কিলোমিটাৰ দূৰৈত বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত অৱস্থিত  গুপ্তকাশী বিশ্বনাথ পুণ্য তীৰ্থভূমি। বিশ্বনাথ অৰ্থাৎ বিশ্বৰ গৰাকী।বিশ্বনাথৰ অধিষ্ঠান ক্ষেত্ৰ ‘বাৰাণসী’ক ‘কাশী’ বোলা হয়।সেয়ে বিশ্বনাথৰ অধিষ্ঠানক গুপ্তকাশী বোলা হয়।জনশ্ৰুতিমতে তাহানি অসুৰ বংশৰ ৰজা বলীৰ পুত্ৰ শিৱভক্ত

Read more

অসমীয়া ৰাময়াণী সাহিত্যলৈ ৰঘুনাথ মহন্তৰ অৱদান-আছিক আলি

ভাৰতবৰ্ষ তথা এছিয়া মহাদেশৰ এক বিশেষ সাহিত্যিক-সাংস্কৃতিক সম্পদ হৈছে ৰামায়ণী সাহিত্য। দক্ষিণ এছিয়াৰ দেশসমূহতো ৰামকথাৰ ব্যাপক জনপ্ৰিয়তা বিদ্যমান। ৰামায়ণী সাহিত্য এক ব্যাপক অধ্যয়নৰ বিষয়,তিনিটা পাঠৰে পৃথক চৰ্চাকাৰীসকলে ইতিমধ্যে এই দিশত গৱেষণা সম্পন্ন কৰিছে। অসমীয়া ভাষাটো ৰামায়ণী সাহিত্যৰ অধ্যয়ন তথা গৱেষণাৰ ক্ষেত্ৰখন পাছ পৰি ৰোৱা নাই। ‘ৰামায়ণ’ মহাকাব্যত ভাৰতীয় সমাজ-সভ্যতাৰ চিত্ৰণৰ যি সাংস্কৃতিক প্ৰয়াস তাক ‘মহাভাৰত’ৰ পাছতে স্থান দিব পাৰি। ভাৰতীয় আদৰ্শত ‘ৰামায়ণ’ৰ স্থান বিশেষভাৱে প্ৰতিষ্ঠিত। এইক্ষেত্ৰত ‘স্কন্ধপুৰাণ’ৰ ৰামায়ণ মাহাত্ম্যত ৰামায়ণ আৰু ৰামৰ গুণানুকীৰ্তন প্ৰসংগত উল্লেখ আছে এইদৰে- “নাস্তি ৱেদসমং শাস্ত্ৰং

Read more

অমৰা  আৰু ক্ৰেব নেবুলা,মূল(বাংলা): মুহম্মদ জাফৰ ইকবাল::অনুবাদ-ৰঞ্জনা দত্ত 

তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰু কালৰেপৰা। ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ। তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ। বায়েক শেৱালীৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা এখন ঠিক কৰা হ’ল, তাত ৰংচঙীয়া বিছনা চাদৰ আৰু কোমল গাৰু এটা দি সজাই দিলে। মাজৰাতি টোপনিৰপৰা সাৰ পাই গ’লে যাতে অকলশৰীয়া নালাগে তাৰবাবে মূৰৰ কাষত তাৰ প্ৰিয় খেলনা ভালুকটোও থৈ দিলে। মাজৰাতি মাকে দেখিলে ৰঞ্জুৱে নিজৰ কোঠাৰপৰা হাতত সাৰে ভৰিত সাৰে উঠি আহিছে। মাকে সুধিলে- “ কি

Read more
1 9 10 11 12 13 54