লিমাৰিক -হৰিচন্দ্ৰ ডেকা

তপামূৰীয়া বৰুৱাই জুৰি লৈ হাল ৰ’দৰ পোৰণিত লগাই তালফাল থকা হ’লে জাপী এটা  সূৰ্য্য বেটা কোন কূটা চহাই পেলালেহেঁতেন গোটেইগাল ৷   ৰাতিপুৱাই কালুৱে সিঁচি এটা খাৱৈ ভৰদুপৰীয়া  পালে মাত্ৰ এটা কাৱৈ জুই একুৰা লৈ ধৰি  মাছটো খালে সি পুৰি কালুৰ খক দেখি টিঙিৰিতুলা তাৱৈ ৷   খলিলে দোকানত নাৰাখে বেজী-সূতা ৰাতি কিনিবলৈ গ’লে লাগে তাৰ মূতা বেজী সূতা বেচি হেনো ধনী হোৱা নাই কোনো সিবোৰৰ সলনি ৰাখে  চিলিম দুটা ৷   ধূতি  পিন্ধি স্কুটী চলায় গাঁওবুঢ়াই পোন্ধ যে চুঁচৰি

Read more

চেনেহী-হেমন্ত নাথ

দিখৌ নদীয়েদি উজাই আহিম মই আকাশ হৈ আৰু পূৱৰ বতাহজাকক সুধি উলিয়াম তোমাৰ ঠিকনাটি।   অ’ মোৰ চেনেহীজনী ফুল হৈ ফুলিম তোমাৰ তাঁতৰ পাটত পখিলা হৈ পৰিমগৈ তোমাৰ বকুল দুগালত, আঁচুৰি আঁচুৰি কাজল হ’ম তোমাৰ দুচকুত। আস, প্ৰেমৰো যে কত কিমান বলিয়া কল্পনা।।   তোমাৰ গাঁৱৰ সৰিয়হতলীৰ হালধীয়া হৈ তোমাক দিম ফাগুনৰ হালধীয়া ৰংবোৰ। বসন্তৰ সেউজীয়া হৈ তোমাৰ ঘিলা খোপাত গুজি দিম প্ৰেমৰ সুবাসত ফুলা সুগন্ধি কপৌপাহি।।   তোমাৰ সঁহাৰিৰ বাবে বলিয়া মই তোমাৰ এটি মিচিকিয়া হাঁহিৰ মাজতে যেন লুকাই

Read more

অনৈচ্ছিক-ববিতা শৰ্মা 

: Mr. Baruah please put your signature on this consent form. মাধুৰ্য বৰুৱাই ছিষ্টাৰগৰাকীৰ মুখলৈ চালে।ভাৱলেশহীন এখন মুখ। অতি ফৰ্মেল। মানুহৰ আৱেগ-অনুভূতি, দুখ-কষ্টই চুব নোৱাৰা। পেছাই তেওঁলোকক কঠোৰ হ’বলৈ হয়তো বাধ্য কৰাইছে। জীৱন-মৰণৰ খেলা দেখি দেখি তেওঁলোক অভ্যস্ত হৈ পৰিছে।গতিকে মাধুৰ্য বৰুৱাৰ বুকুত বলি থকা ধুমুহাজাকৰ খবৰ তেওঁৰ নাই। তেওঁলোকৰ বাবে এইবোৰ সাধাৰণ ঘটনা। কিন্তু মাধুৰ্য বৰুৱাৰ বাবে…। আজি তিনিদিনেই হ’ল  চকুৰ টিপ এটা নমৰাকৈ মাধুৰ্য বৰুৱাই আই চি ইউৰ বাহিৰৰ চকীখনত বহি সময় পাৰ কৰা। আই চি ইউৰ ভিতৰৰ

Read more

আমাৰ  খাদ্যত  আমাৰ  স্বাস্থ্য-ড০ মৃদুস্মিতা ফুকন

খাদ্যৰ প্ৰতি মানুহৰ যি প্ৰেম আন কোনো প্ৰেমেই তাতোতকৈ আন্তৰিক হ’ব নোৱাৰে – বাৰ্ণাৰ্ড শ্ব’ চিকিৎসা  বিজ্ঞানৰ পিতৃস্বৰূপ হিপ’ক্ৰেটিছে প্ৰায় ২৫০০ বছৰৰ আগেয়ে কৈছিল – ‘আপোনাৰ খাদ্যই আপোনাৰ ঔষধ হ’ব(Let food be thy medicine)।’ আকৌ সংস্কৃততো এষাৰ কথা আছে – “যস্য দেশস্য যো মৰ্ত্তস্তস্য এজোষধ্যং হিতং।” অৰ্থাৎ যি দেশৰ যি প্ৰাণী, সেই দেশৰ বনজ দ্ৰব্যহে সেই প্ৰাণীৰ বাবে বেছি হিতকৰ। মানুহে ঘৰ আৰু সমাজ পাতি বাস কৰাৰ আগতে অঘৰী জীৱন-যাপন কৰাৰ সময়ত গছৰ ফল-মূল, জীৱ-জন্তুৰ মঙহ আদিৰে কেঁচা আহাৰহে গ্ৰহণ

Read more

জীৱনৰ শুদ্ধ মাৰ্গ দৰ্শনত অন্তৰাত্মাৰ ভূমিকা-বিজয়া শৰ্মা

অন্তৰাত্মা হৈছে-বিবেক আৰু আমাৰ চেতনা শক্তি।   অন্তৰাত্মাই আমাক সদায় মাৰ্গ দৰ্শন কৰি আহিছে। আমি জীৱনত কিমান শুদ্ধ বা কিমান ভুল কৰিছোঁ সেয়া মাত্ৰ আমাৰ ভিতৰত থকা দুটা শক্তিয়ে গম পায়  অন্তৰাত্মা আৰু পৰমাত্মা। অন্তৰাত্মা(conscience) হৈছে  আমাৰ শৰীৰৰ এনে এক সত্বা যি আমাক সদায় সঠিক পথত চলিবলৈ দিক্ দৰ্শন কৰি আহিছে।যেতিয়া আমি কিবা বেয়া কাম কৰোঁ আমাৰ মনটো বৰ বেয়া লাগি থাকে।  তেতিয়া আমাৰ  ভিতৰৰপৰা কোনোবাই যেন সকীয়াই থাকে, “যি কৰিছা ঠিক হোৱা নাই”।সেয়াই হৈছে অন্তৰাত্মা। যেতিয়া আমি অন্তৰাত্মাৰ আহ্বান

Read more

নিসঙ্গতা জীৱনৰ-মামণি কলিতা

পৰিয়ালৰ সকলো বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে বৰবৰাণী আজিকালি প্ৰায়ে অকলশৰেই থাকে । অৱশ্যে পৰিয়ালৰ লোকসকলে মাজে-সময়ে লগত অ’লৈ-ত’লৈ নিয়ে যদিও তেওঁহে যাবলৈ মন নকৰে। কাৰণ তেওঁৰ বয়সৰ লোকসকল নাপালে বেছিভাগ সময়েই আৰ-তাৰ মুখলৈ চাই আমন-জিমনকৈ বহি থাকিবলগীয়া হয়। কোনোৱে ভাল-বেয়া দুই-এষাৰ নোসোধা নহয় বাৰু কিন্তু তাৰ পাছত তেওঁ পুৰণি কথা উলিওৱাৰ লগে লগে তেওঁলোকে কিবা এটা অজুহাত দেখুৱাই আঁতৰি যায়। আচলতে বৰবৰাণীৰ ওচৰত নতুন কথা নায়েই, কাৰণ এতিয়াৰ সময় তেওঁৰ বাবে দুৰ্বোধ্য। বেছিভাগেই আন্তৰিকতাবিহীন সম্পৰ্ক। সেয়ে বাৰীৰ গছ-গছনি,

Read more

জীৱন সংগী-পূৰ্ণিমা শইকীয়া গগৈ

: আপুনি আজিৰে পৰা ইটো কোঠাতে শুব। অলকাৰ কথাত কোনো প্ৰতিবাদ নকৰি ৰাজেন আনটো কোঠাত শুবলৈ গ’ল।  পিছদিনা অলকাই আলনাদালত তেওঁৰ কাপোৰখিনি থ’লেহি। আবেলি অফিচৰপৰা আহি দেখিলে যে তেওঁৰ প্ৰ‌য়োজনীয় সকলো বস্তুৱেই কোঠাত আছে।ছটা কোঠাৰ ঘৰটোত এটা শোৱা কোঠা, এটা আলহীৰ কোঠা,ল’ৰা ছোৱালীৰ বাবে দুকোঠা, বহা আৰু খোৱা কোঠা একেলগে আছে।‌কাষতে ৰান্ধনী ঘৰটো। প্ৰতিটো কোঠাৰ সৈতে সংলগ্ন হৈ আছে বাথৰূম। ঘৰটো সাজোঁতে অলকাই নিজৰ পছন্দ মতে কামবোৰ কৰাইছিল। ৰাজেনে মাত্ৰ টকাহে দিছিল।ল’ৰা-ছোৱালী দুটা সৰু হৈ থাকোঁতে মাক দেউতাকৰ লগতে একেটা

Read more

ভাইৰাছ! ভাইৰাছ !!-মৃদুস্মিতা ফুকন

কেনে মাটি খাইলি অ’ৰে গোপাল৷ কোবাই আজি তোৰ ফাৰিবো ছাল৷৷……. শুনিয়া কৃষ্ণৰ হৰিল মাত৷ চক্ষু টেৰ কৰি মাৱক চান্ত৷’’……. আইতাকৰ মুখত কৃষ্ণৰ শিশু-লীলাৰ এনেবোৰ গীত-মাত শুনি শুনিয়েই আইমনি ডাঙৰ হৈছে৷ সেইদৰে, কোনো কোনো কাহিনীত শুনিছে, লৱনু চুৰ কৰি খাওঁতে ধৰা পৰাত সাৰিবৰ আন কোনো উপায় নেদেখি নানান ফাঁকি কথা কোৱাৰ কাহিনী৷ কৃষ্ণ যেন নাকটো মোহাৰিয়েই বুদ্ধিটো উলিওৱা এটি সাধাৰণ শিশুহে! কৃষ্ণ অৰ্থাৎ কানায়েও সিহঁতৰ দৰেই মাকক ভয় কৰা, মাকৰ মাৰ খোৱা – কানাইৰ প্ৰতি তাইৰ মনত ক’ব নোৱৰাকৈয়ে সখ্য ভাৱ,

Read more

শাহুৰ সংসাৰ,মূলঃ জান্নাতুল আক্ততাৰ মুন্নি,অনুবাদ-বিজয়া শৰ্মা

মই দক্ষিণ অঞ্চলৰ ছোৱালী।বিয়া হৈ যেতিয়া ওলোটা পথ ধৰি উত্তৰাঞ্চললৈ যাওঁ তেতিয়া মোৰ বয়স বিশ বছৰ। দেউতাৰ এজন  সহকৰ্মীৰ পুত্ৰৰ লগত  মোৰ বিয়া হয়। মোৰ স্বামী ৰিফাতৰ দেউতাকৰ যেতিয়া মৃত্যু হৈছিল ৰিফাত তেতিয়া প্ৰাথমিক স্কুলৰ ছাত্র আছিল।গতিকে  ল’ৰাৰ মুখলৈ  চাই শাহুৱেও দ্বিতীয়বাৰ বিয়াত নবহিল।ৰিফাতৰ কোনো ভাই-ভনী নাই।শাহুয়ে অকলেই ৰিফাতক মানুহ কৰিছে। মোৰ দেউতাই ভাবি চাই দেখিলে যে- একমাত্ৰ ল’ৰা, ননদ-দেৱৰৰ সমস্যা নাই।কেৱল মাত্ৰ মাৰ বয়সৰ শাহু। তাতে আমাৰ শাহু সাহসী, দৃঢ় মহিলা।দেউতাৰ তাতেই ভৰসা পাইছিল নিজৰ বিশ বছৰীয়া ছোৱালীক ইমান

Read more

নদী আৰু সমুদ্ৰ,মূলঃ চন্দন চৌধুৰী: অনুবাদ-মামণি কলিতা

এদিন সমুদ্ৰ আৰু নদীয়ে কথা পাতিছিল। সমুদ্ৰ‌ই ক’লে…… “বন্ধু তোমাৰ ফালে চালে মোৰ বৰ দুখ লাগে। আমি দুয়োজনেই পানী।অথচ তুমি ইমান সৰু।অতি ক্ষুদ্ৰ। আৰু মোক চোৱা , মই কিমান বিশাল। অতিশয় বিশাল। নদীয়ে ক’লে….. “তোমাৰ ফালে চালে মোৰো বৰ দুখ লাগে বন্ধু।” এই কথা শুনি সমুদ্ৰ একেবাৰে আচৰিত হৈ পৰিল। মনে মনে ভাবিলে “কি কথা কয় এই  ক্ষুদ্ৰ নদীয়ে”। নদীয়ে ক’লে……. “ইমান বিশাল জলধাৰ তুমি! অতি বিশাল। কিন্তু তোমাৰ পানী কোনেও অকণমানো খাব নোৱাৰে আৰু মোক চোৱা, ইমান ক্ষুদ্ৰ মই।

Read more
1 12 13 14 15 16 62