জীৱনৰ বাটে-ঘাটে-নমী ফুকন বৰা 

বিয়াখনলৈ যাবলৈ স্বাস্থ্যটোৱে নক’লেও মনৰ আপাহতে,ল’ৰা-বোৱাৰীৰ বাধা নেওচি এৰাতি থকাকৈ বুলি খুড়াহঁতৰ ঘৰ পালোঁহি।আধুনিকতাই গ্ৰাস কৰা গাঁওখনি বহুত কিবা সলনি হ’ল যদিও পুৰণি স্মৃতিবোৰে মনত বাৰুকৈয়ে দোলা দিয়াত কিছু চঞ্চলতাই আৱৰি ধৰিলে।জোৰোণৰ দিনা গোট খোৱা মানুহ সকলোবোৰকে চিনি পোৱা নাই যদিও পুৰণি মানুহ কিছুমানক লগ পাই অভিভূত হৈ পৰিছোঁ। শৈশৱৰ লগৰী বীণাক লগ পাবলৈ মনটোৱে হাঁহাকাৰ কৰি ফুৰিছে।তাইক বা বিয়ালৈ নিমন্ত্ৰণ কৰিছেনে নাই? কাকনো সুধিম?সকলোবোৰ দেখোন কামতেই ব্যস্ত। মনতে থকা প্ৰশ্নটোৰ উত্তৰ পাম বুলি ৰভাৰ তলত থকা চকীতে বহি পৰিলো।কিমান

Read more

কথাগল্প-পূৰ্ণিমা শইকীয়া গগৈ

: মা, তোমাক কথা এটা ক’ব লগা আছিল। : কি কথা? : মা, মই কিশোৰক সহ্য কৰিব নোৱাৰা হৈ আহিছোঁ। সেয়ে ভাবিছোঁ আমি বেলেগ বেলেগ হৈ থকাই ভাল। : তুমি এইবোৰ কি কৈছা?এইবোৰ কথা শুনিলে দেউতাৰৰ অৱস্থা কি হ’ব সেই কথা ভাবি চাইছানে? আৰু লইনাৰ কি হ’ব?তাই দেউতাকক এৰি থাকিব পাৰিবনে? : মা, মই নিজৰ কথা ভাবিম নে আনৰ কথা ভাবিম? : তুমি সকলোৰে কথা ভাবিব লাগিব। : কিন্তু মই কিশোৰৰ লগত থাকিব লাগিলে এদিন নিজকে শেষ কৰিব লাগিব। :

Read more

ৰূপান্তৰ-নন্দিতা ভাণ্ডাৰ কায়স্থ

: উৱা এইকেইটা মাছতে পঞ্চাশ টকা দিব লাগিব? কিনো কৈছা হে?অলপ বেছি দাম লগাইছা দিয়া। এপোৱা জোখাচোন।চল্লিশ টকা ল’বা দিয়া। বীনা ভৰালীয়ে সদায়ে মাছ কিনি থকা অভিজ্ঞ এজনাৰ দৰে চকু ডাঙৰ কৰি বেপাৰীটোলৈ চাই কৈ উঠিল। : নাই বাইদেউ।দিব নোৱাৰিম।ৰাখে যদি এপোৱাত পঞ্চাশ টকাই দিব লাগিব।মই কিলো ডেৰশ টকাকৈ কিনি আনিছোঁ।চল্লিশ টকাত লোকচান হ’ব বাইদেউ। : এহ্ নহয় দিয়া।পাৰিবা।জোখা চোন।ভাল ভাল চাই তাজা মাছকেইটামান।বৰ জোৰকৈ ধৰে ভৰালী বাইদেৱে। : মা,মা এইবোৰ মাছ কিনিব নালাগে।চব নলাৰ মাছ।মই বজাৰৰ পৰা সতেজ মাছ

Read more

ছায়া,মূল লেখক: মঞ্জিল সেন,ভাবানুবাদ-অঞ্জু মহন্ত

অসমৰ পৰা বন্ধু এজনে ঘনাই চিঠি লিখিছিল: এবাৰ ইয়ালৈ ফুৰিবলৈ আহাঁ, তেতিয়া বুজিবা প্ৰকৃতিক কিয় লীলাচঞ্চলা বুলি কোৱা হয়।অলপ ঠাট্টা কৰিয়েই লিখিছিল, তোমালোকে পাহাৰ-পৰ্বতৰ কল্পনা কৰা আৰু তাৰেই বৰ্ণনা পাঠক-পাঠিকাক উপহাৰ দিয়া……অথচ ইটা,কাঠ,শিলৰ বাহিৰে একোৱেই তোমালোকে নেদেখা। ভাবি চালো অপবাদটো একেবাৰে মিছা নহয়, সেয়ে অপবাদটো নোহোৱা কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বন্ধুৱে যে অলপো বঢ়াই কোৱা নাই সেয়া ট্ৰেইনত গৈ থাকোঁতেই অনুভৱ কৰিলোঁ। খিৰিকীৰ কাষত বহি ঘন সেউজীয়াৰ শোভা আৰু পাহাৰৰ শাৰীবোৰে অ-কবিৰ মনলৈও কবিত্ব অনাটোত আচৰিত হবলগীয়া একো নাই। বন্ধুৱে 

Read more

 সম্পাদকীয়

জয়জয়তে ‘শব্দচিত্ৰ – জীৱন জিজ্ঞাসা” ই-আলোচনীৰ লগত জড়িত সমূহ কলা কুশলী তথা প্ৰশাসক আৰু গোটৰ সদস্য সদস্যালৈ অশেষ ধন্যবাদ আৰু সেৱা আগবঢ়াইছো। এই সম্পাদকীয়টো লিখি থকা সময়তেই  আমাৰ অসম প্ৰদেশত বানপানীৰ সংহাৰী ৰূপ পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। বানপানী আৰু অসমৰ বহুত পুৰণি সম্পৰ্ক। বছৰি বান আহে, মথাউৰি ভাগে। চহা মানুহ আৰু ঘৰচীয়া,বনৰীয়া জীৱ-জন্তুৰ দুখ কুলাই পাচিয়ে নধৰা হয়। বৰষুণ এজাকৰ আশাত ফাগুন চ’ত মাহত হামৰাও কাঢ়ি ফুৰা মানুহেই আকৌ আহাৰত বৰষুণ নাহিবলৈ প্ৰাৰ্থনা জনায় কেৱল বানপানীৰ বাবেই। মন্ত্ৰী-আমোলাই বানাক্ৰান্ত অঞ্চল

Read more

ন-ভূঁই-জয়ন্ত গগৈ 

ঐ বুবুল, বুবুল।শোৱাপাটিৰ পৰা নুঠ নেকি? সোনকালে উঠি যা আকৌ।মবিহঁতৰ আজি ন-ভূঁই লৈ মাতিছিল নহয়… বুলি মাই চিঞৰি কৈ থকা শুনিলো টোপনিৰ চকা-মকাত। ঘপহকৈ বিছনাৰপৰা নামি ঘড়ীটোলৈ চকু দি দেখিলোঁ পাঁচ বাজিয়েই গ’ল। দমকলৰ পাৰলৈ গৈ আঁৰবেৰত ওলোমাই ৰখা টুথব্ৰাছত টুথপেষ্ট অলপ লগাই খৰধৰকৈ মুখখন ব্ৰাছ কৰিলোঁ। মায়ে চাহ বাকিবলৈ লোৱাত, মাক হাক দি খৰ-ধৰকৈ ভঁড়ালঘৰৰ আগফালে থোৱা কোৰখন লৈ পথাৰলৈ যাবলৈ সাজু হলোঁ। দেৰিকৈ গ’লে লাজো লাগিব। ৰাতিপুৱাৰ হালোৱা জলপান নিয়াৰ আগতেই পালে ভালো লাগে।ন-ভূঁইলৈ অহা হালোৱা-হজুৱাহঁতৰ সৈতে হাঁহি-স্ফূৰ্তিৰে

Read more

পৰুৱা আৰু ওকণিৰ আত্মকথা-শুভ বৰা শইকীয়া

*পৰুৱা —-  হেৰা বিহা ভনী, তুমিনো কি চিন্তাত ইমান মগ্ন হৈ আছা? মাতি থাকোতেও  অকণো গুৰুত্ব দিয়া নাই । কি হ’ল, কিবা নতুন সমস্যাত পৰিছা নেকি?  *ওকণি —- এহ্  নক’বা আৰু ককাই । মনত অলপো শান্তি নোহোৱা হৈছে। তোমাৰ পলম নহয় যদি অলপ ৰ’বা । মোৰ মনত থুপ খাই থকা দুখৰ কথাখিনি তোমাক কৈ মনটোকে অলপ পাতলাই লওঁ। এষাৰ কথা আছে নহয় বোলে…. ‘ক’লেও আয়ে কিল খায়, নক’লেও বোপায়ে চুৱাতে খায়।’ ককাই,তুমিতো জানাই আমি পৰজীৱী প্ৰাণী। মানুহৰ মূৰৰ চুলিত আমি

Read more

ভাগ্যৰ চকৰী-চন্দ্ৰপ্ৰভা বৰুৱা

হঠাৎ বিদ্যালয়ত পুলিচ অফিচাৰ এজন সোমাই আহিল আৰু সোমায়েই প্ৰধান শিক্ষক মণিধৰ বৰুৱা চাৰৰ ভৰিত পৰি সেৱা কৰিলে।বৰুৱা চাৰৰ থৰ-কাছুটি হেৰোৱাৰ উপক্ৰম হ’ল। বিভিন্ন চিন্তাই মনত দোলা দি গ’ল হঠাৎ। “ই কি?কি হৈছে এইবোৰ?তেওঁ নজনা কৈ ক’ৰবাত কিবা ভুল হৈ আহিল নেকি?তেওঁ সপোন দেখা নাইতো!”  নিজকে সংযত কৰি লৈ চাৰে ক’লে, “এয়া কি কৰিছে আপুনি অফিচাৰ? মই একো বুজি পোৱা নাই।মই ক’ৰবাত কিবা ভুল কৰা নাইতো?”  পুলিচ অফিচাৰ জনে চাৰক সাৱটি ধৰি ক’লে, “চাৰ মই হিমাংশু,আপোনাৰ একালৰ ছাত্ৰ।” বৰুৱা চাৰৰ

Read more

অদৃশ্য খিৰিকীৰ সিপাৰে-ববিতা শৰ্মা 

“মন্ত্ৰ সাহিত্য ভাৰতবৰ্ষৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি, লোক সংস্কৃতি।মহেঞ্জোদাৰো, হৰপ্পাৰ দিনৰপৰা আছে মন্ত্ৰ আৰু লোক চিকিৎসা।ভাৰতৰ তথা পৃথিৱীৰ প্ৰথম সাহিত্য বেদত আছে মন্ত্ৰ।অথৰ্ববেদত আছে চিকিৎসা। আজি অসমৰ গাঁৱে-ভূঞে মৃত্যুৰ ক্ষণ গণিছে মন্ত্ৰ সাহিত্যই,আসুৰিক চিকিৎসাই।আজি বাহিৰৰ বিশ্ববিদ্যালয়ে মায়ঙৰ ওপৰত গৱেষণা কৰিছে,পেপাৰ উলিয়াইছে।তেওঁলোকে আমাক উপহাস কৰে আমি হাতত থকা ৰত্ন চিনি নাপাওঁ বুলি।”                                          _অদৃশ্য খিৰিকীৰ সিপাৰে_  ‘মায়ং’।এক মায়াসনা নাম।মৰিগাঁও জিলাৰ লুইতৰ পাৰৰ এই অঞ্চল যাদু-মন্ত্ৰৰ কিংবদন্তিপূৰ্ণ ইতিহাসৰ বাবে বিখ্যাত।মধ্যযুগৰপৰাই এই অঞ্চল প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়।সাহিত্য আলোচক ডিম্বেশ্বৰ

Read more

কুৰ্গ – The Scotland of India-গীতালী চক্ৰৱৰ্তী

আপুনি যদি এজন প্ৰকৃতিপ্ৰেমী আৰু দুঃসাহসিক খেল খেলি ভাল পায়, তেন্তে আপোনাৰ এখন প্ৰিয় ঠাই হ’ব পাৰে “কুৰ্গ”৷ আৰু ইয়াৰ লগতে কুৰ্গীলোকৰ আতিথ্য পৰায়ণতাই আপোনাৰ মন পুলকিত কৰি তুলিব৷ কুৰ্গ বা কদাগু হ’ল কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা আৰু কম জনবসতিপূৰ্ণ ঠাই৷ ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে কুৰ্গক ‘ভাৰতৰ স্কটলেণ্ড’ বুলি অভিহিত কৰা হয়৷  কুৰ্গত প্ৰধানকৈ চাবলগীয়া ঠাইবোৰ হ’ল :- (১) থল কাবেৰী :- ব্ৰক্ষ্মগিৰি পাহাৰৰপৰা কাবেৰী নৈ উৎপত্তি হৈ কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে আৰু এই উৎপত্তি

Read more
1 10 11 12 13 14 62