দৃষ্টি-মানসী শৰ্মা 

সকলো কামতে তাই নিপুণ, তথাপিও জীৱনসংগী কৰাৰ বেলিকা সকলোৱে মুখ ঘূৰায়। দুচকুৰ আন্ধাৰবোৰে লাহে লাহে তাইৰ মনটোও বেৰি ধৰিলে। “মই মৰিলে তাইৰ কোনো লগেই নাথাকিব দেখোন।” “কাইলৈ তুমি প্ৰথম পৃথিৱীৰ সুন্দৰতা দেখিবা মাজনী। তুমি প্ৰথমেই কি চাব বিচাৰিবা।” “মোৰ সাহস, মোৰ প্ৰেৰণা, কেতিয়াও মোক ভাগি পৰিবলৈ নিদিয়া মোৰ দেউতাক।” “দেউতাৰ চকুত কি হ’ল?” “দেউতাৰ দৃষ্টিয়েই তুমি আগতো দেখিছিলা, এতিয়া তুমিয়েই দেউতাৰ দৃষ্টি হ’বা।” *******

Read more

কুঁৱা -কুমকুম শৰ্মাবৰুৱা

প্ৰাচীন কুঁৱাটোৰ এনেয়ে কাম নাইকিয়া হ’ল। ঘৰৰ ওচৰতে টিউবৱেলটো বহুৱাই লোৱাৰ পৰা পানীকণৰ সমস্যাটো যেনিবা সমাধান হ’ল।এতিয়া মদনে বাৰীত শাক-পাচলিৰ খেতিত পানী দিবলৈ সুবিধা হ’ব বুলি কুঁৱাটো পৰিষ্কাৰ কৰাই ল’ব খুজিলে। দুজন হাজিৰা কাম কৰা লোক লগাই জখলা এটাৰে নমাই কাম কৰিবলৈ দিওঁতেই  অঘটনটো আৰম্ভ হ’ল।প্ৰথমতে নামি যোৱাজন উশাহ ল’ব নোৱাৰি ছটফটাবলৈ ধৰিলে।সিজন লৰালৰিকৈ ওপৰলৈ উঠি আহিল কি হৈছে ধৰিব নোৱাৰি।ওপৰৰপৰা তলত থকাজনক চিঞৰিবলৈ ধৰিলে, ‘ওপৰলৈ উঠি আহ বেগেতে,ওপৰলৈ উঠি আহ বেগেতে’ বুলি। কাষৰ ঘৰত থকা ৰজনী মাষ্টৰে কিহৰনো হুলস্থূল

Read more

সংখ্যাটোৰ আঁৰৰ কথা

আজি দুমাহমান আগৰ কথা, এদিন অৰবিন্দ গোস্বামী দাদাই ফোন কৰিলে। মাজে মাজে ‘শব্দচিত্ৰ’ গোটৰ কথা বা ইটো সিটো ঘৰুৱা কথা লৈও কথা পতা হৈ থাকে কিন্তু সিদিনা ফোন কৰিয়েই দাদাই ক’লে,  “ৰাজশ্ৰী, তুমি আমাৰ জুলাই,২০২৪ সংখ্যাৰ আলোচনীখন সম্পাদনা কৰিব লাগিব নহয়!”  মই বোলো দাদা, ক্ষমা কৰক। মোৰদ্বাৰা এই গুৰু দায়িত্ব বহন কৰা সম্ভৱ নহয়েই। গোটতোত সময় দিব নোৱাৰোঁ আজিকালি সাংসাৰিক ব্যস্ততাৰ কাৰণে। কিন্তু তেওঁ অভয়দান দি লেখা বিচাৰি অনা তথা আন আন গোটেই কামবোৰৰ ভাৰ নিজৰ কান্ধলৈ লৈ মোক আগবাঢ়িবলৈ

Read more

বহুদিন বকুলৰ মালা গঁথা নাই -সমুজ্জ্বল কাশ্যপ

                                                       (১) বকুল আৰু মালা।  মথাউৰিটোৰ তললৈ বৃহৎ গছজোপাৰ পিছফালে নীৰৱে বৈ থকা নৈখন সম্মুখত লৈ দুয়োটা বহিছে। নৈৰ পানীৰপৰা ছিটিকি আবেলিৰ বেলিটোৰ ৰাঙলী আভাখিনি তেতিয়া দুয়োৰে গালে মুখে।  মুখত এটাৰো মাত নাই। মালাৰ সোঁহাতখন হাতৰ মাজত আলফুলে সাবটি বকুলে তাইৰ অনামিকা আঙুলিটোত পিন্ধি থকা কণমানি আঙুঠিটো লিৰিকি বিদাৰি আছে। তাৰ বাওঁকান্ধত মূৰটো পেলাই

Read more

তোলনি বিয়াৰ উৎস আৰু ইয়াৰ প্ৰসাৰণ -কমলা দাস

মোৰ আইতাৰ আঠ বছৰ বয়সতে বিয়া হৈছিল। যিটো বয়সত পখিলা খেদি,বালি ভাত ৰান্ধি ৰং-তামাছা কৰি ওমলি ফুৰাৰ সময় আছিল, সেইটো বয়সতে ফুলকুমলীয়া ছোৱালীহঁতক বিয়া নামৰ  বান্ধোনটোত বান্ধি দিয়া হৈছিল।ছোৱালীহঁতে দৰা-কইনা খেলি ওমলাৰ সময়ত নিজেই কইনা হ’বলগীয়া হৈছিল। বিয়া,দৰা-কইনা আদি মানে অকল স্ফূৰ্তি আৰু ভাল ভাল মিঠাই আদি খোৱা বুলি ভবা সময়তে বলিৰ পঠাৰ নিচিনাকৈ সংসাৰৰ বলিশালত অজানিতে তাই নিজৰেই মূৰটো সুমুৱাই দিছিল একো নজনাকৈয়ে। আইতাহঁতৰ দিনত হেনো তেনেকুৱা বয়সত ছোৱালীৰ বিয়া হোৱাটো একেবাৰে সাধাৰণ কথা অৰ্থাৎ সেই সময়ৰ সমাজত প্ৰচলিত

Read more

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা: এক বিপ্লৱী সত্তা-মাতু কুকুৰাচোৱা

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ  জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি। মধ্যযুগৰ অসমৰ স্বৰ্ণসৌধৰ অন্যতম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা গুৰুজনাৰ উত্তৰসূৰী যিসকল বৰেণ্য ব্যক্তিয়ে অসমীয়া সমাজ জীৱনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে, সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা অন্যতম। অসমীয়া ভাষা, সংস্কৃতি, নৃত্য-গীত, অভিনয় সকলো দিশতে ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য। তেওঁ হালোৱা-বনুৱা, সমাজৰ নিষ্পেষিত সাধাৰণ জনতাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি অক্লান্তভাৱে পৰিশ্ৰম কৰিছিল। অসমৰ সংস্কৃতি, অসমৰ জনতাক মনে-প্ৰাণে ভালপোৱা এইজনা বিপ্লৱী বীৰে বিশ্বাস কৰিছিল যে সাহিত্য-সংস্কৃতি হৈছে এটা জাতিৰ মেৰুদণ্ডৰ সদৃশ,

Read more

প্ৰণতিৰ চিঠি-সমুজ্জ্বল কাশ্যপ

প্ৰণতি, মৰম লʼবা। বিয়াৰ দিন তেনেই ওচৰ চাপিল। বিয়াৰ আগত এইখন লিখি কিনো ক’বলৈ ওলাইছো বুলি ভাবিছা ছাগে, নহয়নে?  আচলতে কেইটামান কথা আছিল, কেনেদৰে আৰম্ভ কৰোঁ ভাবিহে পোৱা নাই। এইসময়ত এইবোৰ কিমান উচিত হ’ব সেয়াও নাজানো, কিন্তু বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ আগতে দুটামান কথা তোমাক জনোৱা মোৰ কৰ্তব্য বুলি ভাবিছোঁ।  বাৰু, এটা সাধু কওঁ শুনা –  কেইবছৰমান আগৰ কথা।   সেইদিনা বতৰটো ডাৱৰীয়া। গৰুহাল এৰি দি ঘনকান্ত ডেকাই নাঙলটো লৈ পথাৰৰপৰা ঘৰলৈ আহি আছিল। তেনেতে পথাৰৰ দাঁতিত আধাখোলা অৱস্থাত

Read more

পনীয়া সোণ-কুমকুম শৰ্মাবৰুৱা

দুলিয়াজান দুলিয়াজান                       তেলৰ নগৰী, আশে-পাশে আছে বহু              পনীয়া সোণৰ খনি। ১৮৬৬ চনতে জানা               মিষ্টাৰ গুডেনাফে , জয়পুৰৰ নাহৰপুঙত              প্ৰথমে তেল খান্দে। ডিগবৈত প্ৰথমতে                বৃটিছ চাহাবে, হাতীৰ খোজতে তেল                বিৰিঙা দেখে। চতুৰ চাহাবে কয়             ” ডিগ্ বয় ডিগ্ বয়, সোণ আছে তলতে             দেখা নাই তই।” ১৮৯৯ চনত হয়              আছাম অইল কোম্পানী, ভাৰততে নাম থয়              প্ৰথমে তেল খান্দি। খনিজ তেলৰ পৰা              কি কি হয় বাৰু, মমবাতি,কেৰাচিন             পেট্ৰ’ল,ডিজেল আৰু? তেলৰ লগতে পাওঁ               প্ৰাকৃতিক গেছ, ব্যৱহাৰ কৰোঁ আমি                  বুলি ৰন্ধন

Read more

সাক্ষাৎকাৰ

(লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, সাহিত্যসেৱী, সমাজকৰ্মী শ্ৰদ্ধেয়া দীপাঞ্জলী দত্ত বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ।’শব্দচিত্ৰ_জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ‘শব্দচিত্ৰ’ গ্ৰুপৰ সদস্য মহেশ দাসে) মহেশ: নমস্কাৰ বাইদেউ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰ পৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশাকৰোঁ আপুনি সহায় কৰিব। দীপাঞ্জলি দত্ত: নমস্কাৰ।প্ৰথমেই মই ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোৰ সাক্ষাৎকাৰ এটি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।ইয়াৰ লগতে কষ্ট কৰি আপুনি মোৰ ওচৰলৈ অহা বাবে আপোনালৈও আন্তৰিক ধন্যবাদ জনালোঁ।

Read more

অব্যক্ত-দেৱজিত শৰ্মা

বসন্তৰ গীত গোৱা চৰাইজনীক  বহু কথা ক’বলৈ ৰৈ গ’ল! ঋতু সলনিৰ কোনোবা সময় এটাত তাইক চকামকাকৈ দেখিছিলোঁ,  সোঁৱৰণীৰ ষ্টেচন এটাত ৰৈ আছিল  দিশৰ বিপৰীতে৷ কথাবোৰ সজাই ল’ব  নজনা বাবেই মুক হৈ থাকোঁ কোলাহলৰ সমদলত৷  জোনবাইটো কাঁহী এখনৰ দৰে গোল হোৱাৰ ৰাতি, শাওণৰ চিপচিপয়া সন্ধিয়াতো, শুকান দিনৰ জীৱনী হৈ থাকোঁ৷ কোনো সুৰুঙা নথকা একাকীত্বৰ ঋতুবোৰত চৰাইজনীয়ে শান্তি(?) ভাঙি গীত গোৱাৰপৰা, কঠিন মাটি ফালি কবিতা এটা গুণগুণাই ধমনীৰে উজাই অহাৰপৰা আলাপৰ বদ অভ্যাস এটা গঢ়ি উঠিছিল, বৰ বেয়াকৈ৷ যেন এক নিচা,নিজক পাহৰি

Read more
1 11 12 13 14 15 62