ৰোমন্থন-কুশল মহন্ত

পোৱা -নোপোৱাৰ দোমোজাত সোণালী সূৰুজ ক’তনো হেৰায় , এলাগী সময়ৰ, ৰঙীন জীৱন। এতিয়া মাথোঁ , এপিয়লা চাহ, চামনি ধৰা দুচকুৰ, নিসংগ এটি বিমূৰ্ত সন্ধিয়া,  আৰু গভীৰ আন্ধাৰত  হৃদয়ৰ কলেৱৰ ভেদি  ওলাই অহা এটি হুমুনিয়াহ। *******

Read more

আপোন হাত জগন্নাথ-অৰবিন্দ গোস্বামী

এখন ঘৰত এটা মুৰ্গী গঁড়ালত এটা মুৰ্গী পোৱালীৰ জন্ম হৈছিল। মাক-বাপেকে মৰমতে তাৰ নাম ৰাখিলে ঘিটিং।মাক-দেউতাকৰ তত্বাৱধানত সি লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। তাৰ বাই-ভনী,ককাই ভাই এগালমানো তাৰ লগতে জন্ম হৈছিল যদিও জন্মৰ পিছতে আটাইকেইটা বেমাৰ হৈ মৰি থাকিল। একমাত্ৰ ঘিটিংহে বাচিল।মাক-দেউতাকে তাক বৰ মৰমেৰে ডাঙৰ কৰিবলৈ ধৰিলে। ঘিটিঙে যি বিচাৰে মাক-দেউতাকে তাক সেইটোকে আনি দিয়ে। সেই কাৰণে ঘিটিং লাহে লাহে এলেহুৱা হ’বলৈ ধৰিলে। সি অলপ ডাঙৰ হোৱাত এদিন মাকে তাক ক’লে…… : শুন ঘিটিং। তই এতিয়া কামবোৰ অলপ নিজে

Read more

ভোট চিলি-প্ৰদীপ বৰা

কি বস্তু এইটো?পঢ়ুৱৈসকল নিশ্চয় আচৰিত হৈছে। আচৰিত হ’বৰে কথা।আমেৰিকাৰ এগৰাকী সুন্দৰীক যদি আপুনি ভোট জলকীয়াক প্ৰসাধনৰ সামগ্ৰী হিচাবে উপহাৰ দিয়ে তেন্তে আপুনি কি বুলি তাইক বুজাব? তাইতো অসমীয়া নুবুজে! চিলি বুলি ক’লে হয়তো জলকীয়া বুলি বুজিব কিন্তু প্ৰেমানন্দইতো ভোট জলকীয়াৰ ইংৰাজী  নাজানে! গতিকে অৰ্ধ শতকৰ জপনাৰ কাষত অৰ্ধাংগিনী হিচাবে মনোনয়ন দিবলৈ মনোযোগ দিয়া বিদেশিনী জয়শ্ৰী স্মৃথক প্ৰেমানন্দই ভোট জলকীয়াৰে নিৰ্মিত অদ্ভুত প্ৰসাধনৰ সামগ্ৰীবিধৰ কথা ভোট চিলি বুলিয়েই হোৱাটচএপৰ জৰিয়তে প্ৰকাশ কৰিলে।কিন্তু জয়শ্ৰীয়ে বুজা নাই। : হোৱাট ইজ ভোট চিলি? তাকো

Read more

শিশু(ছাত্ৰ-ছাত্ৰী), শিক্ষক আৰু অভিভাৱকক — এটি আলোকপাত:-চিত্ৰলেখা দেৱী

আজিকালিৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ লগত অভিভাৱকো সমানে জড়িত।এটি শিশুৰ বাবে ঘৰখনেই হৈছে প্ৰথম পঢ়াশালি। বিদ্যালয়লৈ যোৱাৰ আগৰ সময়ছোৱা শিশুটিয়ে মাক- দেউতাক তথা পৰিয়ালৰ আন আন আপোনসকলৰ লগত ডাঙৰ হোৱাৰ সুযোগ লাভ কৰে। পৰিয়ালৰ আন লোকসকলে যেনেদৰে আচৰণ কৰে শিশুটিয়েও তেনেদৰে আচৰণ কৰিবলৈ শিকে। কিয়নো, শিশু সদায় অনুকৰণপ্ৰিয় – পোহনীয়া ভাটৌ চৰাইৰ নিচিনা। চাৰিওফালে যেনে ধৰণৰ পৰিৱেশ দেখা পায়, শিশুটিয়ে তাৰ লগতে মিলি যাবলৈ চেষ্টা কৰে। এইখিনিতে “ৰজা আৰু ভাটৌ চৰাই”ৰ সাধুটো উনুকিয়াব পাৰি। ব্যাধৰ ঘৰৰ অসুস্থ পৰিৱেশত পালিত

Read more

ভৈৰৱী-ঋতুপৰ্ণা দত্ত

অজগৰডালক কিংবদন্তিয়ে চুই যোৱা নাছিল। নাছিল তাৰ ভিতৰত ৰূপহ কোঁৱৰ। তাইৰ শৰীৰটোকে নহয় মনটোকো গিলি ধৰিব খুজিছিল সি। ৰূপকথাৰ চৰিত্ৰবোৰ ভেদি অহা বৰ টান। যিটো কৰোঁতে খহি আহিল তাইৰ মঙহৰ এফাল। আনফাল সাৱটি তাই নিজান বাটটোত খোজ দিলে। সেইদিনা জোনাক আছিল। *******

Read more

মই দুৰাচাৰ কেৱলে তোমাৰ-নয়নমণি হালৈ

চতিমা গাঁৱৰ মহেন্দ্ৰ পাঠক এজন সন্মান থকা মানুহ৷ মানে কথাটো এনে নহয় যে গাঁৱৰ আন মানুহবোৰ মান-সন্মান, একো নথকা ধদুৱা মানুহ। কিন্তু মহেন্দ্ৰ পাঠকৰ এইটো বদ্ধমূল ধাৰণা যে তেওঁৰ সমান মান-সন্মান, যশ-খ্যাতি থকা মানুহ এইখন গাঁও কিয়, ওচৰ-পাঁজৰৰ দহখন গাঁৱতো নাই৷ খেতি-খোলা, গোহালিৰ গৰু, পুখুৰীৰ মাছ আদিৰে প্ৰভু ভগৱন্তই তেওঁক এটা স্বচ্ছল সমৃদ্ধিৰ জীৱন উপহাৰ দিয়া বাবে তেওঁ ঈশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ৷ সেয়ে চোতালৰ আগৰ গোসাঁই ঘৰটো তেওঁ বৰ দেখনিয়াৰকৈ পকীবেৰ আৰু বগা টাইলচেৰে সজাইছে৷ ৰাতিপুৱা শোৱাপাটী এৰি গাটো জোবোৰা

Read more

জেমছ্ মহাকাশ টেলিস্কোপেৰে নীৰিক্ষণ শনিৰ অদ্ভুত উপগ্ৰহ টাইটান-পংকজ বৰুৱা

গৱেষকসকলে নাছাৰ জেমছ্ ৱেব মহাকাশ টেলিস্কোপ (JWST) ব্যৱহাৰ কৰি ৪ নৱেম্বৰ,২০২২ চনত শনিৰ উপগ্ৰহ টাইটানৰ নতুন ছবি তোলে। নতুন ছবিসমূহত জটিল উপগ্ৰহটোৰ উত্তৰ গোলাৰ্ধত ঋতুভিত্তিক ডাৱৰ দেখা পায়, যিয়ে গৱেষকৰ আগৰ ভৱিষ্যদ্বাণীক নিশ্চিত কৰে। নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ (JWST)ত শনি গ্ৰহৰ সৰ্ববৃহৎ উপগ্ৰহ টাইটানৰ নতুন ছবি বন্দী কৰিছে।এই দৃশ্যসমূহে কেৱল মিথেন সাগৰ ক্ৰেকেন মেৰে আৰু বেলেটৰ ক’লা বালিৰ টিলাৰ দৰে পৃষ্ঠৰ বৈশিষ্ট্যসমূহ উজ্জ্বল কৰি তোলাই নহয়, ইয়াৰপৰা টাইটানৰ উত্তৰ গোলাৰ্ধৰ কিছু অংশ আৱৰি থকা দুটা বৃহৎ ডাৱৰৰ থুপো উন্মোচিত

Read more

নৱপ্ৰভাত-নয়নমণি শইকীয়া

নৱ জীৱনৰ শুভ ক্ষণত দুহাতত হাত থৈ দুভৰিৰে খোজ দিয়া সপোনৰ আলিবাটটো।   মাহ হালধিৰ কেঁচা গোন্ধ দুহাতৰ জেতুকাৰ বোল চিৰযুগমীয়া হৈ বলক প্ৰেমৰ যাউতিযুগীয়া পছোৱা।  মোৰ দুচকুৰ কাজল জোনবাইৰ দেশৰ এখন মোহনীয়া আলোকিত চিত্ৰ হৈ জিলিকি ৰওক তোমাৰ দুচকুত।।  অটুট বান্ধোনত সাৰথি হওক সাত জনমৰ হোমৰ শিখা, দুয়োৰে বুকুত সযতনে জ্বলি ৰওঁক এগছি বিশ্বাসৰ চাকি।। *******

Read more

গান্ধাৰী-গীতামণি দত্ত

গৌৰৱৰ আজি জন্মদিন । তাৰ কথা মতে মাক নিৰ্মলাই বৰ ধুম-ধামেৰে জন্মদিনৰ আয়োজন কৰিছে।গৌৰৱে নিজৰ বন্ধু-বান্ধৱীৰ লগত চহৰৰ বাহিৰৰ ৰিজ’ৰ্ট এখনলৈ ওলাই গৈছে।মাকৰপৰা খুজি টকা পাঁচ হাজাৰ হাতত লৈ গৈছে।পইচা দিয়া কথাটো গৌৰৱৰ দেউতাকে গম নাপায়।পুতেকে বেয়া পাই বুলি নিৰ্মলাই মনে মনে দিছে। “বাবা তোক টকা পাঁচ হাজাৰ মই দেউতাই ক’ব নোৱাৰাকৈ দিছো,সাৱধানে যাবি,মটৰ চাইকেল ভালকৈ চলাবি।ল,সোনকালে ঘৰলৈ ওভতিবি দেই।নহ’লে দেউতাই কি কৰিব ঠিক নাই।মই সদায় সদায় তোৰ হৈ মিছা মাতিব নোৱাৰো।” মাকৰ কথালৈ গুৰুত্ব নিদি গৌৰৱে নতুনকৈ লোৱা মটৰ

Read more
1 13 14 15 16 17 62